নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

মুম্বাই বন্দৰৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫,০২৮ কোটি টকাৰ উন্নয়নমূলক পদক্ষেপ আৰম্ভ কৰে

আন্তঃগাঁথনি, জলপৃষ্ঠৰ উন্নয়ন আৰু বন্দৰৰ আধুনিকীকৰণৰ ৬৩টা প্ৰকল্পই বিকশিত ভাৰত ২০৪৭ৰ ক্ষেত্ৰত মুম্বাই বন্দৰৰ ভূমিকাক শক্তিশালী কৰিব

ইন্দিৰা ডক অ’ এণ্ড এম আৰু মুম্বাই মেৰিনা চুক্তিয়ে মুম্বাই বন্দৰৰ বিকাশৰ নতুন অধ্যায় চিহ্নিত কৰিছে: সৰ্বানন্দ সোণোৱাল

प्रविष्टि तिथि: 25 JUN 2026 11:13PM by PIB Guwahati

নতুন দিল্লী, ২৫ জুন, ২০২৬: কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ  মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুম্বাই বন্দৰ কৰ্তৃপক্ষই মুম্বাইত ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত গ্ৰহণ কৰা  ৫,০২৮.১৭ কোটি টকাৰ ৬৩টা প্ৰকল্পৰ উন্নয়নমূলক পদক্ষেপ আৰম্ভ কৰে। তেওঁ  ভাৰতৰ অন্যতম পুৰণি বন্দৰটোক আধুনিক, বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু সামুদ্ৰিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে কেন্দ্ৰৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ১৩২.২৯ কোটি টকাৰ সাতটা উদ্বোধন কৰা প্ৰকল্প, ১,৩৫৪.৫৯ কোটি টকাৰ ৩৪টা আধাৰশিলা স্থাপন কৰা প্ৰকল্প আৰু ৩,৫৪১.২৯ কোটি টকাৰ ২২টা নতুনকৈ ঘোষণা কৰা প্ৰকল্প, যিবোৰে বন্দৰটোৰ আন্তঃগাঁথনি, জলপৃষ্ঠৰ উন্নয়ন, লজিষ্টিক আৰু পৰিচালনাৰ দক্ষতাক সামৰি লৈছে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ আগবঢ়াই  সোণোৱালে মুম্বাই বন্দৰ কৰ্তৃপক্ষক ১৫৪ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায়। তেওঁ  কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক পৰিৱৰ্তন সাধনত  বন্দৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

"মুম্বাই বন্দৰ কৰ্তৃপক্ষই ডেৰ শতিকাতকৈও অধিক সময় ধৰি ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ মূল স্তম্ভ হৈ আহিছে। আজি ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিকশিত ভাৰত ২০৪৭ৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে  আমাৰ বন্দৰসমূহ অৰ্থনৈতিক বিকাশ, বহনক্ষমতা আৰু বিশ্ব প্ৰতিযোগিতামূলক ক্ষমতাৰ ইঞ্জিনলৈ ৰূপান্তৰিত  হৈছে। আজিৰ এই  প্ৰকল্পসমূহে বিশ্ব-শ্ৰেণীৰ বন্দৰ নিৰ্মাণৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। আন্তঃগাঁথনি, লজিষ্টিকৰ দক্ষতা উন্নত কৰা, ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰা, উপকূলীয় জাহাজ চলাচলক শক্তিশালী কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সুযোগ সৃষ্টি কৰাই হৈছে আমাৰ লক্ষ্য” শ্ৰী সোণোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীৰ সময়ত দুখন মূল চুক্তিও দেশবাসীক উচৰ্গা কৰে। সেয়া হৈছে  ইন্দিৰা ডক অপাৰেচন এণ্ড মেইণ্টেনেন্স এগ্ৰিমেণ্ট আৰু বিকশিত ভাৰত মুম্বাই মেৰিনা এগ্ৰিমেণ্ট।  যিয়ে বন্দৰৰ কাম-কাজ শক্তিশালী কৰিব, জলপৃষ্ঠৰ উন্নয়ন ত্বৰান্বিত কৰিব আৰু মুম্বাই বন্দৰৰ সম্পত্তিৰ উৎপাদনশীল ব্যৱহাৰ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

১৫৪ বছৰীয়া হোৱা মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ বিকাশত  অৰিহণা যোগোৱা বিষয়া, কৰ্মচাৰী, শ্ৰমিক, বন্দৰ ব্যৱহাৰকাৰী, বাণিজ্যিক অংশীদাৰ, সেৱা প্ৰদানকাৰী আৰু অন্যান্য অংশীদাৰসকলৰ অৱদানক স্বীকৃতি দি "একেলগে আমি পাৰো" বিষয়বস্তুৰে  প্ৰতিষ্ঠা দিৱসটি উদযাপন অনুষ্ঠিত কৰা হয়।

বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কয় যে মুম্বাই বন্দৰ কৰ্তৃপক্ষই ভাৰতৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে কাম কৰি আছে। তেওঁ বন্দৰটোৰ উত্তৰাধিকাৰ তথা  ভৱিষ্যতৰ বৃদ্ধি বজাই ৰখাৰ ক্ষেত্ৰত ইয়াৰ বিষয়া, কৰ্মচাৰী আৰু অংশীদাৰসকলৰ নিষ্ঠাক স্বীকাৰ কৰে। অনুষ্ঠানত মুম্বাই বন্দৰ ক্ৰীড়া ক্লাবৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিচাৰণ কৰি মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ  অবিৰত যাত্ৰাক  সুন্দৰ ৰূপত উপস্থাপন কৰা হয়। লগতে ক্ৰীড়াৰ ক্ষেত্ৰত  কৃতিত্ব অৰ্জনকাৰী, কৰ্মচাৰী আৰু অংশীদাৰসকলক তেওঁলোকৰ অসাধাৰণ অৱদানৰ বাবে বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব  বিজয় কুমাৰ; মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ ড০ এম অংগমুথু; মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ উপাধ্যক্ষ আদেশ তিতাৰমাৰে; জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ গৌৰৱ দয়াল; মুম্বাই শুল্ক জ’ন-১ৰ প্ৰধান মুখ্য আয়ুক্ত মায়ংক কুমাৰৰ লগতে জ্যেষ্ঠ বিষয়া, উদ্যোগৰ প্ৰতিনিধি আৰু সামুদ্ৰিক অংশীদাৰসকল উপস্থিত থাকে ।

***

MI/Indu/DM


(रिलीज़ आईडी: 2278795) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil