কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ 'আই আই চি এ' শ্বিলঙৰ উদ্যোগত আয়োজিত কৰ্পোৰেট মিত্ৰ আঁচনি সজাগতা সম্পৰ্কীয় ৱেবিনাৰত অভূতপূৰ্ব অংশগ্ৰহণ মিজোৰামৰ যুৱক-যুৱতী আৰু উদ্যোগসমূহৰ

प्रविष्टि तिथि: 29 JUL 2026 3:49PM by PIB Guwahati

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পোৰেট এফেয়াৰ্ছ' (আইআইচিএ), শ্বিলঙৰ উদ্যোগত মিজোৰামৰ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী, এমএছএমই, পেছাদাৰী আৰু উদ্যোগসমূহৰ মাজত কৰ্পোৰেট মিত্ৰ আঁচনি সম্পৰ্কে সজাগতা আৰু সংবেদনশীলতা বৃদ্ধিৰ বাবে ২৭ জুলাই, ২০২৬ত সফলতাৰে এখন ৱেবিনাৰ অনুষ্ঠিত কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চলোৱা আঁচনিৰ সজাগতা অভিযানৰ অংশ হিচাপে মিজোৰামৰ বাবে এই ৱেবিনাৰখন আয়োজন কৰা হৈছিল। মিজোৰামৰ আইজলস্থিত মিজোৰাম বিশ্ববিদ্যালয়ে ৰাজ্যখনত এই কাৰ্যসূচীৰ ব্যাপক সম্প্ৰসাৰণ আৰু অংশগ্ৰহণকাৰীসকলক একত্ৰিত কৰাত সহায় কৰে। অনুষ্ঠানত 'ইনষ্টিটিউট অৱ কষ্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া' (আইচিএমএআই)-এ "মুখ্য সহ-আয়োজক" হিচাপে আৰু 'ইনষ্টিটিউট অৱ কোম্পানী ছেক্ৰেটাৰীজ অৱ ইণ্ডিয়া' (আইচিএছআই) তথা 'ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া' (আইচিএআই)-এ "সহযোগী সহ-আয়োজক" হিচাপে সমৰ্থন আগবঢ়ায়।

প্ৰধানকৈ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ এমএছএমইসমূহক সবলীকৰণ কৰি 'বিকশিত ভাৰত @ ২০৪৭'ৰ বৃহৎ লক্ষ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰাকৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় বাজেট ২০২৬-২৭ ত 'কৰ্পোৰেট মিত্ৰ আঁচনি' ঘোষণা কৰা হৈছিল।

এই পদক্ষেপে এমএছএমই খণ্ডৰ বাবে এক শক্তিশালী সহায়ক পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ দৃষ্টিভংগী প্ৰতিফলিত কৰে। ইয়াৰ অধীনত "কৰ্পোৰেট মিত্ৰ" নামৰ অৰ্হতাসম্পন্ন, স্বীকৃত আৰু বিশ্বাসযোগ্য অৰ্ধ-পেছাদাৰীৰ এটা দল প্ৰস্তুত কৰা হ'ব। উদ্যোগৰ উপযোগী জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে নৱপ্ৰজন্মৰ স্নাতকসকলক সজ্জিত কৰি তুলি ব্যৱসায়িক সহায়ক অৰ্ধ-পেছাদাৰীৰ এক ব্যৱস্থা গঢ়ি তোলাটোৱেই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য, যাতে তেওঁলোকে সূক্ষ্ম, ক্ষুদ্ৰ আৰু মাঝারি উদ্যোগসমূহক সূলভ, সাধ্যৰ ভিতৰত আৰু গুণগত নিয়মানুৱৰ্তিতা তথা ব্যৱসায়িক সহায়ক সেৱা প্ৰদান কৰিব পাৰে।

স্বীকৃত কৰ্পোৰেট মিত্ৰসকলে স্থানীয় উদ্যোগসমূহক তেওঁলোকৰ ব্যৱসায়িক পৰিচালনাৰ অ-মূলগত দিশসমূহ, যেনে—নিয়ন্ত্ৰণমূলক, নিয়মানুৱৰ্তিতা, বিত্তীয়, কৰ, একাউণ্টিং আৰু প্ৰশাসন সংক্ৰান্তীয় প্ৰয়োজনসমূহত পেছাদাৰী সাহায্য প্ৰদান কৰিব। ইয়াৰ ফলত এমএছএমই সমূহে কোনো অসুবিধা নোহোৱাকৈ আইনী নিয়মসমূহ পালন কৰাৰ লগতে আৱিষ্কাৰ, প্ৰসাৰ আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰিব।

উত্তৰ-পূৰ্বাঞ্চলত এই আঁচনিৰ শুভাৰম্ভ আৰু ৰূপায়ণৰ বাবে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পোৰেট এফেয়াৰ্ছ' শ্বিলঙক নোডেল এজেন্সী হিচাপে মনোনীত কৰা হৈছে। এই সংস্থাই ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ (বিশ্ববিদ্যালয়/সংস্থা/উদ্যোগ খণ্ড/প্ৰতিষ্ঠান আদি) সৈতে সমন্নয় আৰু যোগাযোগ ৰক্ষা কৰি আঁচনিখনৰ প্ৰচাৰ আৰু সজাগতা বৃদ্ধি কৰিব।

'কৰ্পোৰেট মিত্ৰ' পাঠ্যক্ৰমৰ বাবে পঞ্জীয়ন ১৫ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু ৩১ জুলাই, ২০২৬লৈকে উপলব্ধ থাকিব (পঞ্জীয়নৰ লিংক: https://swayamplus.education.gov.in/courses/corporate-mitra)।

ৱেবিনাৰখনৰ আৰম্ভণিতে আইআইচিএ শ্বিলঙৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে 'কৰ্পোৰেট মিত্ৰ আঁচনি'ৰ মনোনীত নোডেল বিষয়া শ্ৰী দেৱাৰুণ কলিতাই আদৰণি ভাষণ প্ৰদান কৰে আৰু কাৰ্যসূচীৰ পটভূমি দাঙি ধৰে। শ্ৰী কলিতাই ভাষণৰ আৰম্ভণিতে কৰ্পোৰেট মিত্ৰ ধাৰণাটো বিকশিত কৰাৰ ক্ষেত্ৰত কৌশলগত নিৰ্দেশনা প্ৰদান কৰা কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবগৰাকীৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তদুপৰি, 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পোৰেট এফেয়াৰ্ছ'ৰ সঞ্চালক প্ৰধান শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিং, যাৰ নেতৃত্বত কৰ্পোৰেট মিত্ৰ আঁচনিৰ ধাৰণা, গঠন আৰু চূড়ান্ত ৰূপ দিয়া হৈছিল, তেওঁৰ প্ৰতিও আন্তৰিক শ্ৰদ্ধা জনায়।

শ্ৰী কলিতাই আঁচনিখনৰ ৰূপায়ণ কৌশল আৰু কাৰ্যকৰী কৰাৰ পৰিকল্পনা চম্ভালিবলৈ নিৰীক্ষণ কৰা কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী ৰাহুল জৈনকো ধন্যবাদ জ্ঞাপন কৰে।

বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰী কলিতাই তেওঁৰ ভাষণত স্থানীয় কৰ্পোৰেট মিত্ৰসকলৰ জৰিয়তে এমএছএমইসমূহক শক্তিশালী কৰাৰ উদ্দেশ্যৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাৰ্থীসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবৰ বাবে অঞ্চলটোৰ বাবে বিশেষভাৱে ২০০খন আসন সংৰক্ষিত ৰখাৰ লগতে মাচুলত ৫০% ৰেহাই দিয়াৰ কথা উল্লেখ কৰে। শ্ৰী কলিতাই জানিবলৈ দিয়ে যে এই পদক্ষেপটো প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূৰ্বাঞ্চলক "ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন" হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ আৰু তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, বিশেষকৈ মিজোৰামত আঁচনিখনৰ সফল ৰূপায়ণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

'ইনষ্টিটিউট অৱ কষ্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া'ৰ উপ-সভাপতি চিএমএ মনোজ কুমাৰ আনন্দে অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ নেতৃত্ব দিয়াত মিজোৰামৰ যি সম্ভাৱনা আছে, সেই বিষয়ে আলোকপাত কৰে।

আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি, ব্যৱস্থাপনা আৰু তথ্য বিজ্ঞান চমুকৈ 'ছেমিছ'ৰ ডীন অধ্যাপক ভানলালছৱনাই তেওঁৰ বিশেষজ্ঞ ভাষণত এই পদক্ষেপটোক উষ্ম আদৰণি জনায় আৰু ইয়াক মিজোৰামৰ অৰ্থনীতিৰ বাবে এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰে।

ৱেবিনাৰত এটা কাৰিকৰী সত্ৰও অন্তৰ্ভুক্ত আছিল, য’ত কাৰ্যসূচীৰ মুখ্য সহ-আয়োজক আইচিএমএআইৰ বিষয় বিশেষজ্ঞসকলে আঁচনিখনৰ উদ্দেশ্য, ৰূপায়ণৰ কাঠামো আৰু মূল দক্ষতাসমূহৰ ওপৰত এক বিস্তৃত উপস্থাপন আগবঢ়ায়।

ৱেবিনাৰখনত মিজোৰামৰ প্ৰধান ৰাজ্যিক/কেন্দ্ৰীয় বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান, মহাবিদ্যালয়ৰ ৬৫০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰী, উদ্যোগী, সম্ভাৱ্য পেছাদাৰী আৰু অন্যান্য অংশীদাৰসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। মত-বিনিময় পৰ্বই কৰ্পোৰেট মিত্ৰ আঁচনি আৰু উত্তৰ-পূৰ্বাঞ্চলত পেছাদাৰী ক্ষমতা আৰু কৰ্পোৰেট শাসন শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ প্ৰতি যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰে।

 

*****

SR/ONP/DB


(रिलीज़ आईडी: 2291412) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil