পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
শক্তি সহনশীলতা সম্পৰ্কত ভাৰতৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মাজত যুটীয়া ঘোষণা পত্ৰ
प्रविष्टि तिथि:
02 JUL 2026 5:54PM by PIB Guwahati
২০২৬ চনৰ ২ জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচি ছানাৱেই ভাৰতৰ নতুন দিল্লীত বৈঠকত মিলিত হয় আৰু বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এছিয়াৰ দায়িত্বশীল শক্তি তথা প্ৰধান শক্তি-ব্যৱহাৰকাৰী দেশ হিচাপে শক্তি সহনশীলতা যুটীয়াভাৱে সুদৃঢ় কৰিবলৈ একেলগে কাম কৰাৰ উমৈহতীয়া ইচ্ছা প্ৰকাশ কৰে।
উভয় পক্ষই শক্তি সহনশীলতা সুদৃঢ় কৰাৰ বাবে আঞ্চলিক পদক্ষেপসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যেনে— জাপানৰ 'পাৰ্টনাৰশ্বিপ অন ৱাইড এনাৰ্জী এণ্ড ৰিচ’ৰ্চেছ ৰিজিলিয়েন্স' (POWERR Asia) আৰু দক্ষিণ এছিয়াত শক্তি সুৰক্ষাৰ বাবে ভাৰতে আগবঢ়োৱা সমৰ্থন। নেতৃবৃন্দৰ আলোচনাৰ ভিত্তিত, ভাৰত গণৰাজ্যৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে নিম্নলিখিত নিৰ্দিষ্ট পদক্ষেপসমূহৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব:
- কৌশলগত মজুতকৰণ পৰিস্থিতিতন্ত্ৰত সহযোগিতা
উভয় পক্ষই খাৰুৱা তেল আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ মজুতকৰণ প্ৰণালী তথা সংৰক্ষণ ব্যৱস্থাৰ সৈতে জড়িত নিজ নিজ জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদান, আৰু প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট সহযোগিতা বৃদ্ধি কৰাৰ গুৰুত্বক পুনৰ নিশ্চিত কৰে। সহযোগিতাৰ ক্ষেত্ৰত মূলতঃ নিম্নলিখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব:
- উদ্যোগিক মজুতকে ধৰি ৰাষ্ট্ৰীয় মজুতকৰণ প্ৰণালী আৰু সংৰক্ষণ সম্পৰ্কীয় ব্যৱস্থাৱলী
- উৎপাদনকাৰী দেশসমূহৰ সৈতে হোৱা চুক্তি বা ব্যৱস্থাপনাসমূহৰ সমন্বয় ৰক্ষাকৰণ
- জৰুৰীকালীন সঁহাৰি আৰু বজাৰৰ সুস্থিৰতা প্ৰদান
- শক্তি-ব্যৱহাৰকাৰী দেশসমূহৰ ভেটি সুদৃঢ়কৰণ
উভয় পক্ষই যোগান নিশ্চিতকৰণ, সহনশীলতা বৃদ্ধি আৰু বজাৰৰ অস্থিৰতা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গঢ়ি তোলাৰ জৰিয়তে শক্তিৰ উপলব্ধতা আৰু সুলভতাৰ উমৈহতীয়া প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ সহযোগিতাৰ গুৰুত্বক পুনৰ নিশ্চিত কৰে, যাৰ দ্বাৰা তেল আৰু গেছ ব্যৱহাৰকাৰী দেশসমূহৰ কণ্ঠস্বৰ সুদৃঢ় হ’ব। সহযোগিতাৰ ক্ষেত্ৰত মূলতঃ নিম্নলিখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব:
- বজাৰৰ প্ৰৱণতা সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদান আৰু বজাৰৰ সুস্থিৰতাৰ বাবে যুটীয়া প্ৰচেষ্টাৰ ক্ষেত্ৰত সহযোগিতা
- তৃতীয় দেশসমূহৰ পৰা শক্তি যোগানৰ বাবে অংশগ্ৰহণৰ সম্ভাৱনীয়তা অন্বেষণ কৰা
- তৃতীয় দেশসমূহৰ আপষ্ট্ৰীম খণ্ডত (upstream sector) তেল আৰু গেছ অনুসন্ধান আৰু উৎপাদন খণ্ড) বিনিয়োগৰ বাবে বাণিজ্যিক অংশগ্ৰহণৰ সম্ভাৱনীয়তা অন্বেষণ কৰা
- শক্তি পৰিবহন খণ্ডত সহযোগিতা
উভয় পক্ষই দুয়োখন দেশৰ শক্তি সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে তেল আৰু গেছৰ সহনশীল, আত্মনিৰ্ভৰশীল আৰু দক্ষ সামুদ্ৰিক পৰিবহনৰ গুৰুত্বক পুনৰ নিশ্চিত কৰে। লগতে, উভয় পক্ষই সামুদ্ৰিক শক্তি পৰিবহনৰ মূল্য শৃংখলাৰ সমগ্ৰ ক্ষেত্ৰতে যুটীয়া বিনিয়োগকে ধৰি সহযোগিতামূলক সুযোগসমূহ অন্বেষণ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।
উভয় পক্ষই কাৰিকৰী আৰু বিত্তীয় সহযোগিতাকে ধৰি শক্তি খণ্ডত ব্যাপক সহযোগিতা গভীৰ কৰাৰ উদ্দেশ্যে, তলত তালিকাভুক্ত কৰা প্ৰতিষ্ঠানসমূহকে ধৰি প্ৰাসংগিক অংশীদাৰসকলৰ মাজত প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি কৰাৰ ইচ্ছা নিশ্চিত কৰে:
- জাপানৰ প্ৰতিষ্ঠানসমূহ: জাপান অৰ্গেনাইজেশ্যন ফৰ মেটেলছ এণ্ড এনাৰ্জী চিকিউৰিটি (JOGMEC); জাপান বেংক ফৰ ইন্টাৰনেশ্যনেল ক’পাৰেশ্যন (JBIC); আৰু অন্যান্য প্ৰাসংগিক অংশীদাৰসকল
- ভাৰতৰ প্ৰতিষ্ঠানসমূহ: ভাৰতীয় ৰাষ্ট্ৰীয় তেল কোম্পানীসমূহ, ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভচ লিমিটেড (ISPRL); আৰু অন্যান্য প্ৰাসংগিক অংশীদাৰসকল
এই বিবৃতিত চিনাক্ত কৰা অগ্ৰাধিকাৰ প্ৰাপ্ত ক্ষেত্ৰসমূহৰ সহযোগিতা আগবঢ়াই নিয়াৰ লক্ষ্যৰে, উভয় পক্ষই ‘ভাৰত-জাপান শক্তি আলোচনা’ৰ অধীনত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ সম্পৰ্কীয় ‘ভাৰত-জাপান যুটীয়া কৰ্ম গোট’ৰ জৰিয়তে আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই মঞ্চৰ জৰিয়তে উভয় পক্ষই শেহতীয়া জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদান কৰিব আৰু পাৰস্পৰিকভাৱে লাভজনক সহযোগিতামূলক সুযোগসমূহৰ সম্ভাৱনীয়তা অন্বেষণ কৰিব।
*****
SJ/RD
(रिलीज़ आईडी: 2280686)
आगंतुक पटल : 8