পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

"ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গ্ৰাম সভাত কম অংশগ্ৰহণ" সন্দৰ্ভত ৩০জুন ২০২৬ত মুকলি কৰা হ'ব ৰাষ্ট্ৰীয় অধ্যয়ন প্ৰতিবেদন

প্ৰতিবেদনত গ্ৰাম সভাৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ প্ৰত্যাহ্বান আৰু পথসমূহৰ ওপৰত আলোকপাত কৰা হৈছে

प्रविष्टि तिथि: 29 JUN 2026 10:10AM by PIB Guwahati

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ সচিব বিবেক ভৰদ্বাজৰ লগতে চৰকাৰ, এন আই আৰ ডি আৰু পি আৰ-ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল, শিক্ষাবিদ, গৱেষক আৰু পঞ্চায়তী ৰাজৰ সৈতে জড়িত অংশীদাৰসকলৰ উপস্থিতিত নীতি আয়োগৰ সদস্য ড০ আৰ বালাসুব্ৰমনিয়ামে ২০২৬চনৰ ৩০ জুনত নতুন দিল্লীত "ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গ্ৰামসভাত কম অংশগ্ৰহণ" শীৰ্ষক ৰাষ্ট্ৰীয় অধ্যয়ন প্ৰতিবেদন মুকলি কৰিব।

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ বাবে এন আই আৰ ডি এণ্ড পি আৰ-ৰ জৰিয়তে প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে আৰু ই পেছা তথা মহিলা নেতৃত্বাধীন গ্ৰাম পঞ্চায়তকে ধৰি ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৪০০ খন গ্ৰাম পঞ্চায়তৰ প্ৰায় ৭,৭৯০ জন উত্তৰদাতাক সামৰি লোৱা ব্যাপক ক্ষেত্ৰ গৱেষণাৰ ওপৰত আধাৰিত। ই অংশগ্ৰহণমূলক গণতন্ত্ৰ আৰু তৃণমূল প্ৰশাসন শক্তিশালী কৰাৰ বাবে ব্যৱহাৰিক ব্যৱস্থা চিনাক্ত কৰাৰ লক্ষ্যৰে সজাগতাৰ স্তৰ, যোগাযোগ ব্যৱস্থা, অন্তৰ্ভুক্তি, প্ৰতিষ্ঠানিক সঁহাৰি, প্ৰশাসনৰ অনুশীলন, আন্তঃগাঁথনিৰ উপলব্ধতা আৰু নাগৰিকৰ ধাৰণাকে ধৰি গ্ৰাম সভাত অংশগ্ৰহণক প্ৰভাৱিত কৰা মাত্ৰাসমূহ পৰীক্ষা কৰাৰ লগতে নীতি প্ৰস্তুত কৰা, প্ৰতিষ্ঠানিক শক্তিশালীকৰণ আৰু গ্ৰাম সভাত নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে প্ৰমাণ-আধাৰিত কাৰ্যকৰী সমল প্ৰদান কৰে। সংবিধানৰ অনুচ্ছেদ ২৪৩ এ-ৰ অধীনত পৰিকল্পনা কৰা গ্ৰাম সভা হৈছে অংশগ্ৰহণমূলক স্থানীয় প্ৰশাসনৰ আধাৰশিলা। এই ৰাষ্ট্ৰীয় অধ্যয়ন প্ৰতিবেদনত, নাগৰিকৰ অংশগ্ৰহণক প্ৰভাৱিত কৰা কাৰকবোৰ চিনাক্ত কৰা আৰু গ্ৰাম সভাবোৰ শক্তিশালী কৰা, সমগ্ৰ গ্ৰাম্য ভাৰতত অধিক জীৱন্ত, সামগ্ৰিক আৰু দায়বদ্ধ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰাৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিয়াৰ চেষ্টা কৰা হৈছে।

 

***

AA/DD


(रिलीज़ आईडी: 2278962) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , Bengali , English , Urdu , Marathi , हिन्दी , Tamil