নৌ-পৰিবহন মন্ত্ৰালয়
সৰ্বানন্দ সোণোৱালৰ গোৱাৰ নতুন কেপ্টেইন অৱ প’ৰ্টছ টাৰ্মিনেল বিল্ডিং উদ্বোধন, গোৱা জল মেট্ৰ’ৰ বাবে প্ৰথম পৰ্যায়ৰ অগ্ৰাধিকাৰ ঘোষণা
গোৱাৰ সামুদ্ৰিক ৰোডমেপে বোৰ্ড, জাহাজ নিৰ্মাণ নীতি আৰু মাষ্টাৰ প্লেনৰ সৈতে গতি লাভ কৰিছেঃ সৰ্বানন্দ সোণোৱাল
মৰ্মুগাও বন্দৰে গ্ৰীণ পোৰ্টৰ মৰ্যাদাৰ সৈতে উচ্চ মান স্থাপন কৰিছে, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰসাৰিত কৰিছে
प्रविष्टि तिथि:
27 JUN 2026 3:17PM by PIB Guwahati
২৬ জুনত, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী (এম ও পি এছ ডব্লিউ) সৰ্বানন্দ সোণোৱালে পানাজীত গোৱাৰ নতুন কেপ্টেইন অৱ প'ৰ্টছ টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰে। ই হৈছে সামুদ্ৰিক প্ৰশাসন শক্তিশালী কৰা, জাহাজৰ নিৰীক্ষণ আৰু নৌ পৰিবহন উন্নত কৰা তথা বহনক্ষম সামুদ্ৰিক বিকাশৰে ৰাজ্যখনৰ দৃষ্টিভংগীক সমৰ্থন কৰাৰ বাবে ডিজাইন কৰা ৪৮.৮৭ কোটি টকাৰ জলৰ পাৰৰ সুবিধা।
গোৱা ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম (জিএছআইডিচি) ৰ দ্বাৰা বিকশিত জি+৩ ভৱনটো ৪,৪০৫ বৰ্গ মিটাৰতকৈও অধিক বিস্তাৰিত আৰু বৰ্তমানৰ কেপ্টেইন অৱ প'ৰ্টছ সলনি কৰে, যি বিভাগৰ বৰ্ধিত কাৰ্য্যকৰী প্ৰয়োজনীয়তাৰ বাবে পৰ্যাপ্ত নাছিল। নদীৰ পাৰত বান্ধি ৰখা জাহাজৰ ৰূপৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা নতুন টাৰ্মিনেলটো গোৱাৰ সামুদ্ৰিক ঐতিহ্য উদযাপন কৰা এক প্ৰশাসনিক কেন্দ্ৰ তথা এক মাইলৰ খুঁটি হিচাপে সেৱা আগবঢ়াবলৈ ডিজাইন কৰা হৈছে।
এই উদ্বোধন অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্ত, কেন্দ্ৰীয় শক্তি আৰু নতুন তথা নৱীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ নাইক, গোৱাৰ কেপ্টেইন অৱ প'ৰ্টছৰ মন্ত্ৰী দিগম্বৰ কামত, গোৱাৰ নদী পৰিবহন বিভাগৰ মন্ত্ৰী সুভাষ ফাল দেশাই, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু সামুদ্ৰিক খণ্ডৰ প্ৰতিনিধিসকল উপস্থিত আছিল।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয় যে এই নতুন সুবিধাটোৱে চৰকাৰী ভৱনতকৈ বহু বেছি প্ৰতিনিধিত্ব কৰে। ‘আজি আমি এটা অট্টালিকাতকৈ বহুত বেছি উৎসৰ্গা কৰিছো। আমি গোৱাৰ সামুদ্ৰিক পৰিচয়, আধুনিকীকৰণৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি আৰু এক বহনক্ষম তথা জনসাধাৰণ-কেন্দ্ৰিক ভৱিষ্যতৰ বাবে ইয়াৰ দৃষ্টিভংগীৰ প্ৰতীক উৎসৰ্গা কৰিছো’।
