নৌ-পৰিবহন মন্ত্ৰালয়
অৰ্থনৈতিক আয়ুসৰেখা হিচাপে ব্ৰহ্মপুত্ৰৰ ওপৰত কেন্দ্ৰৰ ডাঙৰ পণঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
উচ্চ পৰ্যায়ৰ এইচপিআৰবি বৈঠকত সংহত নদী উন্নয়ন ৰণনীতিৰ বাবে সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ
ব্ৰহ্মপুত্ৰ বোৰ্ডক এক জ্ঞান-ভিত্তিক নদী অৱবাহিকা সংগঠনলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা উত্থাপন
সৰ্বাধিক উপযোগিতাৰ বাবে উত্তৰ-পূবৰ পৰম্পৰাগত, থলুৱা আৰু বহনক্ষম জল ব্যৱস্থাপনা পদ্ধতিক আধুনিক নদী অৱবাহিকা ব্যৱস্থাপনাৰ সৈতে সাঙুৰি ল’ব লাগিব: সৰ্বানন্দ সোণোৱাল
অহা পাঁচ বছৰত উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰৰ ৪,৮০০ কোটি টকীয়া আভ্যন্তৰীণ জলপথৰ পৰিকল্পনা: সৰ্বানন্দ সোণোৱাল
प्रविष्टि तिथि:
19 MAY 2026 9:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰক এক বহুমুখী অৰ্থনৈতিক কৰিডৰলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিবহণ, বাণিজ্য, পৰ্যটন আৰু নদী ব্যৱস্থাপনাৰ এক সংহত প্ৰচেষ্টাৰ নেতৃত্ব দিছে।
আজি অসমৰ গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বোৰ্ডৰ বৈঠকত এই প্ৰচেষ্টাৰ পৰ্যালোচনা কৰা হয়, য’ত মন্ত্ৰী, কাৰিকৰী বিশেষজ্ঞ আৰু ৰাজ্যিক প্ৰতিনিধিসকলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৈজ্ঞানিক নদী অৱবাহিকা পৰিকল্পনা, বান নিয়ন্ত্ৰণ আৰু জলসম্পদৰ বহনক্ষম ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰে। বৈঠকত অৱবাহিকাভুক্ত ৰাজ্যসমূহৰ মাজত অধিক সমন্বয় আৰু জিআইএছ, লিডাৰ (LiDAR) তথা হাইড্ৰ’লজিকেল মডেলিঙৰ দৰে উন্নত প্ৰযুক্তি গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
এই উপলক্ষে আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এই ৰণনীতিৰ মূলতে হৈছে ব্ৰহ্মপুত্ৰক কেৱল এখন নদী হিচাপেই নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সংযোগ আৰু অৰ্থনৈতিক বিকাশক গতি প্ৰদান কৰিব পৰা এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পদ হিচাপে স্বীকৃতি দিয়া। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ২নং ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষিত ব্ৰহ্মপুত্ৰৰ প্ৰকৃত সম্ভাৱনাক বাস্তৱায়িত কৰাৰ দিশত কাম কৰি আহিছে, কিয়নো ই ভাৰত-বাংলাদেশ প্ৰট’কল ৰুটৰ জৰিয়তে অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য অংশক কলকাতা আৰু হালদিয়া বন্দৰৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ পৰিবহণ কৰিডৰ প্ৰদান কৰে, যাৰ ফলত পৰিৱেশ অনুকূল, অৰ্থনৈতিক আৰু কাৰ্যক্ষম পৰিবহণ ব্যৱস্থা পুনৰুজ্জীৱিত হৈ উঠিছে।”
