কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতী আৰু উদ্যোগৰ বাবে আই আই চি এ শ্বিলঙে সফলতাৰে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ‘কৰ্পোৰেট মিত্ৰ আঁচনি’ সজাগতা ৱেবিনাৰৰ আয়োজন কৰে

प्रविष्टि तिथि: 26 JUL 2026 10:49PM by PIB Guwahati

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পোৰেট এফেয়াৰছ (আই আই চি এ), শ্বিলঙে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতী, শিক্ষাৰ্থী, এম এছ এম ই, পেছাদাৰী আৰু উদ্যোগসমূহৰ মাজত কৰ্পোৰেট মিত্ৰ আঁচনিৰ সজাগতা আৰু সংবেদনশীলতাৰ বাবে এক ৱেবিনাৰৰ সফলতাৰে আয়োজন কৰে।

উত্তৰ-পূব অঞ্চলৰ বাবে কৰ্পোৰেট মিত্ৰ আঁচনি সজাগতা অভিযানৰ অংশ হিচাপে, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (আৰজিইউ)-অৰুণাচল প্ৰদেশৰ সহযোগিতাত আৰু দ্যা ইনষ্টিটিউট অৱ কষ্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএমএআই)-ৰ সমৰ্থনত-মুখ্য সহ-আয়োজক হিচাপে তথা ইনষ্টিটিউট অৱ কোম্পানী চেক্ৰেটেৰিজ অৱ ইণ্ডিয়া (আইচিএছআই), ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএআই)-সমৰ্থনত সহ-আয়োজক হিচাপে এই ৱেবিনাৰ অনুষ্ঠিত কৰা হৈছিল।

এই আঁচনিখনৰ লক্ষ্য হৈছে এমএছএমইসমূহক, বিশেষকৈ তৃতীয় আৰু দ্বিতীয় পৰ্যায়ৰ চহৰসমূহত, ২০৪৭ চনৰ বিকশিত ভাৰতৰ বৃহত্তৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা পালন কৰাত সহায় কৰি শক্তিশালী কৰা। এই আঁচনিখনে এমএছএমইৰ বাবে এক শক্তিশালী সমৰ্থন পৰিৱেশতন্ত্ৰ সৃষ্টি কৰি এক আনুষ্ঠানিক, বিত্তীয়ভাৱে বহনক্ষম আৰু এক সমৃদ্ধিশালী এমএছএমই খণ্ডৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে, যাৰ জৰিয়তে যোগ্য, স্বীকৃতিপ্ৰাপ্ত আৰু বিশ্বাসী সহায়ক কৰ্মচাৰীসকলক ‘কৰ্পোৰেট মিত্ৰ’ ৰ পুললৈ প্ৰৱেশাধিকাৰ সহজ কৰি তোলা হয়।

কৰ্পোৰেট মিত্ৰসকলে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক (এমএছএমই) সুলভ আৰু উন্নত মানৰ অনুপালন তথা ব্যৱসায়িক সমৰ্থন সেৱা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে, আনহাতে যুৱ স্নাতকসকলক উদ্যোগ-প্ৰাসংগিক জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে সজ্জিত কৰি প্ৰশিক্ষিত সহায়ক কৰ্মচাৰীসকলকৰ এক পুল সৃষ্টি কৰা হৈছে। এই উদ্যোগটোৱে এমএছএমই পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিব আৰু বিশেষকৈ সমগ্ৰ উত্তৰ-পূব অঞ্চলত নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। স্বীকৃতিপ্ৰাপ্ত কৰ্পোৰেট মিত্ৰসকলে স্থানীয় উদ্যোগসমূহক তেওঁলোকৰ ব্যৱসায়িক কাৰ্য্যকলাপৰ অ-প্ৰধান দিশসমূহ যেনে নিয়ামক, অনুপালন, বিত্তীয়, কৰ, একাউণ্টিং আৰু প্ৰশাসন-সম্পৰ্কীয় প্ৰয়োজনীয়তাৰ বাবে সুলভ আৰু পেছাদাৰী সহায় প্ৰদান কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত এমএছএমইসমূহে নিয়ামক প্ৰয়োজনীয়তা সহজে পূৰণ কৰাৰ লগতে উদ্ভাৱন, সম্প্ৰসাৰণ আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব পাৰে।

সমগ্ৰ ভাৰতত ২০০০  জন অংশগ্ৰহণকাৰীৰ প্ৰাৰম্ভিক লক্ষ্যৰে আঁচনিখন ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে, যাৰ ভিতৰত ২০০ জন কেৱল উত্তৰ-পূব অঞ্চলৰ (এনইআৰ), য'ত এনইআৰৰ প্ৰাৰ্থীসকলৰ বাবে ৫০ শতাংশ মাচুল ৰেহাই দিয়া হৈছে।

উত্তৰ-পূব অঞ্চলৰ বাবে আঁচনিৰ ৰূপায়ণৰ বাবে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পোৰেট এফেয়াৰছ (আই আই চি এ) শ্বিলঙক ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ (বিশ্ববিদ্যালয়/সংস্থা/উদ্যোগ সংস্থা/প্ৰতিষ্ঠান আদি) সৈতে সমন্বয় তথা যোগাযোগৰ বাবে নডেল সংস্থা হিচাপে মনোনীত কৰা হৈছে), আঁচনিখনৰ প্ৰচাৰ আৰু সজাগতাৰ বাবে।

'কৰ্পোৰেট মিত্ৰ' পাঠ্যক্ৰমৰ বাবে পঞ্জীয়ন ২০২৬ চনৰ ১৫ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ যোগ্য শিক্ষাৰ্থীসকলৰ দ্বাৰা পঞ্জীয়নৰ বাবে আৰম্ভ কৰা হৈছে আৰু ২০২৬ চনৰ ৩১ জুলাইলৈকে লাইভ হ'ব (পঞ্জীয়ন লিংকঃ https://swayamplus.education.gov.in/courses/corporate-mitra)।

আই আই চি এ শ্বিলঙৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’ এছ ডি) দেবাৰুণ কলিতাই উত্তৰ-পূবৰ কৰ্পোৰেট মিত্ৰ আঁচনিৰ বাবে নডেল বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। শ্ৰী কলিতাই আৰম্ভণিতে ভাৰতীয় কৰ্প’ৰেট পৰিক্ৰমা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিঙৰ দূৰদৰ্শী নেতৃত্ব আৰু নিৰ্দেশনাৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁৰ  তত্বাৱধানতে কৰ্পোৰেট মিত্ৰ পাঠ্যক্ৰমৰ মূল ধাৰণাটো বিকশিত কৰা হৈছিল আৰু গঠনমূলক আকৃতি দিয়া হৈছিল।

ইয়াৰ উপৰি তেওঁ পাছত এমএছএমইসমূহে ব্যৱসায়িক বিকাশ, স্কেল-আপ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অন্তৰ্নিহিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ, বিশেষকৈ উত্তৰ-পূবৰ পৰা, নিয়ন্ত্ৰক আৰু সচিবালয়ৰ অনুপালনাৰ বোজা, সুলভ ব্যৱসায়িক পৰামৰ্শ/সমৰ্থন পেছাদাৰীৰ অভাৱ তথা ইজ অৱ ডুয়িং বিজনেছ (ইঅ’ডিবি) ৰ দিশত পৰিৱৰ্তনমূলক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে উন্নয়নৰ প্ৰসংগ আৰু কৰ্পোৰেট মিত্ৰ ধাৰণাৰ ধাৰণাটো শ্বেয়াৰ কৰে।

দ্য ইনষ্টিটিউট অৱ কষ্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএমএআই)ৰ অধ্যক্ষ, চিএমএ শ্ৰী চিত্তৰঞ্জন চট্টোপাধ্যায়ে  মূল ভাষণ প্ৰদান কৰি এমএছএমইসমূহক সমৰ্থন কৰিবলৈ এক দক্ষ পেছাদাৰী কৰ্মশক্তি গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু ভাৰতৰ বিকশিত ভাৰত @2047 ৰ দৃষ্টিভংগীলৈ সমৰ্থন জনোৱাৰ উদ্দেশ্যে ৱেবিনাৰখনত অংশগ্ৰহণ কৰে।

দ্য ইনষ্টিটিউট অৱ কষ্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএমএআই)ৰ উপাধ্যক্ষ, চিএমএ মনোজ কুমাৰ আনন্দেও এক বিশেষ ভাষণ প্ৰদান কৰে, যিয়ে অংশগ্ৰহণকাৰীসকলক যুৱ/শিক্ষাৰ্থী আৰু এমএছএমই উভয়ৰে বাবে কৰ্পোৰেট মিত্ৰ আঁচনিখনৰ অধীনত এক সুবিধাজনক তথা সমৰ্থনকাৰী পৰিৱেশ-প্ৰণালীৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে।

অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ৰাম চন্দ্ৰ পৰিদাই এক বিশেষ ভাষণ প্ৰদান কৰে, যিয়ে সহযোগিতামূলক পদক্ষেপৰ প্ৰশংসা কৰে আৰু কৰ্পোৰেট মিত্ৰ আঁচনিৰ অধীনত আগবঢ়োৱা সুযোগসমূহ অন্বেষণ কৰিবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে।

কাৰিকৰী অধিৱেশনত আঁচনিখনৰ উদ্দেশ্য, ৰূপায়ণৰ পৰিকাঠামো আৰু মূল দক্ষতাৰ ওপৰত দ্য ইনষ্টিটিউট অৱ কস্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএমএআই)ৰ পঞ্জীয়নভুক্ত মূল্য সংগঠনৰ পৰিচালন সঞ্চালক চিএমএ (ড০) এছ কে গুপ্তাই ইয়াৰ পাছত অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্নবোৰ সম্বোধন কৰি এক আকৰ্ষণীয় মত বিনিময়মূলক অধিৱেশন অনুষ্ঠিত কৰে।

ৱেবিনাৰখনত সমগ্ৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা ১৫০ জনৰো অধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু উচ্চাকাংক্ষী পেছাদাৰীয়ে উসাহেৰে অংশগ্ৰহণ কৰে

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়, সঞ্চালক প্ৰধান, আই আই চি এ-ৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ আৰু সকলো গণ্যমান্য ব্যক্তি, অংশীদাৰ প্ৰতিষ্ঠান, অংশগ্ৰহণকাৰী আৰু আই আই চি এ শ্বিলং, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, দ্যা ইনষ্টিটিউট অৱ কস্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আই চি এম এ আই), সমন্বয় সমিতি, কৰ্পোৰেট মিত্ৰ আঁচনিৰ আয়োজক দলসমূহক ৱেবিনাৰখন সফলভাৱে পৰিচালনা কৰাৰ বাবে আৰু তেওঁলোকৰ বহুমূলীয়া অৱদানৰ বাবে প্ৰশংসা কৰি এক আনুষ্ঠানিক শলাগৰ শৰাইৰ সৈতে কাৰ্যসূচীৰ সামৰণি পৰে।

 

*****

SR/ONP/MK


(रिलीज़ आईडी: 2289880) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी