ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উত্তৰ মেছিডোনিয়াৰ স্কোপজে চহৰৰ সংগ্ৰহালয়ত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন ৰাষ্ট্ৰপতিৰ

বিশ্বই সংঘাত, অসহিষ্ণুতা আৰু বিভাজনৰ সন্মুখীন হোৱা সময়ছোৱাত গান্ধীজীৰ সংলাপ, অনুকম্পা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি থকা বিশ্বাস গভীৰভাৱে প্ৰাসংগিক হৈয়েই আছে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

प्रविष्टि तिथि: 22 JUL 2026 6:32PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উত্তৰ মেছিডোনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলিয়ানোভস্কা-দাভকোভাৰ সৈতে আজি (২২ জুলাই, ২০২৬) স্কোপজে চহৰৰ সংগ্ৰহালয়ত মহাত্মা গান্ধীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে।

উপস্থিত সমবেত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহাত্মা গান্ধী ভাৰতৰ আছিল, কিন্তু তেওঁৰ বাৰ্তা সমগ্ৰ মানৱজাতিৰ বাবে। তেওঁ আলোকপাত কৰে যে গান্ধীজীৰ জীৱনে প্ৰমাণ কৰিছিল যে সত্য আৰু অহিংসা দুৰ্বলতাৰ প্ৰতীক নহয়, বৰঞ্চ ন্যায়, মৰ্যাদা আৰু স্বাধীনতা সুনিশ্চিত কৰাৰ বাবে শক্তিশালী অস্ত্ৰহে। বিশ্বই সংঘাত, অসহিষ্ণুতা আৰু বিভাজনৰ সন্মুখীন হোৱা সময়ছোৱাত গান্ধীজীৰ সংলাপ, অনুকম্পা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি থকা বিশ্বাস গভীৰভাৱে প্ৰাসংগিক হৈয়েই আছে। তেওঁ কয় যে ই মানুহক ঘৃণা প্ৰত্যাখ্যান কৰিবলৈ, শান্তিপূৰ্ণভাৱে মতভেদ সমাধান কৰিবলৈ আৰু সাহসিকতা তথা সহানুভূতিৰে সমাজৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ এই আৱক্ষ মূৰ্তিটো ভাৰত আৰু উত্তৰ মেছিডোনিয়াৰ মাজৰ বন্ধুত্বৰ লগতে শান্তি, সহনশীলতা আৰু মানৱতাৰ প্ৰতি আমাৰ উমৈহতীয়া সংকল্পৰ এক চিৰস্থায়ী প্ৰতীক হৈ ৰ’ব।

অনুষ্ঠানত স্কোপজে চহৰৰ মেয়ৰ শ্ৰী অৰ্চে গ্ৰজিয়েভস্কি, সংগী প্ৰতিনিধি দলৰ সদস্য- উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুবেন জয়ন্তীভাই বম্ভানিয়া আৰু সাংসদ ড° দিনেশ শৰ্মা আৰু শ্ৰী বিজয় বাঘেলকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ মেছিডোনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলিয়ানোভস্কা-দাভকোভাৰ সৈতে স্কোপজেত থকা মাদাৰ টেৰেছাৰ স্মাৰক পৰিদৰ্শন কৰে। মাদাৰ টেৰেছাৰ জন্ম স্কোপজেত হৈছিল য’ত তেওঁ ১৯২৮ চনলৈকে বাস কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ভাৰতলৈ অহাৰ পূৰ্বে আয়াৰলেণ্ডৰ চিষ্টাৰ্ছ অৱ লৰেটোট যোগদান কৰিছিল। ব্যতিক্ৰমী মানৱীয় কাম-কাজ আৰু নিস্বাৰ্থ সেৱাৰ বাবে ১৯৮০ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে ভূষিত কৰা হৈছিল।

কাইলৈ (২৩ জুলাই, ২০২৬) ৰাষ্ট্ৰপতিগৰাকী তেওঁৰ তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়-ৰোমানিয়াৰ বুখাৰেষ্টলৈ ৰাওনা হ’ব।

ৰাষ্ট্ৰপতিৰ ভাষণ চাবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক।

****

MJPS/SS/PRK/DB


(रिलीज़ आईडी: 2289318) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Telugu , Malayalam