কেবিনেট
সংশোধিত খেলো ইণ্ডিয়া আঁচনি আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন (এএনএছএফ)লৈ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
31 JUL 2026 4:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২৬-২৭ চনৰ পৰা ২০৩০-৩১ চনলৈকে ৩৬,৪৪১ কোটি টকাৰ মুঠ ব্যয়ৰে সম্প্ৰসাৰিত খেলো ইণ্ডিয়া আঁচনিত অনুমোদন জনাইছে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহলৈ (এএনএছএফ) সাহায্য সমৰ্থন বৃদ্ধি কৰিছে। ইয়াৰ দ্বাৰা যুৱ বিকাশ আৰু দেশ গঠনৰ বাবে ক্ৰীড়াৰ শক্তিক ব্যৱহাৰ কৰাৰ চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰা হৈছে।
অনুমোদিত ব্যয় পূৰ্বৰ খেলো ভাৰত আঁচনিৰ তুলনাত প্ৰায় আঠগুণ অধিক, যি ক্ৰীড়াক যুৱ বিকাশ, ৰাষ্ট্ৰ নিৰ্মাণ আৰু ভাৰতৰ বিশ্বজোৰা ক্ৰীড়া মহাশক্তি হিচাপে উত্থানৰ মূল শিলাস্তম্ভ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
এয়া হৈছে স্বাধীনতাৰ পিছত দেশৰ এই ক্ৰীড়া বিকাশৰ আটাইতকৈ অভিলাষী কাৰ্যসূচী। ক্ৰীড়াৰ প্ৰতি দেশৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা যথেষ্ট বৃদ্ধি পাইছে আৰু আগন্তুক দশকত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱ পৰিব।
বিদ্যালয়ৰ খেলপথাৰ আৰু গ্ৰামাঞ্চলৰ ক্ৰীড়াক্ষেত্ৰৰ পৰা অলিম্পিক প’ডিয়ামলৈকে প্ৰতিগৰাতী প্ৰতিভাৱান ভাৰতীয় যুৱকৰ বাবে এক নিৰৱচ্ছিন্ন পথ সৃষ্টিৰ বাবে সংশোধিত আঁচনিখন ৰচনা কৰা হৈছে। ভূগোল, অৰ্থনৈতিক পটভূমি, বা সুযোগৰ অভাৱৰ বাবে যাতে কোনো ক্ৰীড়া প্ৰতিভাক উপেক্ষা কৰা নহয় তাৰ বাবে ই চেষ্টা কৰে।
খেলো ইণ্ডিয়া নীতি ২০২৫ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই আঁচনিখনে ক্ৰীড়াক শিক্ষা, ফিটনেছ, প্ৰযুক্তি আৰু অভিজাত প্ৰদৰ্শন প্ৰশিক্ষণৰ সৈতে একত্ৰিত কৰি ভাৰতৰ দীৰ্ঘম্যাদী ক্ৰীড়া উচ্চাকাংক্ষাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে, য’ত দেশখনে ২০৩০ চনৰ কমনৱেলথ গেমছ আৰু অলিম্পিক আৰু পেৰালিম্পিক গেমছ আয়োজন কৰাৰ দাবীকে ধৰি ভাৰতৰ দীৰ্ঘম্যাদী ক্ৰীড়া উচ্চাকাংক্ষাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।
প্ৰতিগৰাকী প্ৰতিভাৱান যুৱক খেলুৱৈয়ে লাভ কৰিব উৎকৃষ্টতাৰ পথ :
প্ৰথমবাৰৰ বাবে প্ৰতিভা চিনাক্তকৰণ আৰু বৈজ্ঞানিক প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা তথা অলিম্পিক প্ৰস্তুতিলৈকে প্ৰতিটো পৰ্যায়তে যুৱ খেলুৱৈসকলক সহায় কৰিবলৈ এক ব্যাপক খেলুৱৈ বিকাশৰ পথ সৃষ্টি কৰা হৈছে।
এই আঁচনিখনে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ (এনচিঅ’ই), খেলো ইণ্ডিয়া উৎকৃষ্টতা কেন্দ্ৰ (কেআইচিঅ’ই), ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ প্ৰশিক্ষণ কেন্দ্ৰ (এছটিচি), খেলো ইণ্ডিয়া স্বীকৃতিপ্ৰাপ্ত একাডেমী (কেআইএএ), খেলো ইণ্ডিয়া কেন্দ্ৰ (কেআইচি), আৰু সশস্ত্ৰ বাহিনীৰ যুৱ ক্ৰীড়া কোম্পানী (ৱাইএছচি)কে ধৰি এক সংহত দেশজোৰা ক্ৰীড়া পৰিৱেশ তন্ত্ৰ স্থাপন কৰে। এই প্ৰতিষ্ঠানসমূহে একেলগে সমগ্ৰ দেশতে বিশ্বমানৰ প্ৰশিক্ষক, ক্ৰীড়া বিজ্ঞানৰ সহায় আৰু আধুনিক আন্তঃগাঁথনি প্ৰদান কৰিব।
বিদ্যালয়ৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ বাবে চৰকাৰে দুটা নতুন পদক্ষেপ আৰম্ভ কৰিছে– খেলো ইণ্ডিয়া ফিডাৰ স্কুল (কে আই এফ এছ) আৰু খেলো ইণ্ডিয়া উত্তৰ বিদ্যালয় (কে আই ইউ ভি), যিয়ে ক্ৰীড়াক মূলসুঁতিৰ শিক্ষাৰ সৈতে একত্ৰিত কৰি প্ৰতিভাৱান শিশুসকলক আগতীয়াকৈ চিনাক্তকৰণ আৰু পদ্ধতিগতভাৱে লালন-পালন কৰিবলৈ সক্ষম কৰিব।
ভাৰতৰ এথলীট প্ৰায় দহগুণ সম্প্ৰসাৰণ ঃ
এই আঁচনিৰ অধীনত এটা ডাঙৰ সংস্কাৰ হৈছে বৰ্তমানৰ খেলো ইণ্ডিয়া এথলীট কাৰ্যসূচীৰ সমান্তৰালভাৱে ইমাৰ্জিং খেলো ইণ্ডিয়া এথলীট (ই-কেআইএ) শিতান সৃষ্টি কৰা হৈছে। ইয়াৰ ফলত গাঁথনিগত খেলুৱৈ বিকাশৰ পৰিৱেশ তন্ত্ৰ প্ৰায় দহগুণ সম্প্ৰসাৰিত হ’ব, যাৰ ফলত হাজাৰ হাজাৰ অতিৰিক্ত যুৱ খেলুৱৈক পেছাদাৰী প্ৰশিক্ষণ, বৈজ্ঞানিক সমৰ্থন আৰু দীৰ্ঘম্যাদী মেণ্টৰশ্বিপৰ অধীনলৈ অনা হ’ব।
প্ৰতিভা চিনাক্তকৰণ উন্নয়ন সমিতি, আঞ্চলিক সমিতি, প্ৰতিভা স্কাউট, উচ্চ প্ৰদৰ্শন সঞ্চালক আৰু উচ্চ প্ৰদৰ্শন পৰিচালকক সামৰি লোৱা এটা শক্তিশালী দেশজোৰা প্ৰতিভা চিনাক্তকৰণ কাঠামোৱে সমগ্ৰ দেশতে আশাব্যঞ্জক খেলুৱৈসকলৰ নিৰন্তৰ চিনাক্তকৰণ, অনুসৰণ আৰু বিকাশ নিশ্চিত কৰিব।
এই আঁচনিখনে তৃণমূল পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা খেলো ইণ্ডিয়া আৰু তাৰ পিছত টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি (TOPS)লৈকে এক স্পষ্ট অগ্ৰগতিৰ পথও স্থাপন কৰে, যাৰ ফলত প্ৰাপ্য খেলুৱৈসকলে বিশ্বমানৰ প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা, আৰু সৰ্বোচ্চ পৰ্যায়ত পদকৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ব্যাপক সহায় লাভ কৰিব পাৰে।
অধিক প্ৰতিযোগিতা, অধিক সুযোগ :
ক্ৰীড়াৰ উৎকৰ্ষতা নিয়মীয়া প্ৰতিযোগিতাৰ ওপৰত নিৰ্ভৰশীল বুলি স্বীকাৰ কৰি সংশোধিত আঁচনিখনে ভাৰতৰ ঘৰুৱা প্ৰতিযোগিতাৰ পৰিৱেশ তন্ত্ৰক যথেষ্ট শক্তিশালী কৰি তুলিছে। ই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপসমূহৰ লগতে স্কুল, বিশ্ববিদ্যালয়, আঞ্চলিক, আৰু ক্ৰীড়া-নিৰ্দিষ্ট লীগসমূহক সমৰ্থন কৰে, যাতে যুৱ খেলুৱৈসকলক ধাৰাবাহিক প্ৰতিযোগিতামূলক পৰিচয় প্ৰদান কৰে।
শান্তি, অন্তৰ্ভুক্তি আৰু সম্প্ৰদায়ৰ উন্নয়নৰ আহিলা হিচাপে মহিলা খেলুৱৈ, পেৰা-এথলীট, থলুৱা ক্ৰীড়া, আৰু ক্ৰীড়াৰ বাবে সুযোগ সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এই আঁচনিখনে ভাৰতত ৰাষ্ট্ৰীয় খেলৰ আয়োজন আৰু বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ বাবেও সহায় আগবঢ়ায়।
এখন সুস্থ আৰু সুস্বাস্থ্য ভাৰত গঢ়ি তোলা :
বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ফিট ইণ্ডিয়া আন্দোলনক দেশজোৰা আন্দোলন হিচাপে ফিটনেছক প্ৰসাৰিত কৰাৰ বাবে যথেষ্ট সম্প্ৰসাৰণ কৰা হ’ব। অভিযানে সক্ৰিয় জীৱনশৈলী, ক্ৰীড়াত মহিলাৰ অংশগ্ৰহণ, সীমান্ত আৰু দুৰ্গম অঞ্চললৈ প্ৰচাৰ, আৰু দ্ৰব্য সেৱনৰ বিৰুদ্ধে ক্ৰীড়া ভিত্তিক পদক্ষেপক উৎসাহিত কৰিব, ক্ৰীড়াক সামাজিক পৰিৱৰ্তনৰ বাহন হিচাপে শক্তিশালী কৰিব।
প্ৰশিক্ষক, প্ৰযুক্তি আৰু উদ্ভাৱনত বিনিয়োগ :
খেলুৱৈসকলে বিশ্বমানৰ সহায়ক ব্যৱস্থাৰ দ্বাৰাহে উৎকৃষ্টতা লাভ কৰিব পাৰে বুলি স্বীকাৰ কৰি চৰকাৰে প্ৰশিক্ষকৰ অৰ্হতাক মানকৰণ, পেছাদাৰী মানদণ্ড উন্নত কৰা আৰু সমগ্ৰ দেশতে প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ সামৰ্থ্য শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষক স্বীকৃতি ব’ৰ্ড (এনচিএবি) গঠন কৰিব।
এই পৰিকল্পনাই খেলুৱৈৰ ডাটাবেছ, আন্তঃগাঁথনি, প্ৰতিযোগিতা, প্ৰশিক্ষক সম্পদ, প্ৰতিভাৰ মূল্যায়ন, পুঁজি আৰু ফিট ইণ্ডিয়া অংশীদাৰিত্বক একত্ৰিত কৰি এক সংহত ডিজিটেল ক্ৰীড়া মঞ্চৰো কল্পনা কৰিছে। এই প্লেটফৰ্মে তথ্য-চালিত পৰিকল্পনা, স্বচ্ছ শাসন, আৰু ব্যক্তিগত খেলুৱৈৰ বিকাশ সক্ষম কৰিব।
ক্ৰীড়া উৎকৃষ্টতাৰ বাবে শক্তিশালী অংশীদাৰিত্ব :
চৰকাৰে ব্যক্তিগত একাডেমী, কৰ্পৰেট অংশীদাৰ, আৰু অন্যান্য প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা গভীৰ কৰি ক্ৰীড়া আন্তঃগাঁথনি, প্ৰতিভা বিকাশ, আৰু খেলুৱৈ সমৰ্থনৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ লাভ উঠাব, যাৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা অংশীদাৰিত্বৰ দ্বাৰা পৰিচালিত এক প্ৰকৃত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হ’ব।
ভাৰতৰ বিশ্বজোৰা ক্ৰীড়া উচ্চাকাংক্ষাক সহায় কৰা :
সংশোধিত খেলো ইণ্ডিয়া আঁচনিৰ পৰিপূৰক হিচাপে চৰকাৰে ২০২৬-৩১ চনৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন (এএনএছএফ)ৰ বাবে অধিক সুশৃংখলিত সহায়ক আঁচনিও অনুমোদন জনাইছে। এই আঁচনিখনে ভাৰতীয় খেলুৱৈ আৰু দলসমূহক প্ৰশিক্ষক, ক্ৰীড়া বিজ্ঞান, আধুনিক সঁজুলি, আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ, প্ৰশিক্ষক শিবিৰ, বিদেশী বিশেষজ্ঞৰ জড়িততা, আৰু ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পুঁজিৰ জৰিয়তে সহায় কৰিব। ইয়াৰ উপৰিও ই গ্ল’বেল চাউথৰ দেশসমূহৰ সৈতে ক্ৰীড়া সহযোগিতাৰ সমৰ্থন কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ থলুৱা ক্ৰীড়াক প্ৰচাৰ কৰিব।
এখন বিকশিত ভাৰতৰ বাবে এটা ৰাষ্ট্ৰীয় অভিযান ঃ
সংশোধিত খেলো ইণ্ডিয়া আঁচনিখনে ভাৰতৰ ক্ৰীড়া ভৱিষ্যতত এতিয়ালৈকে কৰা অন্যতম বৃহৎ বিনিয়োগক প্ৰতিনিধিত্ব কৰে। ক্ৰীড়া কাৰ্যসূচীতকৈও অধিক, ই ভাৰতীয় যুৱক-যুৱতীসকলক সুযোগ, আত্মবিশ্বাস আৰু উৎকৃষ্টতাৰে সৱলীকৰণৰ এক ৰাষ্ট্ৰীয় অভিযান।
তৃণমূল পৰ্যায়ৰ প্ৰতিভাৰ পৰা গোলকীয় ক্ৰীড়া সফলতালৈ এক নিৰৱচ্ছিন্ন পথ সৃষ্টি কৰি এই আঁচনিৰ লক্ষ্য হৈছে চেম্পিয়নসকলক লালন-পালন কৰা, ফিটনেছৰ সংস্কৃতিক অনুপ্ৰাণিত কৰা, ভাৰতৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰক শক্তিশালী কৰা আৰু বিকশিত ভাৰত@২০৪৭ৰ দৃষ্টিভংগীৰ দিশত আগবাঢ়ি যোৱাৰ সময়ত দেশখনক বিশ্বৰ আগশাৰীৰ ক্ৰীড়া ৰাষ্ট্ৰসমূহৰ ভিতৰত প্ৰতিষ্ঠা কৰা।
****
MJPS/KD
(रिलीज़ आईडी: 2292581)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam