প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হুল দিৱসত সাহসী যোদ্ধাসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
प्रविष्टि तिथि:
30 JUN 2026 6:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুল দিৱস উপলক্ষে বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিয়া ছিডো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে সাহসী যোদ্ধাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনজাতীয় মৰ্যাদা তথা সন্মানৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ সংগ্ৰাম আৰু ত্যাগৰ কাহিনীয়ে দেশবাসীৰ হৃদয়ত নতুন শক্তিৰ সঞ্চাৰ অব্যাহত ৰাখিব।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
হুল দিৱস হৈছে মাতৃভূমিৰ প্ৰতি আমাৰ জনজাতীয় সমাজৰ অদম্য মনোভাৱৰ এক শক্তিশালী প্ৰতীক। ভাৰতীয় ইতিহাসৰ এই গৌৰৱোজ্জ্বল ক্ষণত, বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া ছিডো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে সকলো সাহসী ব্যক্তিৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। জনজাতীয় মৰ্য্যাদা আৰু সন্মান ৰক্ষাৰ বাবে তেওঁলোকৰ সংগ্ৰাম আৰু ত্যাগৰ কাহিনীয়ে দেশবাসীৰ মাজত নতুন শক্তিৰ সঞ্চাৰ অব্যাহত ৰাখিব।
***
MJPS/SS/VJ/MK
(रिलीज़ आईडी: 2279651)
आगंतुक पटल : 33
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Telugu
,
Kannada
,
Malayalam