নৌ-পৰিবহন মন্ত্ৰালয়
ৰাষ্ট্ৰীয় পৰ্যায়ত ১৮ খন চহৰত আৰম্ভ কৰাৰ পূৰ্বে আন্তঃমন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে কেন্দ্ৰৰ ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতিৰ খচৰা প্ৰেৰণ
দেশজুৰি আৰম্ভ হ’বলগীয়া প্ৰথম পৰ্যায়ত গুৱাহাটী জল মেট্ৰ’ৰ পৰিকল্পনা কেন্দ্ৰৰ: সৰ্বানন্দ সোণোৱাল
প্ৰথম পৰ্যায়ত শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজ চহৰেও লাভ কৰিব জল মেট্ৰ’
প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ত অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়ে জল মেট্ৰ’ লাভ কৰাটো নিশ্চিত
আন্তঃমন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি, ২০২৬ ৰ খচৰা প্ৰেৰণ: সোণোৱাল
प्रविष्टि तिथि:
18 MAY 2026 8:50PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশত বহু প্ৰত্যাশিত জল মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এই উপলক্ষে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ১৮ খন চহৰত জল মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ বাবে উন্নত পৰিকল্পনা হাতত লৈছে, যাৰ ভিতৰত প্ৰথম পৰ্যায়ৰ বাবে গুৱাহাটীক চিনাক্ত কৰা হৈছে।
প্ৰথম পৰ্যায়ত শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজ আদি চহৰো অন্তৰ্ভুক্ত হৈ আছে, আনহাতে অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়ক প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰস্তাৱ কৰা হৈছে। মন্ত্ৰালয়ে একে সময়তে নগৰীয়া জল পৰিবহণৰ বাবে এক ৰাষ্ট্ৰীয় পৰিকাঠামো আনুষ্ঠানিক ৰূপ দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি, ২০২৬ৰ খচৰা আন্তঃমন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে।
কোচি জল মেট্ৰ’ৰ সফলতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মোদী চৰকাৰে এতিয়া জাহাজ চলাচলৰ উপযোগী জলপথ থকা চহৰসমূহত পানী-আধাৰিত নগৰীয়া যাতায়াতৰ সমাধান প্ৰৱৰ্তন কৰিবলৈ এক ৰাষ্ট্ৰীয় পৰিকাঠামো গঢ়ি তুলিছে। প্ৰস্তাৱিত এই আঁচনিয়ে আভ্যন্তৰীণ জলপথসমূহক দক্ষ, বহনক্ষম আৰু আধুনিক গণ পৰিবহণ কৰিডৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে।
এই পদক্ষেপৰ গুৰুত্ব আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, “প্ৰস্তাৱিত জল মেট্ৰ’ ব্যৱস্থা কম মূলধন সাপেক্ষ, কিয়নো ইয়াত নূন্যতম অসামৰিক আন্তঃগাঁথনিৰে বিদ্যমান জলপথসমূহ ব্যৱহাৰ কৰা হয়। খৰতকীয়া নিৰ্মাণ সময়সীমা, কম মাটিৰ প্ৰয়োজনীয়তা আৰু কম পৰিচালনা ব্যয়ৰ বাবে বিশেষকৈ ইলেক্ট্ৰিকেল আৰু হাইব্ৰিড ফেৰী গ্ৰহণৰ জৰিয়তে এই ব্যৱস্থাই পৰম্পৰাগত নগৰীয়া পৰিবহণৰ এক ব্যৱহাৰিক আৰু পৰিৱেশ অনুকূল বিকল্প প্ৰদান কৰে। এই সেৱাসমূহে চহৰসমূহৰ যান-জঁট হ্ৰাস কৰাত অৱদান যোগাব আৰু লগতে এক আৰামদায়ক, মৰোহৰ আৰু সুচল যাতায়াতৰ অভিজ্ঞতা প্ৰদান কৰিব।”
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি, ২০২৬ৰ খচৰা সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ সৈতেও পৰামৰ্শ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে তেওঁলোকৰ মূল্যবান পৰামৰ্শ লাভ কৰিব পৰা যায়।
প্ৰস্তাৱিত জল মেট্ৰ’ ব্যৱস্থাটোক দৈনিক যাত্ৰী আৰু পৰ্যটন উভয়ৰে প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা এক গণ পৰিবহণ সমাধান হিচাপে কল্পনা কৰা হৈছে। ই সকলো জাহাজ চলাচলৰ উপযোগী জলপথত চলিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সেউজ প্ৰযুক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, য’ত সাময়িক প্ৰযুক্তিগত উন্নীতকৰণৰ লগতে হাইব্ৰিড আৰু ইলেকট্ৰিক চালিকা শক্তি ব্যৱস্থাক উৎসাহিত কৰা হৈছে।” এই পদক্ষেপে এক পৰিস্থিতিতন্ত্ৰ ধাৰণা গ্ৰহণ কৰিছে, যাৰ জৰিয়তে জলযানৰ ডিজাইন, টাৰ্মিনেল, চাৰ্জিং আন্তঃগাঁথনি আৰু সুৰক্ষা নিয়মৰ মানকীকৰণ নিশ্চিত কৰাৰ লগতে জলযান নিৰ্মাণত থলুৱাকৰণ আৰু বিদ্যমান পৰিবহণ নেটৱৰ্কৰ সৈতে নিৰৱচ্ছিন্ন বহুমুখী সংহতিৰ প্ৰসাৰ ঘটোৱা হৈছে।
পৰিকল্পনাৰ মাপকাঠীসমূহ উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, “নিৰন্তৰ বা আংশিক-নিৰন্তৰ জলপথকে ধৰি উপযুক্ত ভৌগোলিক অৱস্থা থকা অঞ্চলসমূহত জল মেট্ৰ’ প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব। দহ লাখতকৈ অধিক জনসংখ্যা থকা আৰু পৰিবহণৰ চাহিদা প্ৰদৰ্শন কৰা চহৰসমূহ, বিশেষকৈ পৰ্যটন কৰিডৰসমূহত বিবেচনা কৰা হ’ব।” অৱশ্যে, যিবোৰ প্ৰকল্পই পথৰ যান-জঁট হ্ৰাস কৰে, দূৰৱৰ্তী বা পানীৰে আৱদ্ধ অঞ্চলসমূহলৈ সংযোগ উন্নত কৰে বা বানপানী আৰু ব্যাঘাতৰ সময়ত সহনশীলতা বৃদ্ধি কৰে, সেইবোৰ ক্ষেত্ৰত এই মাপকাঠীসমূহ শিথিল কৰা হ’ব পাৰে।
উন্নয়নমূলক পৰিকাঠামোই এক ব্যাপক পৰিস্থিতিতন্ত্ৰ পদ্ধতি গ্ৰহণ কৰিছে যাৰ ভিতৰত জলযান, পন্টুন, জেটী, বাংকাৰিং আৰু চাৰ্জিং আন্তঃগাঁথনি, টাৰ্মিনেল, যাত্ৰীৰ সা-সুবিধা আৰু নেভিগেশ্যনেল সাহাৰ্য অন্তৰ্ভুক্ত। কেন্দ্ৰ-ৰাজ্যৰ যৌথ পুঁজি, সম্পূৰ্ণ ৰাজ্যৰ পুঁজিৰ প্ৰকল্প, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰু সম্পূৰ্ণ কেন্দ্ৰীয় পুঁজিৰ পদক্ষেপকে ধৰি একাধিক বিত্তীয় মডেল বিবেচনাধীন হৈ আছে। দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে দক্ষ পৰিকল্পনা, ফ্লীট যুক্তিসংগতকৰণ আৰু পৰিচালনা ব্যৱস্থাপনাৰ জৰিয়তে ব্যয় ব্যৱস্থাপনা ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ২৫ ফেব্ৰুৱাৰী ২০২৫ত কোচি মেট্ৰ’ ৰেল লিমিটেডক ১৮খন চহৰৰ সম্ভাৱনীয়তা অধ্যয়ন কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। এই অধ্যয়নে বিদ্যমান ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ মূল্যায়ন, ভ্ৰমণৰ চাহিদাৰ অনুমান, বিত্তীয় আৰু অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বহুমুখী সংহতি সামৰি লৈছে। বৰ্তমানৰ স্থিতি অনুসৰি, আটাইকেইটা ১৮টা স্থানৰ ক্ষেত্ৰ পৰিদৰ্শন সম্পূৰ্ণ হৈছে, আনহাতে লক্ষদ্বীপৰ বাহিৰে ১৭খন চহৰৰ সম্ভাৱনীয়তা প্ৰতিবেদনৰ খচৰা দাখিল কৰা হৈছে। শ্ৰীনগৰ, পাটনা, গুৱাহাটী, বাৰাণসী আৰু অযোধ্যাৰ সম্ভাৱনীয়তা প্ৰতিবেদন ইতিমধ্যে গ্ৰহণ কৰা হৈছে।
ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি ২০২৬ৰ খচৰা সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ চহকী সামুদ্ৰিক ঐতিহ্য টাৰ্মিনেল আৰু আনুষংগিক আন্তঃগাঁথনিৰ ডিজাইন আৰু স্থাপত্যত প্ৰতিফলিত হ’ব লাগিব। তেওঁ পুংখানুপুংখ “প্ৰেক্ষাপট মূল্যায়ন কৰা আৰু আঞ্চলিক পৰিচয় ৰক্ষা কৰিবলৈ স্থানীয়ভাৱে উপযুক্ত নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ” গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
সোণোৱালে ভাৰতৰ জলপথৰ ৰূপান্তৰৰ ক্ষেত্ৰত সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধিৰ বাবে সক্ৰিয় স্থানীয় নিয়োজন, বিশেষকৈ যুৱ ছাত্ৰ-ছাত্ৰীসকলক অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনায়। বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইন্ধনৰ সঞ্চয় আৰু পৰিৱেশগত সুবিধাসমূহৰ পৰিমাণ নিৰ্ধাৰণ কৰাটো এক অন্যতম যোগাযোগৰ কেন্দ্ৰবিন্দু হ’ব লাগে।
সোণোৱালে লগতে কয় যে জল মেট্ৰ’ প্ৰকল্পসমূহে বিশ্বমানৰ আৰু বহনক্ষম যাতায়াতৰ সমাধান প্ৰদান কৰাৰ লগতে চহৰসমূহৰ সৌন্দৰ্য, সুনাম আৰু ঐতিহ্য বৃদ্ধি কৰিব লাগে। তেওঁ পুনৰ কয় যে ইয়াৰ উদ্দেশ্য উন্নত দেশসমূহৰ সৰ্বোত্তম পদ্ধতিৰ সমকক্ষ জনসেৱা হোৱা উচিত। এই পদক্ষেপক এক “সোণালী সুযোগ” বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অভিনৱ, বহনক্ষম আৰু সৰ্বাত্মক যাতায়াত সমাধানৰ জৰিয়তে ভাৰতৰ পৰিবহণ বিপ্লৱৰ পৰৱৰ্তী পৰ্যায়ক আগুৱাই নিয়াত মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।


***
MI/Indu/DB
(रिलीज़ आईडी: 2280195)
आगंतुक पटल : 6