নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা; সংস্কাৰ, ওজৰ-আপত্তি প্ৰতিকাৰ, ডিজিটেল প্ৰশাসন আৰু সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ সপোনৰ দ্বাৰা পৰিচালিত হৈছে সামুদ্ৰিক সংস্কাৰ প্ৰক্ৰিয়া; কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘মেৰিটাইম ৰিফৰ্ম উৎসৱ’ (সামুদ্ৰিক সংস্কাৰ উৎসৱ) ঘোষণা

প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ‘বিকশিত ভাৰত ২০৪৭’ৰ সপোনে নতুন সামুদ্ৰিক সংস্কাৰ কাৰ্যসূচীক শক্তি প্ৰদান কৰিছে: সৰ্বানন্দ সোণোৱাল

সময়সীমা নিৰ্ধাৰিত পৰ্যালোচনা আৰু আন্তঃসংস্থা সমন্বয়ৰ জৰিয়তে গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা, সামুদ্ৰিক প্ৰকল্প আৰু প্ৰধানমন্ত্ৰীৰ গোলকীয় ভ্ৰমণৰ ফলাফলসমূহ কাৰ্যক্ষম কৰিবলৈ এটা উৎসৰ্গিত নিৰীক্ষণ ব্যৱস্থা গঠন: সৰ্বানন্দ সোণোৱাল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডই ‘ৰিফৰ্ম এক্সপ্ৰেছ’ (সংস্কাৰৰ দ্ৰুত গতি)ত আৰোহণ কৰিছে। প্ৰতিটো সংস্কাৰ আমাৰ জনসাধাৰণৰ বাবে প্ৰকৃত লাভলৈ ৰূপান্তৰিত হ’ব লাগিব: সৰ্বানন্দ সোণোৱাল

प्रविष्टि तिथि: 25 MAY 2026 9:21PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। ইয়াত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “বিকশিত ভাৰত ২০৪৭”ৰ সপোনৰ সৈতে সংগতি ৰাখি ভাৰতৰ সামুদ্ৰিক ৰূপান্তৰক ক্ষিপ্ৰতৰ কৰাৰ লক্ষ্যৰে এক ব্যাপক সংস্কাৰমুখী ৰূপৰেখা দাঙি ধৰা হয়।

এই বৈঠকত প্ৰশাসন শক্তিশালী কৰা, ব্যৱসায়িক সুচলতা উন্নত কৰা, ডিজিটেল সংহতি বৃদ্ধি কৰা, কাৰ্যক্ষম ওজৰ-আপত্তি প্ৰতিকাৰ আৰু এক সুশৃংখল তথা দায়বদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পদক্ষেপসমূহ সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ ৰূপান্তৰকাৰী যাত্ৰাৰ বুজ লৈ সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে মন্ত্ৰালয়ে সামুদ্ৰিক সংস্কাৰ আৰু বিকাশৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি “মেৰিটাইম ৰিফৰ্ম উৎসৱ” উদযাপন কৰিব। এই পদক্ষেপে বন্দৰ, জাহাজ পৰিবহণ, আভ্যন্তৰীণ জলপথ, উপকূলীয় আন্তঃগাঁথনি, সেউজ জাহাজ পৰিবহণ, ডিজিটেলকৰণ আৰু সামুদ্ৰিক সংযোগৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধান সাফল্যসমূহ প্ৰদৰ্শন কৰিব, যিয়ে এখন আগশাৰীৰ গোলকীয় সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে দেশখনৰ উত্থানক প্ৰতিফলিত কৰে।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডই ‘সংস্কাৰ, প্ৰদৰ্শন, ৰূপান্তৰ আৰু অৱগতকৰণ’ মন্ত্ৰৰ জৰিয়তে অভূতপূৰ্ব ৰূপান্তৰ লাভ কৰিছে। মেৰিটাইম ৰিফৰ্ম উৎসৱে ভাৰত এখন আধুনিক, দক্ষ আৰু গোলকীয়ভাৱে প্ৰতিযোগিতামূলক সামুদ্ৰিক শক্তিত পৰিণত হোৱাৰ এই যাত্ৰাক উদযাপন কৰিব,” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক ওজৰ-আপত্তি, আদালতৰ গোচৰ, আইনী বিষয় আৰু মন্ত্ৰালয় সম্পৰ্কীয় সকলো অমীমাংসিত বিষয় ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ বাবে এক সুশৃংখল আৰু সময়সীমা নিৰ্ধাৰিত ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে। সাময়িক পৰ্যালোচনা কৰা, দায়বদ্ধতা নিশ্চিত কৰা আৰু সকলো অমীমাংসিত বিষয়ৰ সময়মতে সমাধানৰ সুবিধাৰ্থে এটা উৎসৰ্গিত নিৰীক্ষণ আৰু সমন্বয় সমিতি গঠন কৰা হ’ব। নাগৰিক কেন্দ্ৰিক প্ৰশাসন আৰু অংশীদাৰসকলৰ সঁহাৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোণোৱালে কয় যে ওজৰ-আপত্তি প্ৰতিকাৰ ব্যৱস্থাসমূহে কেৱল প্ৰক্ৰিয়াগত নিষ্পত্তিতেই নহয়, বৰঞ্চ প্ৰকৃত ভূ-স্তৰৰ সমাধানতহে গুৰুত্ব দিব লাগিব। সোণোৱালে বিভাগসমূহক নিৰীক্ষণ গাঁথনি শক্তিশালী কৰিবলৈ আৰু সকলো ৰাজহুৱা আবেদন তথা অংশীদাৰসকলৰ উদ্বেগৰ ওপৰত কাৰ্যক্ষম অনুসৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

ডিজিটেল প্ৰশাসন আৰু ব্যৱসায়িক সুচলতাৰ দিশত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি মন্ত্ৰালয়ে ডিৰেক্টৰেট জেনেৰেল অব শ্বিপিঙৰ অধীনত এটা সংহত ডিজিটেল প্লেটফৰ্ম আৰু ম’বাইল এপ্লিকেচন বিকশিত কৰাৰো সিদ্ধান্ত লয়। প্ৰস্তাৱিত এই প্লেটফৰ্মে এক ইউনিফাইড ডিজিটেল পৰিস্থিতিতন্ত্ৰৰ জৰিয়তে উন্নত অংশীদাৰ ইন্টাৰফেচ, সঠিক সময়ৰ সেৱা প্ৰদান, ডিজিটেল নথিপত্ৰ, ওজৰ-আপত্তি প্ৰতিকাৰ আৰু সংহত সামুদ্ৰিক সেৱা প্ৰদান কৰিব।

বৈঠকত বিগত ১২ বছৰত সামুদ্ৰিক খণ্ডত লাভ কৰা অগ্ৰগতিৰ এক ব্যাপক পৰ্যালোচনা আৰু ব্যৱধান বিশ্লেষণ কৰাৰো সংকল্প লোৱা হয়। এই কাৰ্যসূচীয়ে “বিকশিত ভাৰত ২০৪৭”ৰ ৰাষ্ট্ৰীয় সপোনৰ সৈতে সংগতি ৰাখি চলি থকা সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ মূল্যায়ন কৰিব, লগতে ত্বৰান্বিত নীতিগত হস্তক্ষেপ, প্ৰতিষ্ঠানিক শক্তিশালীকৰণ আৰু ক্ষমতা বৃদ্ধিৰ প্ৰয়োজন থকা অগ্ৰাধিকাৰ প্ৰাপ্ত ক্ষেত্ৰসমূহ চিনাক্ত কৰিব।

সৰ্বানন্দ সোণোৱালে প্ৰধান সামুদ্ৰিক আৰু লজিষ্টিক্স প্ৰকল্পসমূহৰ দ্ৰুত সিদ্ধান্ত গ্ৰহণ আৰু মসৃণ ৰূপায়ণ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, বন্দৰ প্ৰাধিকৰণ, সামুদ্ৰিক প্ৰতিষ্ঠান আৰু উদ্যোগ অংশীদাৰসকলৰ মাজত অধিক শক্তিশালী সমন্বয়ৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। সোণোৱালে নীতি ৰূপায়ণ আৰু নিৰীক্ষণৰ উন্নতিকৰণৰ বাবে আন্তঃমন্ত্ৰালয়ৰ সমন্বয় ব্যৱস্থা আৰু প্ৰতিষ্ঠানিক পৰামৰ্শ বৃদ্ধি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা, জ্ঞানৰ আদান-প্ৰদান আৰু খণ্ডভিত্তিক সমন্বয় বৃদ্ধিৰ বাবে পৰামৰ্শমূলক বৈঠকত উদ্যোগৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰ, বন্দৰ প্ৰাধিকৰণ আৰু আনুষংগিক অংশীদাৰসকলৰ অধিক অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সোণোৱালে উল্লেখ কৰে যে নতুনকৈ উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আৰু ভাৰতৰ সামুদ্ৰিক অৰ্থনীতিৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰিবলৈ সহযোগিতামূলক শাসন আৰু ধাৰাবাহিক সংলাপ অপৰিহাৰ্য।

সামুদ্ৰিক খণ্ডৰ দ্ৰুত পৰিৱৰ্তনশীল প্ৰয়োজনীয়তাক স্বীকাৰ কৰি মন্ত্ৰী সোণোৱালে বিভাগসমূহক দক্ষতা বিকাশ, ক্ষমতা নিৰ্মাণ আৰু বিশেষ সামুদ্ৰিক প্ৰশিক্ষণ কাৰ্যসূচীসমূহ শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে। সোণোৱালে ভৱিষ্যতৰ বিকাশৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ ডিজিটেল প্ৰশাসন, ডাটা ব্যৱস্থাপনা, লজিষ্টিক্স সংহতি আৰু উদীয়মান সামুদ্ৰিক প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত বিশেষজ্ঞতা গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

এই বৈঠকত সমগ্ৰ সামুদ্ৰিক খণ্ডত কাৰ্যক্ষমতা, স্বচ্ছতা আৰু সেৱা প্ৰদানৰ উন্নতিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল ব্যৱস্থা আৰু ডাটা-আধাৰিত প্ৰশাসনৰ ব্যৱহাৰৰ ওপৰতো বিশদভাৱে গুৰুত্ব আৰোপ কৰা হয়। সোণোৱালে উন্নত নিৰীক্ষণ আৰু নীতিগত ফলাফলৰ বাবে প্ৰযুক্তিগত সংহতি ক্ষিপ্ৰতৰ কৰিবলৈ আৰু প্ৰতিষ্ঠানিক ডাটা আদান-প্ৰদান ব্যৱস্থা শক্তিশালী কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

সময়মতে ৰূপায়ণ আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ সোণোৱালে সকলো বিভাগকে জুখিব পৰা ফলাফল-আধাৰিত লক্ষ্যৰে সাময়িক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে মন্ত্ৰালয়ৰ প্ৰতিটো পদক্ষেপ স্পষ্টভাৱে নিৰ্ধাৰিত সময়সীমা, প্ৰদৰ্শন সূচক  আৰু ধাৰাবাহিক মূল্যায়ন ব্যৱস্থাৰ জৰিয়তে নিৰীক্ষণ কৰিব লাগিব।

কাৰ্যক্ষম ৰাজহুৱা যোগাযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী সোণোৱালে বিষয়াসকলক মন্ত্ৰালয়ৰ সাফল্য, সংস্কাৰ আৰু সুযোগসমূহৰ ব্যাপক প্ৰসাৰৰ বাবে অংশীদাৰসকলৰ কাষ চপা আৰু সংবাদ মাধ্যমৰ নিয়োজন প্ৰচেষ্টা উল্লেখনীয়ভাৱে শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে। সোণোৱালে বহুল দৰ্শক, বিশেষকৈ যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ডিজিটেল কেম্পেইন, চুটি ভিডিঅ’, গ্ৰাফিক্স, ৰিলছ, প্ৰতিষ্ঠানিক প্ৰসাৰ আৰু সজাগতা কাৰ্যসূচী ব্যৱহাৰ কৰি অভিনৱ যোগাযোগ ৰণনীতি গ্ৰহণৰ আহ্বান জনায়।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতৰ সামুদ্ৰিক ৰূপান্তৰ জনসাধাৰণৰ ওচৰ পাব লাগিব। আমাৰ সংস্কাৰ, সুযোগ আৰু সাফল্যসমূহ পৰম্পৰাগত আৰু ডিজিটেল দুয়োটা প্লেটফৰ্মৰ জৰিয়তে ফলপ্ৰসূভাৱে প্ৰচাৰ কৰা উচিত যাতে যুৱ ভাৰতীয়সকলে সামুদ্ৰিক খণ্ডক দেশ গঠন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ এক গতিশীল মাধ্যম হিচাপে দেখে,” সৰ্বানন্দ সোণোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ শেহতীয়া পাঁচদিনীয়া, পাঁচখন দেশৰ ভ্ৰমণৰ পৰা উদ্ভৱ হোৱা ফলাফল, প্ৰতিশ্ৰুতি আৰু কৌশলগত পদক্ষেপসমূহৰ সংকলন, পৰ্যালোচনা আৰু অনুসৰণৰ বাবে এটা উৎসৰ্গিত নিৰীক্ষণ আৰু সমন্বয় সমিতি গঠনৰ নিৰ্দেশ দিয়ে। এই সমিতিয়ে এই ভ্ৰমণৰ পৰা ওলোৱা সকলো গুৰুত্বপূৰ্ণ প্ৰদানযোগ্য বিষয়ৰ সময়মতে ৰূপায়ণ, আন্তঃসংস্থা সমন্বয় আৰু সময়সীমাৰ কঠোৰ পালন নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশাসনীয় সংস্কাৰ আৰু দক্ষ জনসেৱা প্ৰদানৰ সপোনক অধিক আগুৱাই লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়ৰ সকলো বিভাগকে ৰূপায়ণৰ হেঙাৰসমূহ চিনাক্ত কৰিবলৈ আৰু ‘সংস্কাৰ, প্ৰদৰ্শন, ৰূপান্তৰ আৰু অৱগতকৰণ’ গাঁথনিৰ অধীনত ব্যৱস্থাসমূহ শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে।

অংশীদাৰসকলৰ কাষ চপা আৰু ৰাজহুৱা যোগাযোগৰ গুৰুত্বৰ ওপৰত জোৰ দি সোণোৱালে কয় যে ৰূপান্তৰকামী সংস্কাৰ আৰু পদক্ষেপসমূহ শক্তিশালী নিয়োজন, ডিজিটেল কেম্পেইন আৰু অভিনৱ যোগাযোগ প্লেটফৰ্মৰ জৰিয়তে কাৰ্যক্ষমভাৱে প্ৰচাৰ কৰিব লাগিব। সোণোৱালে সামুদ্ৰিক খণ্ডত দ্ৰুত কাৰ্যকৰীকৰণ, দায়বদ্ধতা আৰু উন্নত সেৱা প্ৰদানৰ আহ্বান জনোৱাৰ লগতে “বিকশিত ভাৰত”ৰ ৰাষ্ট্ৰীয় সপোনৰ সৈতে সংগতি ৰাখি অধিক সমন্বয়, সুশৃংখল নিৰীক্ষণ আৰু ফলাফল-মুখী প্ৰশাসনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সোণোৱালে পুনৰ দোহাৰে যে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন, সামুদ্ৰিক বিকাশ আৰু সৰ্বাত্মক ৰাষ্ট্ৰীয় উন্নয়নৰ সপোনৰ সৈতে সংগতি ৰাখি এক সক্ৰিয়, দায়বদ্ধ আৰু সংস্কাৰমুখী কৰ্মসংস্কৃতিৰে কাম কৰি যাব লাগিব।

***

MI/Indu/DB


(रिलीज़ आईडी: 2280193) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Tamil