নদীৰ পাৰত দীৰ্ঘস্থায়ীতা বৃদ্ধি কৰিবলৈ এক সংমিশ্ৰিত ইস্পাত-আৰু-চিমেন্টৰ-কংক্ৰিট গাঁথনি ব্যৱহাৰ কৰি নতুন টাৰ্মিনেলটো এটা স্তূপৰ ভেটিৰ ওপৰত নিৰ্মাণ কৰা হৈছে। কেপ্টেইন অৱ প'ৰ্টছ বিভাগৰ গৃহৰ উপৰি এই ভৱনটোত আধুনিক যাত্ৰীৰ সুবিধা, দুগুণ উচ্চতাৰ ৰাজহুৱা লবী, সন্মিলনৰ সুবিধা, সামুদ্ৰিক আৰু হাইড্ৰ’গ্ৰাফিক কাৰ্যালয়, নৌ পৰিবহন নিয়ন্ত্ৰণ আন্তঃগাঁথনি, এটা ৰেডিঅ’ যোগাযোগ কেন্দ্ৰ আৰু ৰাজহুৱা সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। বিভাগৰ বাবে অতিৰিক্ত ৰাজহৰ সুযোগ সৃষ্টি কৰাৰ লগতে ৰাজহুৱা আৰু সামুদ্ৰিক অনুষ্ঠান আয়োজন কৰাৰ সুবিধা প্ৰদান কৰি প্ৰায় ৪৫০ জন লোক বহিব পৰা ক্ষমতাৰে ছাদৰ ওপৰত এটা ৰংগমঞ্চ, এখন ইনড’ৰ ৰেষ্টুৰেণ্ট আৰু এখন মুকলি ছাদো অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত যোৱা বাৰ বছৰত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি সোণোৱালে কয় যে দেশৰ বন্দৰসমূহৰ ক্ষমতা প্ৰায় দুগুণ হৈছে আৰু জাহাজৰ পৰিৱৰ্তনৰ সময় ৯৫ ঘণ্টাৰ পৰা ৪১ ঘণ্টালৈ হ্ৰাস কৰা হৈছে। ভাৰতৰ সাগৰীয় কৰ্মশক্তি ৩ লাখতকৈও অধিকলৈ বৃদ্ধি পাইছে, উপকূলীয় কাৰ্গো চলাচল দুগুণতকৈও অধিক হৈছে, জাহাজ যাত্ৰীৰ সংখ্যা চাৰিগুণতকৈও অধিক বৃদ্ধি পাইছে আৰু কাৰ্য্যকৰী ৰাষ্ট্ৰীয় জলপথ তিনিৰ পৰা ৩২ লৈ সম্প্ৰসাৰিত হৈছে।
সোণোৱালে লগতে উল্লেখ কৰে যে আভ্যন্তৰীণ আয়তণৰ জোখত ভাৰত বিশ্বৰ আগশাৰীৰ জাহাজ পুনৰ্ব্যৱহাৰ কৰা দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে, যি বিশ্বব্যাপী সামঞ্জস্যপূৰ্ণ সামুদ্ৰিক অনুশীলনৰ প্ৰতি দেশৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে আৰু ই পৰিৱেশগতভাৱেও দায়বদ্ধ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গোৱা চৰকাৰক সামুদ্ৰিক সংস্কাৰৰ ক্ষেত্ৰত অগ্ৰণী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰশংসা কৰি উল্লেখ কৰে যে গোৱাই আভ্যন্তৰীণ জাহাজ আইন, ২০২১ ৰ ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হৈ পৰিছে। তেওঁ কয় যে প্ৰস্তাৱিত গোৱা সামুদ্ৰিক পৰিষদ, গোৱা জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি নীতি তথা সামুদ্ৰিক মাষ্টাৰ প্লেনে ৰাজ্যখনৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক অধিক শক্তিশালী কৰিব।
সোণোৱালে মৰমুগাও বন্দৰ কৰ্তৃপক্ষৰ দ্ৰুত উন্নয়নৰ ওপৰতো আলোকপাত কৰে, য'ত ২০১৪ চনৰ পৰা ইতিমধ্যে ১,৩০০ কোটি টকাতকৈও অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে, আনহাতে ২,০০০ কোটি টকাতকৈও অধিক প্ৰকল্প ৰূপায়ণ হৈ আছে। ইয়াৰ ভিতৰত আছে বাৰ্থ নম্বৰ ৯-ৰ পুনৰ বিকাশ, নতুন মাছ ধৰা বন্দৰৰ সৈতে ভাস্কো উপসাগৰ প্ৰকল্প, গভীৰ বাৰ্থৰ বাবে প্ৰাথমিক ড্ৰেজিং আৰু নাৱিকসকলৰ মনেৰঞ্জনৰ অৰ্থে এটা আধুনিক ক্লাব। মৰ্মুগাও বন্দৰ ভাৰতৰ প্ৰথমটো সেউজ বন্দৰ আৰু সেউজ জাহাজ ইনচেন্টিভ প্ৰৱৰ্তন কৰা প্ৰথমটো বন্দৰ হিচাপে পৰিগণিত হৈছে।
এটা গুৰুত্বপূৰ্ণ ঘোষণাত সোণোৱালে কয় যে প্ৰস্তাৱিত গোৱা জল মেট্ৰ’ প্ৰকল্পটো এতিয়া প্ৰথম পৰ্যায়ৰ ৰূপায়ণৰ অগ্ৰাধিকাৰৰ অধীনত অনা হৈছে।
‘গোৱাৰ জলপথত বহনক্ষম, দক্ষ আৰু পৰিৱেশ অনুকূল নগৰীয়া গতিশীলতা প্ৰদান কৰাৰ অপৰিসীম সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত, মই আত্মবিশ্বাসী যে গোৱাই অতি সোনকালেই এই পৰিৱৰ্তনশীল প্ৰকল্পটো বাস্তৱত পৰিণত হোৱাৰ সাক্ষী হ’ব আৰু লগতে ৰাজ্যখনৰ পৰ্যটনৰ অভিজ্ঞতা আৰু অধিক বৃদ্ধি কৰিব’, সোণোৱালে কয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে আধুনিক ভাসমান জেটি, যাত্ৰী টাৰ্মিনেল আৰু উন্নত নৌ পৰিবহন সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে নদী পৰিবহণ শক্তিশালী কৰাৰ বাবে কেপ্টেইন অৱ প'ৰ্টছ বিভাগক প্ৰশংসা কৰে, যিয়ে সমগ্ৰ ৰাজ্যখনত সংযোগ আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰিছে।
গোৱা ইনষ্টিটিউট অৱ মেৰিটাইম এক্সিলেন্স (জিআইএমই) প্ৰতিষ্ঠাৰ বাবে গোৱা চৰকাৰক অভিনন্দন জনাই সৰ্বানন্দ সোণোৱালে কয় যে প্ৰতিষ্ঠানটোৱে সামুদ্ৰিক শিক্ষা, আভ্যন্তৰীণ জলপথ প্ৰশিক্ষণ, জাহাজ পৰিচালনা, সুৰক্ষা, জল ক্ৰীড়া আৰু দক্ষতা বিকাশৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।
মন্ত্ৰীগৰাকীয়ে গোৱাৰ সামুদ্ৰিক উচ্চাকাংক্ষাক সমৰ্থন কৰাৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি কয় যে কেন্দ্ৰই বিশ্বমানৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ বিকাশৰ কাৰণে ৰাজ্যখনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি থাকিব।
কেপ্টেইন অৱ প'ৰ্টছ টাৰ্মিনেল বিল্ডিং গোৱাৰ নদী পৰিবহন প্ৰশাসনৰ বাবে স্নায়ু কেন্দ্ৰ হৈ পৰিব বুলি আশা কৰা হৈছে যদিও ই ৰাজ্যখনৰ শতিকা পুৰণি সামুদ্ৰিক উত্তৰাধিকাৰক প্ৰতিফলিত কৰা এক বিশিষ্ট স্থাপত্যৰ সীমাচিহ্ন হিচাপে থিয় হৈছে। এই প্ৰকল্পটো সাগৰমালা কাৰ্যসূচী আৰু সামুদ্ৰিক ভাৰত ভিজন ২০৩০-ৰ অধীনত ভাৰত চৰকাৰৰ বন্দৰ-নেতৃত্বাধীন উন্নয়নৰ বিস্তৃত দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে, যাৰ লক্ষ্য হৈছে উপকূলীয় সংযোগ শক্তিশালী কৰা, লজিষ্টিক দক্ষতা উন্নত কৰা আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ কৰা।




***
MI/Indu/MK
(रिलीज़ आईडी: 2278439)
आगंतुक पटल : 10