প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ শ্বট পুট (F57) প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে শুভম জুৱেলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 AUG 2026 12:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শুভম জুৱেলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে শুভম জুৱেলৰ শক্তিশালী কৌশল আৰু খেলবিধৰ প্ৰতি থকা উৎসৰ্গিত মনোভাৱৰ ভূয়সী প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই কৃতিত্বই তেওঁক অধিক সাফল্যৰ দিশে আগুৱাই লৈ যাব। তেওঁ শুভমৰ ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাৰ বাবে আন্তৰিক শুভকামনা জনায়।

প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখে:

“কমনৱেলথ গেমছৰ পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শুভম জুৱেলক লৈ মই অত্যন্ত গৌৰৱবোধ কৰিছোঁ। খেলখনৰ প্ৰতি তেওঁৰ শক্তিশালী কৌশল আৰু নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয়। এই সাফল্যই যেন তেওঁৰ আগন্তুক প্ৰচেষ্টাসমূহক অধিক সফলতাৰ দিশে আগুৱাই লৈ যায়, তাকে কামনা কৰিলোঁ।”

.

#CWG2026”


 

************


MJPS/SS/ST/DB


(रिलीज़ आईडी: 2293371) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Telugu , Kannada , Malayalam