অসমত ইতিমধ্যে প্ৰায় ৭৫১ কোটি টকাৰ প্ৰকল্প সম্পূৰ্ণ হৈছে, যাৰ ভিতৰত পাণ্ডু, ধুবুৰী আৰু যোগীঘোপাৰ দৰে গুৰুত্বপূৰ্ণ টাৰ্মিনেল, ভাসমান জেটী আৰু উন্নত পাৰঘাটৰ সুবিধাসমূহ অন্তৰ্ভুক্ত। আনহাতে ব্ৰহ্মপুত্ৰৰ ফেয়াৰৱে উন্নয়ন, জাহাজ মেৰামতিৰ সুবিধা, পৰ্যটন জেটী আৰু ডিব্ৰুগড়ত এটা আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ স্থাপনকে ধৰি ১,১০০ কোটি টকাতকৈও অধিক মূল্যৰ কাম চলি আছে।
তদুপৰি সৰ্বানন্দ সোণোৱালে সমগ্ৰ ৰাজ্যসমূহত বহনক্ষম জল প্ৰশাসন আৰু সংস্কাৰমূলক পদক্ষেপসমূহ শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাজ্যিক জল সংস্কাৰ পৰিকাঠামো মুকলি কৰাৰ পদক্ষেপক আদৰণি জনায়।
“ব্ৰহ্মপুত্ৰৰ উন্নয়ন মানে হৈছে এক শক্তিশালী আৰু বহনক্ষম নদী পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা যিয়ে সংযোগ, বাণিজ্য আৰু সমাজক সহায় কৰে। বছৰটোৰ সকলো সময়তে জাহাজ চলাচলৰ উপযোগী আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিবলৈ বান ব্যৱস্থাপনা, খহনীয়া নিয়ন্ত্ৰণ, খনন আৰু আন্তঃগাঁথনি উন্নয়নক একত্ৰিত কৰি সংহত নদী অৱবাহিকা পৰিকল্পনা কৰাটো অপৰিহাৰ্য। আমাৰ গতিশীল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন অনুসৰি এই অঞ্চলৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি জিআইএছভিত্তিক পৰিকল্পনা আৰু ডিজিটেল নিৰীক্ষণৰ দৰে আধুনিক প্ৰযুক্তি গ্ৰহণৰ জৰিয়তে আমি আমাৰ জলপথসমূহক কাৰ্যক্ষম, সেউজ আৰু ভৱিষ্যতৰ বাবে সাজু পৰিবহণ কৰিডৰলৈ ৰূপান্তৰিত কৰাৰ দিশত কাম কৰি আছোঁ,” বৈঠকত সংহত নদী উন্নয়ন ৰণনীতিৰ সপক্ষে তীব্ৰ যুক্তি দৰ্শাই সোণোৱালে এইদৰে কয়।
চৰকাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ৪,৮০০ কোটি টকাৰ ভৱিষ্যতৰ প্ৰকল্পৰ বাবেও বিনিয়োগ কৰিছে, যাৰ ভিতৰত কমিউনিটি জেটী, কাৰ্গ’ জাহাজ, ড্ৰেজাৰ আৰু ক্ৰুজ টাৰ্মিনেল অন্তৰ্ভুক্ত। এই পদক্ষেপসমূহে অন্তিম প্ৰান্তৰ সংযোগ শক্তিশালী কৰিব, লজিষ্টিক খণ্ডৰ দক্ষতা বৃদ্ধি কৰিব আৰু নদী প্ৰধান অঞ্চলসমূহত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
নীতিগত পৰ্যায়ত, ব্ৰহ্মপুত্ৰ বোৰ্ডক এক আধুনিক, প্ৰযুক্তি-চালিত নদী অৱবাহিকা সংগঠন হিচাপে নতুনকৈ গঢ়ি তোলা হৈছে। এই পৰিকল্পনাসমূহৰ ভিতৰত ডিজিটেল শাসন ব্যৱস্থা, তথ্য-আধাৰিত প্ৰকল্প নিৰীক্ষণ আৰু উত্তৰ-পূব জলবাহী আৰু আনুষংগিক গৱেষণা প্ৰতিষ্ঠানৰ দৰে গৱেষণা প্ৰতিষ্ঠানসমূহৰ পুনৰুজ্জীৱিতকৰণ অন্তৰ্ভুক্ত।
মোদী চৰকাৰে এই নদীখনক ইয়াৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে এক কৌশলগত আহিলা হিচাপেও গণ্য কৰে, যাৰ ফলত আন্তঃসীমান্ত সংযোগ আৰু আঞ্চলিক বাণিজ্য সম্ভৱ হৈ পৰিছে বুলি সোণোৱালে লগতে কয়। আভ্যন্তৰীণ জলপথসমূহক ক্ৰমান্বয়ে পথ আৰু ৰে’ল পৰিবহণৰ এক সুলভ আৰু পৰিৱেশ অনুকূল বিকল্প হিচাপে স্থান দিয়া হৈছে, যাৰ ফলত যান-জঁট, ইন্ধনৰ ব্যৱহাৰ আৰু প্ৰদূষণ হ্ৰাস পাইছে।
২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ অধীনত ভাৰতত আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত আভ্যন্তৰীণ জল পৰিবহণৰ ক্ষিপ্ৰ বিকাশ সাধন হৈছে। ৰাষ্ট্ৰীয় জলপথত কাৰ্গ’ পৰিবহণ ২০১৪ চনৰ ১৮ নিযুত মেট্ৰিক টনৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ২১৮ নিযুত মেট্ৰিক টনতকৈও অধিক হৈছে, যিয়ে লজিষ্টিক শৃংখলাত এই খণ্ডটোৰ বৰ্ধিত ভূমিকাক প্ৰমাণ কৰে।
অনাগত সময়ছোৱাত উত্তৰ-পূব অঞ্চলৰ আভ্যন্তৰীণ জলপথ খণ্ডত ৭৯টা কমিউনিটি জেটীৰ উন্নয়ন, ডিব্ৰুগড়ৰ আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ আৰু পাণ্ডুৰ জাহাজ মেৰামতি কেন্দ্ৰৰ দৰে গুৰুত্বপূৰ্ণ সুবিধাসমূহৰ সম্প্ৰসাৰণ আৰু কৌশলগত নদী বন্দৰসমূহত সীমাশুল্ক আৰু প্ৰব্ৰজনৰ বাবে সহযোগী আন্তঃগাঁথনি নিৰ্মাণ হোৱাৰ সম্ভাৱনা আছে। এই পৰিকল্পনাত ড্ৰেজাৰ, জৰীপ জাহাজ আৰু কাৰ্গ’ ফ্লীট ক্ৰয় কৰাৰ লগতে অসমত নগৰীয়া পানী পৰিবহণ ব্যৱস্থা আৰু ক্ৰুজ টাৰ্মিনেল স্থাপনৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে। বিষয়াসকলে কয় যে গধুৰ পলিকণৰ বোজা, পৰিৱৰ্তনশীল গতিপথ আৰু বাৰে বাৰে অহা বানপানীৰ দৰে কাৰিকৰী প্ৰত্যাহ্বানসমূহৰ বাবে এক বৈজ্ঞানিক আৰু সংহত নদী অৱবাহিকা ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা থকা স্বত্বেও, এই বিনিয়োগসমূহৰ লক্ষ্য হৈছে জাহাজ চলাচলৰ যোগ্যতা উন্নত কৰা, লজিষ্টিক দক্ষতা বৃদ্ধি কৰা আৰু নদী-ভিত্তিক পৰিবহণৰ অৰ্থনৈতিক সম্ভাৱনাসমূহ মুকলি কৰা।
এইচপিআৰবি বৈঠকত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চিআৰ পাটিল; জলশক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজ ভূষণ চৌধুৰী; অসমৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগ; অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী বিয়ুৰাম ৱাহগে; মণিপুৰৰ পৰ্যটন মন্ত্ৰী খুৰাইজম লোকেণ সিং; মেঘালয়ৰ জলসম্পদ মন্ত্ৰী মেটবাহ লিংডো; মিজোৰামৰ আইডব্লিউআৰডি মন্ত্ৰী পি চি ভানলালৰুৱাতা; ছিকিমৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী সোনাম লামা; আৰু ত্ৰিপুৰাৰ উদ্যোগ মন্ত্ৰী সান্তনা চাকমা উপস্থিত থাকে। বৈঠকত উপদেষ্টাসকলৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙো উপস্থিত থাকে।




***
MI/Indu/DB
(रिलीज़ आईडी: 2280171)
आगंतुक पटल : 16