নৌ-পৰিবহন মন্ত্ৰালয়
থলুৱা কণ্টেইনাৰ নিৰ্মাণ
प्रविष्टि तिथि:
31 JUL 2026 3:39PM by PIB Guwahati
এটা গোলকীয় শ্বিপিং লাইনে এটা ভাৰতীয় কণ্টেইনাৰ নিৰ্মাতাক শ্বিপিং কণ্টেইনাৰৰ বাবে অৰ্ডাৰ দিছিল। থলুৱাভাৱে উৎপাদিত প্ৰটোটাইপ কণ্টেইনাৰটো উত্তৰ প্ৰদেশৰ দাদৰীত ০৩.০৭.২০২৬ত উন্মোচন কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰমাণীকৰণ সংস্থা (আই এছ অ’) নিৰ্দিষ্ট বিৱৰণ আৰু সুৰক্ষিত কণ্টেইনাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মিলন (চি এছ চি)সহ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত মান আৰু সুৰক্ষা মান অনুসৰি শ্বিপিং কণ্টেইনাৰসমূহ উৎপাদন কৰা হয়।
বাজেট ভাষণত চৰকাৰে দেশত গোলকীয় প্ৰতিযোগিতামূলক কণ্টেইনাৰ নিৰ্মাণ পৰিবেশতন্ত্ৰ সৃষ্টি কৰাৰ লক্ষ্যৰে ১০,০০০ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে ভাৰতত কণ্টেইনাৰ নিৰ্মাণৰ বাবে এখন আঁচনি ঘোষণা কৰিছে।
২০২৬ চনৰ কেন্দ্ৰীয় বাজেটে পৰৱৰ্তী পাঁচ বছৰত ১৯ টা নতুন ৰাষ্ট্ৰীয় জলপথ কাৰ্য্যকৰী কৰাৰ পৰিকল্পনা ঘোষণা কৰে, যি মুঠ ১১১ টা ঘোষিত জলপথৰ নেটৱৰ্কৰ ভিতৰত ৩২ টা ৰাষ্ট্ৰীয় জলপথৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে সামগ্ৰী/যাত্ৰীৰ চলাচলৰ বাবে কাৰ্যকৰী হৈছে।
চৰকাৰে থলুৱা জাহাজ নিৰ্মাণ ক্ষমতা, সামুদ্ৰিক বিত্তীয় যোগান, শ্বিপয়াৰ্ড উন্নয়ন, দক্ষতা বৃদ্ধি আৰু সংস্কাৰ শক্তিশালী কৰাৰ বাবে ৬৯,৭২৫ কোটি টকাৰ পেকেজত অনুমোদন জনাইছে। পেকেজৰ মূল উপাদানসমূহ হ’লঃ
জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনি (এছ বি এফ এ এছ), জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য নীতি (এছ বি এফ এ পি)ৰ সম্প্ৰসাৰণ, য’ত ভাৰতীয় শ্বিপয়াৰ্ডৰ ব্যয়ৰ সমস্যাৰ সৈতে যুঁজ দিবলৈ ২৪,৭৩৬ কোটি টকা ব্যয় কৰা হৈছে।
জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক খণ্ডক দীৰ্ঘম্যাদী বিত্তীয় সাহায্য প্ৰদানৰ বাবে ২০,০০০ কোটি টকাৰ সামুদ্ৰিক বিনিয়োগ পুঁজি (এম আই এফ) আৰু ৫,০০০ কোটি টকাৰ সুতৰ উৎসাহমূলক পুঁজি (আই আই এফ)ৰে গঠিত সামুদ্ৰিক উন্নয়ন পুঁজি (এম ডি এফ)ৰ মূলধন ২৫,০০০ কোটি টকা।
গ্ৰীনফিল্ড শ্বিপবিল্ডিং ক্লাষ্টাৰ স্থাপন আৰু বৰ্তমানৰ শ্বিপয়াৰ্ডসমূহৰ ক্ষমতা সম্প্ৰসাৰণৰ জৰিয়তে ভাৰতীয় জাহাজ নিৰ্মাণ উৎপাদন ক্ষমতা সম্প্ৰসাৰণৰ বাবে ১৯,৯৮৯ কোটি টকা ব্যয়ৰ সৈতে জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি (এছ বি ডি এছ)।
তদুপৰি জাহাজ নিৰ্মাণ উদ্যোগত ৬.৪ গুণ অধিক সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত এই আঁচনিসমূহৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগকে ধৰি প্ৰায় ২.২ নিযুত চাকৰি সৃষ্টিৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
***
MI/Indu/NB
(रिलीज़ आईडी: 2292472)
आगंतुक पटल : 8