গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতে ২০২৬ চনৰ ৬–৭ জুলাইত গুৱাহাটীত ব্ৰিকছৰ অন্তৰ্ভুক্ত দেশবোৰৰ ড্ৰাগছবিৰোধী সংস্থাৰ মুৰব্বীসকলৰ বৈঠক আয়োজন কৰিব

ক্ৰমবৰ্ধমান ড্ৰাগছ সৰবৰাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে ব্ৰিকছৰ অন্তৰ্গত দেশৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে এই উচ্চ পৰ্যায়ৰ বৈঠকত আলোচনা কৰা হ’ব

प्रविष्टि तिथि: 05 JUL 2026 12:14PM by PIB Guwahati

ভাৰতে অহা ৬–৭ জুলাই, ২০২৬ত অসমৰ গুৱাহাটীত ব্ৰিকছৰ অন্তৰ্ভুক্ত দেশৰ ড্ৰাগছবিৰোধী সংস্থাৰ মুৰব্বীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত ড্ৰাগছবিৰোধী সংস্থাসমূহৰ মুৰব্বী আৰু ব্ৰিকছৰ সদস্য দেশসমূহৰ জ্যেষ্ঠ বিষয়াসকলক একত্ৰিত কৰি প্ৰতিষ্ঠানিক ধাৰাবাহিকতা শক্তিশালী কৰাৰ লগতে ড্ৰাগছ নিয়ন্ত্ৰণ সংস্থাসমূহক একগোট কৰাৰ বাবে গভীৰ কাৰ্যকৰী সহযোগিতা ৰূপয়াণৰ প্ৰচেষ্ট কৰা হ’ব।

শেহতীয়াকৈ সমগ্ৰ বিশ্বত ড্ৰাগছ সৰবৰাহৰ পৰিৱেশ যথেষ্ট বৃদ্ধি পাইছে, কৃত্ৰিম ড্ৰাগছ, নিউ চাইকোএক্টিভ ছাবষ্টেন্স (এনপিএছ), ডাৰ্কনেটৰ জৰিয়তে সৰবৰাহ আৰু ক্ৰিপ্টোকাৰেন্সী ভিত্তিক বিত্তীয় লেনদেনৰ প্ৰসাৰে জটিল আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। একে সময়তে নিষেধাজ্ঞা প্ৰযুক্তি, তথ্য বিশ্লেষণ আৰু বিত্তীয় চোৰাংচোৱাৰ অগ্ৰগতিয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সমন্বিত বলৱৎকাৰী ব্যৱস্থা বৃদ্ধিৰ বাবে উল্লেখযোগ্য সুযোগ উপস্থাপন কৰে। ভাৰতে এই বৈঠকক ব্ৰিকছৰ সহযোগিতাক আলোচনাকেন্দ্ৰিক সংযোগৰ পৰা গাঁথনিগত আৰু কাৰ্যমুখী সহযোগিতালৈ ৰূপান্তৰিত কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিকল্পনা কৰিছে, য’ত কাৰ্যকৰী সমন্বয়, চোৰাংচোৱা বিনিময়, সামৰ্থ্য বিকাশ আৰু উদীয়মান ড্ৰাগছ সম্পৰ্কীয় ভাবুকিৰ প্ৰতি সামূহিক সঁহাৰি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি)ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বৈঠকত তিনিটা মূল অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব:

 

  1. কৃত্ৰিম ঔষধ আৰু পূৰ্বৰ ৰাসায়নিক পদাৰ্থৰ অপব্যৱহাৰ তথা বিতৰণ
  2. চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা।
  3. সামৰ্থ্য বিকাশ আৰু প্ৰতিষ্ঠানিক সহযোগিতা।

 

ড্ৰাগছ সেৱনৰ বিৰুদ্ধে ভাৰতৰ যুঁজ : ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগী

এই বৈঠকত ভাৰতে নিচাযুক্ত দ্ৰব্য আৰু মনোৰোগী পদাৰ্থৰ অপব্যৱহাৰে জনসাধাৰণৰ সুৰক্ষা আৰু স্বাস্থ্য তথা দেশৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি কঢ়িয়াই অনা ভয়াৱহ ভাবুকি বাবে ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ নিৰ্ণায়ক প্ৰচেষ্টা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব। শেহতীয়া কেইবছৰমানৰ পৰা ভাৰতে ড্ৰাগছ সৰবৰাহ আৰু নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজখন যথেষ্ট শক্তিশালী কৰি তুলিছে। চৰকাৰে অবৈধ ড্ৰাগছ সৰবৰাহ আৰু সংগঠিত অপৰাধী নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সজাগতা সৃষ্টি, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু ড্ৰাগছ আসক্তিৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ ওপৰতো সমান গুৰুত্ব আৰোপ কৰিছে। সমগ্ৰ চৰকাৰ আৰু নেটৱৰ্ককেন্দ্ৰিক পদ্ধতি গ্ৰহণ কৰি শেহতীয়াকৈ দেশখনে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত প্ৰতিষ্ঠানিক সামৰ্থ্য আৰু অধিক শক্তিশালী কৰাৰ বাবে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ দৃষ্টিভংগীৰ নথিপত্ৰ (২০২৬–২০২৯) প্ৰকাশ কৰিছে।

 

নতুন দিল্লীয়ে এই বৈঠকৰ অধ্যক্ষতা কৰি গোপন পৰীক্ষাগাৰ আৰু উদীয়মান কৃত্ৰিম ঔষধৰ সৈতে জড়িত তথ্যৰ বিনিময়, পূৰ্বৰ ৰাসায়নিক পদাৰ্থ আৰু ঔষধৰ ওপৰত বৰ্ধিত চোৰাংচোৱাগিৰি, চোৰাংচোৱাৰ তথ্য বিনিময়, উত্তম পদ্ধতিৰ আদান-প্ৰদান, যৌথ প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিশেষজ্ঞ জ্ঞানৰ আদান-প্ৰদানৰ জৰিয়তে সহযোগিতা আৰু অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিব।

 

উদীয়মান প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত বিষয়ভিত্তিক অধিবেশন

এই দুদিনীয়া বৈঠকত সদস্য ৰাষ্ট্ৰসমূহে নিজ নিজ দেশৰ ড্ৰাগছৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ লগতে গুৰুত্বপূৰ্ণ আৰু উদীয়মান বিশ্বজনীন প্ৰত্যাহ্বানৰ ওপৰত ভিত্তি কৰি ৬খন বিষয়ভিত্তিক অধিৱেশনত অংশগ্ৰহণ কৰিব। এই অধিবেশনসমূহত তলত দিয়া বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব-

 

  1. বাস্তৱ সময়ত ড্ৰাগছ সৰবৰাহ প্ৰতিৰোধৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ
  2. ডাৰ্কনেটৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ নিষ্ক্ৰিয় কৰা।
  3. উদীয়মান নতুন মনোসক্ৰিয় পদাৰ্থ (এনপিএছ)ৰ সৈতে মোকাবিলা কৰা।
  4. পূৰ্বসূৰী ৰাসায়নিক পদাৰ্থৰ ডাইভাৰচন আৰু ৰাসায়নিক লিকেজ ৰোধ কৰিবলৈ বিশ্বজোৰা যোগান শৃংখল শক্তিশালী কৰা।
  5. ঔষধৰ চাহিদা হ্ৰাস আৰু আনুষংগিক ব্যৱস্থাৰ বাবে বিশেষ পদক্ষেপ।
  6. প্ৰতিষ্ঠানিক ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা।

 

এখন যৌথ ঘোষণাপত্ৰৰে এই বৈঠকৰ সামৰণি পৰিব

২০২৬ চনত ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতা "স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে প্ৰস্তুত" কৰা সামগ্ৰিক বিষয়বস্তুৰ দ্বাৰা পৰিচালিত। ব্ৰিকছে বিশ্বৰ ১১খন প্ৰধান উদীয়মান বজাৰ আৰু উন্নয়নশীল দেশক একত্ৰিত কৰিছে। সেইবোৰ হল- ব্ৰাজিল, চীন, ইজিপ্ত, ইথিওপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰশ্বাহী। গোলকীয় আৰু আঞ্চলিক তাৎপৰ্য থকা সমসাময়িক বিষয়সমূহ আৰু বিশ্বৰ ৰাজনৈতিক তথা অৰ্থনৈতিক শাসনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত পৰামৰ্শ গ্ৰহণ আৰু সহযোগিতাৰ বাবে এয়া এখন গুৰুত্বপূৰ্ণ মঞ্চ।

 

 

***

 

RK/RR/PR/PS/KD


(रिलीज़ आईडी: 2281269) आगंतुक पटल : 23
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam