পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
মহানদী উপকূলীয় বেছিনত প্ৰথমটো মূল্যায়ণ কুঁৱা, এমএন-ডিডব্লিউএন১৮-১-এইচডিৰ খনন কাৰ্য্যৰ শুভাৰম্ভ
প্ৰতিটো মিটাৰৰ খননে আমাক আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা আৰু ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰাৰ দিশত আগবঢ়াই লৈ যায়ঃ হৰদীপ সিং পুৰী
प्रविष्टि तिथि:
25 JUL 2026 1:26PM by PIB Guwahati
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে আজি মহানদী উপকূলীয় বেছিনত প্ৰথমটো মূল্যায়ণ কুঁৱা, এমএন-ডিডব্লিউএন১৮-১-এইচডিৰ খনন কাৰ্য্যৰ শুভাৰম্ভ কৰে। ইয়াক "ভাৰতৰ শক্তি সুৰক্ষাৰ যাত্ৰাত এক নতুন অধ্যায়ৰ আৰম্ভণি" বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই খনন কাৰ্য্যৰ আৰম্ভণিয়ে ভাৰতৰ অন্বেষণ আৰু উৎপাদন খণ্ডক ৰূপান্তৰিত কৰা এক দশক জোৰা দৃষ্টিভংগীপূৰ্ণ সংস্কাৰৰ ফলাফলকে প্ৰতিফলিত কৰিছে।
আজি মহানদী উপকূলীয় বেছিনত খনন আৰম্ভ কৰা এমএন-ডিডব্লিউএন১৮-১-এইচডি মূল্যায়ণ কুঁৱাটো হ’ল পৰিকল্পিত চাৰিটা গভীৰ সাগৰীয় কুঁৱাৰ ভিতৰত প্ৰথমে, যিয়ে ভাৰতৰ অন্যতম সম্ভাৱনাময় উপকূলীয় বেছিনৰ পদ্ধতিগত মূল্যায়ন কৰিব। এই খনন কাৰ্যসূচীত নতুন হাইড্ৰ’কাৰ্বন সম্পদৰ সম্ভাৱনা মুকলি কৰিবলৈ আৰু ভাৰতৰ ঘৰুৱা উৎপাদন ক্ষমতা শক্তিশালী কৰিবলৈ বিশ্বমানৰ গভীৰ সাগৰীয় খনন প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব।
মন্ত্ৰীগৰাকীয়ে কয় যে বিগত এক দশকত চৰকাৰে যুগান্তকাৰী নীতি আৰু নিয়ন্ত্ৰণমূলক সংস্কাৰৰ মাধ্যমেৰে অন্বেষণ আৰু উৎপাদন ব্যৱস্থাক মৌলিকভাৱে ৰূপান্তৰিত কৰিছে।
তেওঁ হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু অনুজ্ঞাপত্ৰ নীতিৰ প্ৰৱৰ্তন, নামাংকন ভিত্তিক ব্যৱস্থাৰ পৰিৱৰ্তে মুকলি এলেকা অনুজ্ঞাপত্ৰ কাৰ্যসূচী(অ’এএলপি) গ্ৰহণ, এক স্বচ্ছ ৰাজহ ভাগ-বাটোৱাৰা কাঠামাক আঁকোৱালি লোৱা আৰু অন্বেষণৰ বাবে পূৰ্বৰ উপকূলীয় "অনাঅন্বেষিত" এলেকাসমূহৰ প্ৰায় ৯৯শতাংশ মুকলি কৰি দিয়াৰ কথা আঙুলিয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ পিছত ভাৰতৰ সক্ৰিয় অন্বেষণ এলেকাৰ প্ৰায় ৮১% আবণ্টন দিয়া হৈছে, যিয়ে বিনিয়োগকাৰী আৰু অন্বেষণকাৰী উভয়ৰে মাজত এই সংস্কাৰসমূহে গঢ়ি তোলা আত্মবিশ্বাসক প্ৰতিফলিত কৰে।
বৈজ্ঞানিক অন্বেষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে 'মিছন অন্বেষণ', 'ৰাষ্ট্ৰীয় ভূমিকম্পীয় কাৰ্যসূচী', 'সম্প্ৰসাৰিত মহাদেশীয় স্বজৰীপ', 'ৰাষ্ট্ৰীয় ডাটা ৰিপ’জিটৰী' আৰু 'হাইড্ৰ’কাৰ্বন সম্পদ মূল্যায়ন অধ্যয়ন'ৰ দৰে উদ্যোগৰ জৰিয়তে ভূ-বৈজ্ঞানিক তথ্য সংগ্ৰহত ধাৰাবাহিক বিনিয়োগ কৰিছে। ইয়াৰ জৰিয়তে ভাৰতৰ সীমান্তৱৰ্তী বেছিনসমূহৰ সম্ভাৱনা মুকলি কৰিবলৈ বিশ্বৰ অন্যতম বিস্তৃত ভূ-বৈজ্ঞানিক ডাটাবেছ গঢ়ি তোলা হৈছে।
চৰকাৰৰ অন্বেষণ সংস্কাৰৰ অধীনত অৰ্জন কৰা অগ্ৰগতিৰ কথা উল্লেখ কৰি শ্ৰী পুৰীয়ে কয় যে অ’এএলপিৰ অধীনত প্ৰায় ৩.৮ লাখ বৰ্গ কিলোমিটাৰ এলেকা সামৰি লোৱা ১৭২টা অন্বেষণ ব্লক আবণ্টন দিয়া হৈছে, য’ত ৪.৩ বিলিয়ন মাৰ্কিন ডলাৰতকৈও অধিক প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগ অন্তৰ্ভুক্ত হৈ আছে। কেৱল ২০২৫-২৬ বিত্তীয় বৰ্ষতে প্ৰায় ৬৭৪টা কুঁৱা খনন কৰা হৈছিল, পাঁচটা নতুন আৱিষ্কাৰ আৰু সাতটা আৱিষ্কাৰৰ বাণিজ্যিক ব্যৱহাৰ আৰম্ভ কৰা হৈছিল।
মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ কৌশল দ্বিমুখী, নতুন হাইড্ৰ’কাৰ্বন সম্পদৰ সন্ধান কৰা আৰু ইয়াৰ সমান্তৰালভাৱে বৰ্তমানৰ ৰাষ্ট্ৰীয় সম্পদসমূহৰ পৰা সৰ্বাধিক উৎপাদন নিশ্চিত কৰা। তেওঁ লগতে কয় যে উন্নত প্ৰযুক্তি আৰু গোলকীয় উৎকৃষ্ট পদ্ধতিসমূহ প্ৰয়োগ কৰি পুৰণি উৎপাদনকাৰী ক্ষেত্রসমূহক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাও অব্যাহত আছে।
ভাৰতৰ শক্তিৰ ভৱিষ্যত কেৱল এটা আৱিষ্কাৰৰ দ্বাৰা সুৰক্ষিত নহয়, বৰঞ্চ ধাৰাবাহিক সংস্কাৰ, অত্যাধুনিক প্ৰযুক্তি, বৈজ্ঞানিক অন্বেষণ আৰু হাজাৰ হাজাৰ ভূ-বিজ্ঞানী, অভিযন্তা, বিজ্ঞানী তথা উপকূলীয় পেছাদাৰীসকলৰ উৎসৰ্গীকৃত প্ৰচেষ্টাৰ দ্বাৰাহে সম্ভৱ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় "আজি যেতিয়া আমি এই প্ৰথমটো কুঁৱাৰ খনন আৰম্ভ কৰিছোঁ, আমি কেৱল সাগৰৰ তলিত খনন কৰা নাই, আমি ভাৰতৰ ভৱিষ্যতৰ শক্তি সুৰক্ষাৰ খনন কৰিছোঁ। প্ৰতিটো মিটাৰৰ খননে আমাক আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা আৰু ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰাৰ দিশত আগবঢ়াই লৈ যায়,।"
অ’এনজিচি, অইল ইণ্ডিয়া লিমিটেড, হাইড্ৰ’কাৰ্বন সঞ্চালকালয়, কাৰিকৰী অংশীদাৰ আৰু সমগ্ৰ অন্বেষণ পৰিয়ালক অভিনন্দন জনাই শ্ৰী পুৰীয়ে বিশ্বাস প্ৰকাশ কৰে যে আজিৰ এই খনন কাৰ্য্যৰ আৰম্ভণিয়ে ভাৰতৰ উপকূলীয় অন্বেষণ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব আৰু দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষা তথা শক্তিৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত অৰিহণা যোগাব।
.
****
TM/DB
(रिलीज़ आईडी: 2289325)
आगंतुक पटल : 9