নৌ-পৰিবহন মন্ত্ৰালয়
মুম্বাই বন্দৰ প্ৰাধিকৰণৰ ১৫৪সংখ্যক প্ৰতিষ্ঠা দিৱসত ইয়াৰ ঐতিহ্য আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰ প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
মুম্বাই বন্দৰ প্ৰাধিকৰণৰ তিনিটা পৰ্যায়ত মুঠ ৫,০২৮.১৭ কোটি টকাৰ ৬৩টা প্ৰকল্প উপস্থাপন
"ভাৰতৰ সামুদ্ৰিক যাত্ৰাত মুম্বাই বন্দৰে এক বিশেষ স্থান অধিকাৰ কৰিছে আৰু ই বিনিয়োগ, পৰ্যটন, লজিষ্টিক আৰু শক্তি সুৰক্ষাৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছেঃ" কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী
"বিকশিত ভাৰত ২০৪৭ৰ যাত্ৰাত মুম্বাই বন্দৰ প্ৰাধিকৰণৰ দৰে প্ৰতিষ্ঠানসমূহৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছেঃ" ৰাজ্যিক মন্ত্ৰী, বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়
प्रविष्टि तिथि:
25 JUN 2026 5:13PM by PIB Guwahati
ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ মুম্বাই বন্দৰ প্ৰাধিকৰণে আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰৰ উপস্থিতিত ইয়াৰ ১৫৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
"টুগেদাৰ উই কেন" বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুম্বাই বন্দৰ প্ৰাধিকৰণৰ বিকাশ আৰু কাৰ্যকলাপত বিষয়া, কৰ্মচাৰী, শ্ৰমিক, বন্দৰ ব্যৱহাৰকাৰী, শ্বিপিং লাইন, ব্যৱসায়িক অংশীদাৰ, সেৱা প্ৰদানকাৰী আৰু অংশীদাৰসকলৰ অৱদানক স্বীকৃতি দিয়া হয়।

মূল ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মুম্বাই বন্দৰ প্ৰাধিকৰণক ১৫৪ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায়। তেওঁ মুম্বাই বন্দৰৰ দীৰ্ঘদিনীয়া ইতিহাস সোঁৱৰাই কয় যে মুম্বাইক এটা বন্দৰৰ পৰা ভাৰতৰ আৰ্থিক আৰু বাণিজ্যিক ৰাজধানী হিচাপে গঢ়ি তোলাত এই বন্দৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ মুম্বাই বন্দৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰতিষ্ঠানটোৰ প্ৰতিটো সাফল্য ইয়াৰ বিষয়া, কৰ্মচাৰী, শ্ৰমিক, বন্দৰ ব্যৱহাৰকাৰী আৰু অন্যান্য অংশীদাৰসকলৰ সামূহিক অৱদান।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বন্দৰভিত্তিক বিকাশৰ দৃষ্টিভংগীৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সামুদ্ৰিক যাত্ৰাত মুম্বাই বন্দৰে এক বিশেষ স্থান অধিকাৰ কৰিছে আৰু বিনিয়োগ, পৰ্যটন, লজিষ্টিক আৰু শক্তি সুৰক্ষাৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। তেওঁ মুম্বাই বন্দৰ প্ৰাধিকৰণৰ দ্বাৰা হাতত লোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল, ফেৰী জেটি প্ৰকল্প, জৱাহৰ দ্বীপৰ ভূমি উদ্ধাৰ আৰু শক্তি আন্তঃগাঁথনি প্ৰকল্পৰ দৰে পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰে।

সভাত ভাষণ প্ৰদান কৰি বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰে কয় যে মুম্বাই বন্দৰ প্ৰাধিকৰণয়ে ডেৰ শতিকাতকৈও অধিক সময় ধৰি ব্যৱসায়, উদ্যোগ আৰু সামুদ্ৰিক সমাজক সেৱা আগবঢ়াই আহিছে। বন্দৰটোৰ নিৰন্তৰ বিকাশ আৰু কাৰ্যকলাপত বিষয়া, কৰ্মচাৰী, শ্ৰমিক আৰু অংশীদাৰসকলৰ ভূমিকাক তেওঁ স্বীকাৰ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিকাশত আধুনিক বন্দৰসমূহৰ ভূমিকাৰ কথাও উল্লেখ কৰি কয় যে বিকশিত ভাৰত ২০৪৭ৰ দিশত যোৱা যাত্ৰাত মুম্বাই বন্দৰ প্ৰাধিকৰণৰ দৰে প্ৰতিষ্ঠানসমূহৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে।
বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী বিজয় কুমাৰে উল্লেখ কৰে যে বন্দৰটোৱে এক শক্তিশালী ঐতিহ্য বহন কৰাৰ সমান্তৰালভাৱে ক্ৰুজ পৰ্যটন, ৱাটাৰফ্ৰণ্ট উন্নয়ন, পৰিৱেশ-অনুকূল তথা সেউজীয়া পদ্ধতি আৰু বন্দৰৰ সম্পত্তিৰ দক্ষ ব্যৱহাৰৰ দৰে পদক্ষেপৰ জৰিয়তে ভৱিষ্যতকো আদৰি লৈছে। তেওঁ বন্দৰটোৱে এতিয়ালৈকে সৰ্বাধিক ৭০ নিযুত টন কাৰ্গ’ পৰিবহন কৰাৰ কথা উল্লেখ কৰে আৰু বিকাশ, দক্ষতা তথা উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ সহযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

মুম্বাই বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ ড° এম অংগমুথুৱে নিজৰ ভাষণত বিশিষ্ট ব্যক্তিসকল আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। তেওঁ কয় যে প্ৰতিষ্ঠা দিৱস হৈছে দেশৰ প্ৰতি প্ৰতিষ্ঠানটোৰ দীৰ্ঘদিনীয়া সেৱাক সোঁৱৰণ কৰাৰ আৰু মুম্বাই বন্দৰ প্ৰাধিকৰণৰ সৈতে জড়িত সকলোৰে অৱদানক স্বীকাৰ কৰাৰ এক সুযোগ।
কাৰ্যসূচীৰ সময়ত এটা প্ৰতিষ্ঠা দিৱসৰ ভিডিঅ’ প্ৰদৰ্শন কৰা হয়, য’ত মুম্বাই বন্দৰ প্ৰাধিকৰণৰ যাত্ৰা আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডলৈ ইয়াৰ অৱদান দাঙি ধৰা হয়। এই কাৰ্যসূচীত ইন্দিৰা ডক পৰিচালনা আৰু ৰক্ষণাবেক্ষণ চুক্তি আৰু বিকশিত ভাৰত মুম্বাই মেৰিনা চুক্তিৰ আদান-প্ৰদানো প্ৰত্যক্ষ কৰা হয়। এই চুক্তিসমূহ মুম্বাই বন্দৰ প্ৰাধিকৰণৰ বন্দৰৰ কাৰ্যকলাপ শক্তিশালী কৰা, ৱাটাৰফ্ৰণ্ট উন্নয়ন আৰু বন্দৰৰ সম্পত্তিৰ সৰ্বোত্তম ব্যৱহাৰৰ দিশত চলি থকা প্ৰচেষ্টাৰ অংশ।
প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে মুম্বাই বন্দৰ প্ৰাধিকৰণয়ে তিনিটা পৰ্যায়ত মুঠ ৫,০২৮.১৭ কোটি টকাৰ ৬৩টা প্ৰকল্প উপস্থাপন কৰে। ইয়াৰ ভিতৰত ১৩২.২৯ কোটি টকাৰ উদ্বোধন হ’বলগীয়া ৭টা প্ৰকল্প, ১,৩৫৪.৫৯ কোটি টকাৰ আধাৰশিলা স্থাপন কