প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৬ চনৰ কমনৱেলথ গেমছত পুৰুষৰ জেভেলিনত ৰূপৰ পদক লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাকঅভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
01 AUG 2026 8:48AM by PIB Guwahati
গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ জেভেলিন ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে নীৰজ চোপ্ৰাই পুনৰবাৰ উল্লেখযোগ্য ধাৰাবাহিকতা, স্থিৰতা আৰু মনোভাৱ প্ৰদৰ্শন কৰিছে।
শ্ৰী মোদীয়ে কয় যে নীৰজ চোপ্ৰাৰ এই কৃতিত্বই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে আৰু তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
“গ্লাছগোত অনুষ্ঠিত পুৰুষৰ জেভেলিন ইভেণ্টত নীৰজ চোপ্ৰাই অসাধাৰণ প্ৰদৰ্শনৰে ৰূপৰ পদক লাভ কৰিছে!
তেওঁ পুনৰবাৰ সামঞ্জস্য, স্থিৰতা আৰু উদ্যম প্ৰদৰ্শন কৰিছে। তেওঁৰ সফলতাই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে। আগন্তুক দিনৰ প্ৰচেষ্টাৰ বাবে তেওঁলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
#CWG2026
@Neeraj_chopra1”
****
MJPS/SS/ST/DM
(रिलीज़ आईडी: 2292884)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu