প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
''ভাৰত-নিউজিলেণ্ড: এক বিজয়ী অংশীদাৰিত্ব'' শীৰ্ষক নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
प्रविष्टि तिथि:
11 JUL 2026 12:30PM by PIB Guwahati
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে আয়োজন কৰা "ভাৰত-নিউজিলেণ্ড: এটা বিজয়ী অংশীদাৰিত্ব" শীৰ্ষক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বিশেষ অনুষ্ঠানত ৰাজনীতি, ব্যৱসায়, উদ্যোগ, শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, আৰু কলা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী লাক্সনে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত গভীৰ তথা চিৰস্থায়ী হৈ থকা সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে । লগতে তেওঁ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সমৃদ্ধি আগুৱাই নিয়াৰ বাবে এক ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাডজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বিষয়ক আদৰণি জনায় আৰু ইয়াৰ দ্বাৰা সহযোগিতা অধিক গভীৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অভিলেখ সময়ত সমাপ্ত হোৱা ভাৰত-নিউজিলেণ্ড এফ টি এয়ে দুয়োখন দেশৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।
অনুষ্ঠানৰ আড়ম্বৰপূৰ্ণ আৰম্ভনিৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী লাক্সনে সভাস্থলীত প্ৰদৰ্শিত হোৱা অভিনৱ ক্ৰীড়া সঁজুলিসমূহ পৰিদৰ্শন কৰে।
নিউজিলেণ্ডৰ সফল খেলুৱৈ আৰু উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়াৰ সৈতে জড়িত অন্যান্য অংশীদাৰসকলৰ সৈতেও তেওঁলোকে মত বিনিময় কৰে। দুয়োখন দেশৰ মাজত থকা ১০০ বছৰীয়া ক্ৰীড়া সংযোগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ এই ভ্ৰমণৰ সময়ত সম্পন্ন হোৱা ক্ৰীড়া যুটীয়া কাৰ্য্য পৰিকল্পনাই ক্ৰিকেটৰ বাহিৰেও দুয়োখন দেশৰ সম্পৰ্ক অধিক সম্প্ৰসাৰণ কৰাত সহায় কৰিব। ভাৰতে কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু হোৱাৰ সময়তে দুয়োখন দেশৰ ক্ৰীড়া সহযোগিতা বৃদ্ধিৰ ইচ্ছাৰ সৈতে খাপ খুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ কৰিছে।
********
MJPS/SS/ST/DM
(रिलीज़ आईडी: 2283659)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam