কৃষি মন্ত্ৰালয়
১ জুলাইত অৰুণাচল প্ৰদেশৰ বানপীড়়িত অঞ্চল ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে
৩০ জুনত গুৱাহাটীত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ
পোষ্ট কৰা হৈছে:
29 JUN 2026 9:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিব। শ্ৰী চৌহানে ৩০ জুনত নতুন দিল্লীৰ পৰা যাত্ৰা কৰিব আৰু একে দিনাই অসমৰ গুৱাহাটীত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব। ১ জুলাইত তেওঁ অৰুণাচল প্ৰদেশৰ বানপীড়়িত অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত অঞ্চলসমূহৰ বান পৰিস্থিতি নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু স্থলভাগৰ মূল্যায়ন তথা ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিক গুৰুত্বসহকাৰে লৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানক তাৎক্ষণিকভাৱে ক্ষেত্ৰভিত্তিক ভ্ৰমণ কৰি পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ ল’বলৈ নিৰ্দেশ দিছে।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শ্ৰী চৌহানে ৩০ জুনত নতুন দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হ’ব, য’ত তেওঁ অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত অসম আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহৰ শস্য, গাঁও আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ওপৰত বানপানীৰ প্ৰভাৱ পৰ্যালোচনা কৰা হ’ব, চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হ’ব আৰু অধিক সাহায্য তথা পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হ’ব।
অসমত পৰ্যালোচনা কৰাৰ পিছত শ্ৰী চৌহানে ১ জুলাইত অৰুণাচল প্ৰদেশৰ বানপীড়়িত অঞ্চলসমূহ ভ্ৰমণ কৰিব। বানপীড়িত গাঁও, কৃষিপথাৰ আৰু সাহায্য শিবিৰসমূহৰ অৱস্থা মূল্যায়ন কৰিবলৈ তেওঁ আকাশমাৰ্গ আৰু স্থলভাগৰ জৰিয়তে পৰ্যালোচনা কৰিব। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানপীড়়িত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক-যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব, যাতে এতিয়ালৈকে হাতত লোৱা সাহায্য ব্যৱস্থাসমূহৰ কাৰ্যকাৰীতা বুজি পোৱা যায় আৰু প্ৰয়োজনীয় অতিৰিক্ত জৰুৰী সহায়সমূহ চিনাক্ত কৰিব পৰা যায়।
বিয়লি শ্ৰী চৌহানে অৰুণাচলপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিসকলৰ সৈতেও বৈঠকত মিলিত হ’ব। আলোচনাৰ সময়ত শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন পৰিশোধ, বানপানীত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰিৰ পুনৰ্নিৰ্মাণ, লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ গঢ়ি তোলাৰ ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
*****
RC/MS/DB
(ৰিলিজ আই ডি : 2279259)
অতিথি কক্ষ : 32