গৃহ মন্ত্ৰালয়
নতুন অপৰাধ সংহিতাসমূহৰ কাৰ্যকৰীকৰণ
प्रविष्टि तिथि:
22 JUL 2026 3:59PM by PIB Guwahati
২০২৪ চনৰ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে ‘ভাৰতীয় ন্যায় সংহিতা, ২০২৩’ (BNS), ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩’ (BNSS) আৰু ‘ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩’ (BSA) বলৱৎ হয়। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই আইনসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা তথা নিয়ম জাৰি কৰা, ডিজিটেল এপ্লিকেচনসমূহ গ্ৰহণ কৰা আৰু সংশ্লিষ্ট অংশীদাৰসকলৰ দক্ষতা বৃদ্ধি কৰাকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
আৰক্ষী বিষয়া-কৰ্মী আৰু অন্যান্য ৰাজ্যিক পৰ্যায়ৰ অংশীদাৰসকলৰ প্ৰশিক্ষণ মূলতঃ নিজ নিজ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে পৰিচালনা কৰে। তদুপৰি, 'ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট'-এ সকলো ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য প্ৰশিক্ষক আৰু অন্যান্য অংশীদাৰসকলৰ বাবে সক্ষমতা বৃদ্ধিৰ কাৰ্যসূচী আৰু ৱেবিনাৰ অনুষ্ঠিত কৰিছে।
২০২৪ চনৰ পৰা বিপিআৰএণ্ডডি-য়ে মুখ্য প্ৰশিক্ষকসকলকে ধৰি অপৰাধ ন্যায় ব্যৱস্থাৰ পাঁচটা স্তম্ভৰ ৮৩,৭৪০গৰাকী বিষয়া আৰু অংশীদাৰক প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰ কেডাৰ/পদৱী অনুসৰি, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি আৰু বছৰ অনুসৰি সবিশেষ তথ্য পৰিশিষ্ট-১ ত দিয়া হৈছে।
নিজ নিজ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত পৰৱৰ্তী প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিবলৈ ৰাজ্যিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে এই মুখ্য প্ৰশিক্ষকসকলৰ সেৱাও ব্যৱহাৰ কৰিছে। এনে প্ৰশিক্ষণৰ সবিশেষ পৰিশিষ্ট-২ত দিয়া হৈছে।
ইফালে, ‘iGOT Karmayogi’ প্লেটফৰ্মত ১১০টা ই-লাৰ্নিং পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে, যাৰ ভিতৰত ৭৬টা পাঠ্যক্ৰম নতুন অপৰাধ সংহিতাসমূহৰ সৈতে সম্পৰ্কিত।
নতুন ন্যায় সংহিতাসমূহত অপৰাধ ন্যায় প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়ত প্ৰযুক্তিৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে। এইসমূহ কাৰ্যকৰী কৰাৰ বাবে ডিজিটেল ব্যৱস্থা আৰু এপ্লিকেচনসমূহ উপলব্ধ কৰা হৈছে। ইয়াৰ ভিতৰত আছে— এজাহাৰৰ ইলেক্ট্ৰনিক পঞ্জীয়ন (e-FIR), চমনৰ ইলেক্ট্ৰনিক প্ৰেৰণ আৰু জাৰি (e-Summons), তালাচী, জব্দ আৰু তদন্ত প্ৰক্ৰিয়াৰ অডিঅ'-ভিডিঅ' ৰেকৰ্ডিং, ফৰেনচিক প্ৰমাণ সংগ্ৰহৰ ভিডিঅ'গ্ৰাফী আৰু সাক্ষ্যৰ ইলেক্ট্ৰনিক ৰেকৰ্ডিং (e-Sakshya), ভিডিঅ' কনফাৰেন্সঙৰ জৰিয়তে আদালতৰ ক্ৰিয়া-কলাপ পৰিচালনা (ন্যায় শ্ৰুতি), চিকিৎসা আইনী পৰীক্ষাৰ প্ৰতিবেদন আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে 'MedLeaPR', আৰু আৰক্ষী, আদালত, কাৰাগাৰ, প্ৰসিকিউচন আৰু ফৰেনচিক বিজ্ঞান প্ৰয়োগশালাৰ মাজত ই-এফআইআৰ, অভিযোগনামা আৰু অন্যান্য নথি-পত্ৰৰ ইলেক্ট্ৰনিক আদান-প্ৰদান সুচল কৰিবলৈ 'ইণ্টাৰ অপাৰেবল ক্ৰিমিনেল জাষ্টিছ চিষ্টেম' (ICJS)। এই ব্যৱস্থাসমূহৰ কাৰ্যকৰীকৰণ আৰু ব্যৱহাৰ নিজ নিজ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে হাতত লৈছে।
ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ‘আৰক্ষী’ আৰু ‘ৰাজহুৱা ৰীতি-নীতি/শৃংখলা’ হৈছে ৰাজ্যিক সূচীভুক্ত বিষয়। আইন-শৃংখলা ৰক্ষা কৰা, নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰা, অপৰাধ আৰু অপৰাধীৰ তদন্ত তথা গোচৰ চলোৱাৰ দায়িত্ব সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ ওপৰত ন্যস্ত আৰু ন্যায় সংহিতা কাৰ্যকৰী কৰাক সামৰি বিদ্যমান আইনী ব্যৱস্থাৰ অধীনত এনে অপৰাধসমূহৰ মোকাবিলা কৰিবলৈ তেওঁলোক সক্ষম। তথাপিও, কেন্দ্ৰীয় চৰকাৰে 'ইণ্টাৰ-অপাৰেবল ক্ৰিমিনেল জাষ্টিছ চিষ্টেম' ২.০, ফৰেনচিক সক্ষমতা আধুনিকীকৰণৰ আঁচনি আৰু 'নিৰ্ভয়া ফাণ্ড' সমৰ্থিত প্ৰকল্পকে ধৰি বিভিন্ন আঁচনিৰ অধীনত অপৰাধ ন্যায় আন্তঃগাঁথনি বৃদ্ধিৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰি তেওঁলোকৰ প্ৰচেষ্টাত অৰিহণা যোগায়।
নতুন ন্যায় সংহিতাৰ অধীনত সনিবিষ্ট ব্যৱস্থাসমূহৰ প্ৰতি লক্ষ্য ৰাখি, পূৰ্বৱৰ্তী বছৰসমূহৰ তথ্যৰ সৈতে 'ক্ৰাইম ইন ইণ্ডিয়া' প্ৰতিবেদনত প্ৰকাশিত তথ্যৰ সামঞ্জস্য, তুলনামূলকতা আৰু ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ তথ্যৰ তালিকাৰ পেটাৰ্ন বা টেমপ্লেটসমূহ উপযুক্তভাৱে সলনি কৰা হৈছে।
গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী বণ্ডি সঞ্জয় কুমাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
অধিক জানিবলৈ এই লিংকত ক্লিক কৰক
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2287679®=3&lang=1
*****
RK/RR/PR/PS/SC/DB
(रिलीज़ आईडी: 2288174)
आगंतुक पटल : 11