গৃহ মন্ত্ৰালয়
শিশুক যৌন আতিশয্য চলোৱা অপৰাধীৰ তথ্যকোষ
प्रविष्टि तिथि:
21 JUL 2026 4:01PM by PIB Guwahati
‘পুলিচ’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীৰ অধীনত ‘ৰাজ্যিক’ বিষয়। ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনসমূহে তেওঁলোকৰ আইন প্ৰয়োগকাৰী সংস্থা (এল ই এ)ৰ জৰিয়তে অপৰাধ প্ৰতিৰোধ, অপৰাধী ধৰা পেলোৱা, তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ বাবে মূলতঃ দায়বদ্ধ।
নেশ্যনেল ডাটাবেছ অন চেক্সুৱেল অফেণ্ডাৰছ (এনডিএছঅ’), হৈছে ২০১৮ চনত এনচিআৰবিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত স্থাপন কৰা এক কেন্দ্ৰীভূত তথ্যকোষ। যৌন অপৰাধীৰ ৰেকৰ্ড ৰখাৰ জৰিয়তে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (পিঅ’চিএছঅ’) আইনৰ অধীনত হোৱা অপৰাধকে ধৰি যৌন অপৰাধৰ তদন্ত, অপৰাধী ধৰা পেলোৱা আৰু অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত আইন প্ৰয়োগকাৰী সংস্থাসমূহক সহায় কৰিবলৈ ইয়াৰ ডিজাইন কৰা হৈছে। ডাটাবেছে যৌন অপৰাধৰ তদন্তৰ সময়ত অভিযুক্ত আৰু অপৰাধৰ পুনৰাবৃত্তি কৰা অপৰাধী চিনাক্তকৰণ, অপৰাধমূলক পূৰ্বসূৰী পৰীক্ষা কৰাত সহায়ক হোৱাকৈ তদন্তৰ সহায়ক আহিলা হিচাপে কাম কৰে। এনডিএছঅ’ৰ প্ৰৱেশ অনুমোদিত আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ বাবে সীমাবদ্ধ, যাতে তথ্যসমূহ চৰকাৰী তদন্তৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো নিশ্চিত কৰা হয়।
এনচিআৰবিয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ পৰীক্ষা (এনচিআৰচি) পৰ্টেল চৰকাৰী সংস্থাসমূহে কৰ্মচাৰী আৰু কৰ্মীৰ প্ৰাৰম্ভিক পৰীক্ষণৰ বাবে ব্যৱহাৰ কৰে। ই চিচিটিএনএছ/ আন্তঃকাৰ্য্যকৰী অপৰাধমূলক ন্যায় ব্যৱস্থা (আইচিজেএছ) ডাটাবেছ ব্যৱহাৰ কৰি প্ৰাৰম্ভিক অপৰাধৰ তথ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ব্যক্তি/সংগঠনে পৰীক্ষণ অনুৰোধৰ সুবিধা প্ৰদান কৰি চিচিটিএনএছ এপ্লিকেচনৰ জৰিয়তে নাগৰিক পৰ্টেল আৰম্ভ কৰিছে। শিক্ষানুষ্ঠান, শিশু যত্ন গৃহ, আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে চিচিটিএনএছ নাগৰিক পৰ্টেলৰ জৰিয়তে ব্যক্তিৰ পৰীক্ষণৰ বাবে অনুৰোধ কৰিব পাৰে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত কোনো ব্যক্তিৰ অপৰাধৰ অভিলেখ পৰীক্ষাৰ বাবে এনচিআৰচি ব্যৱহাৰ কৰিব পাৰে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অনলাইন শিশু যৌন শোষণ আৰু অন্যান্য চাইবাৰ-অপৰাধৰ কাণ্ডৰ ৰিপৰ্টৰ বাবে অনলাইন চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলও আৰম্ভ কৰিছে আৰু নেচনেল চাইবাৰ ক্ৰাইম ৰিপৰ্ট হেল্পলাইন (১৯৩০)-এ চাইবাৰ সম্পৰ্কীয় অপৰাধৰ বিষয়ে অৱগত কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াই আহিছে।
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দি সঞ্জয় কুমাৰে ।
*****
RK/PR/PS/SC/DM
(रिलीज़ आईडी: 2287489)
आगंतुक पटल : 6