প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ সানন্দত চিজি ছেমি আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (অ’এছএটি) প্ৰকল্প উদ্বোধনৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 04 JUL 2026 9:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চিজি ছেমি আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (অ’এছএটি) প্ৰকল্প উদ্বোধন কৰে। এই অনুষ্ঠানৰ তাৎপৰ্যৰ  বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই উদ্বোধনক ৰাষ্ট্ৰৰ লক্ষ্যৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাৰ প্ৰমাণ হিচাপে  অভিহিত কৰে। তেওঁ কয় যে দেশখনে ধাৰাবাহিকভাৱে নিজৰ শক্তিশালী সংকল্পসমূহক কোনো সংকোচ নোহোৱাকৈ বাস্তৱলৈ ৰূপান্তৰিত কৰিছে।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানৰ আভাস দাঙি ধৰে 
চিজি ছেমি আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (অ’এছএটি)প্ৰকল্প উদ্বোধন কৰিবলৈ সানন্দলৈ আহি আনন্দিত হৈছো। ইয়াৰ দ্বাৰা ভাৰতক অৰ্ধপৰিবাহী আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আমাৰ প্ৰচেষ্টাৰ গতি বৃদ্ধি পাব।
সানন্দত মুকলি হোৱা চিজি ছেমি প্লাণ্টটো হৈছে প্ৰযুক্তি, বিশ্বাস, আৰু অংশীদাৰিত্বৰ আৰ্হি,  যিয়ে ভাৰতৰ অৰ্ধপৰিবাহী যাত্ৰাক ত্বৰান্বিত কৰিব।

ইলেক্ট্ৰনিকছ বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপ হৈছে অৰ্ধপৰিবাহী। গতিকে আমি কেৱল মোবাইল ফোন আৰু ইলেক্ট্ৰনিকছতে নহয়, সমগ্ৰ বিশ্বকে শক্তি প্ৰদান কৰা চিপ নিৰ্মাণ কৰিম।
এই অৰ্ধপৰিবাহী আৰু এআই বিপ্লৱৰ যুগত, মোৰ যুৱ সহকৰ্মীসকলৰ বাবে এটা বিশেষ আহ্বান ...

 


 

***


MJPS/SS/VJ/DM
 


(रिलीज़ आईडी: 2281285) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam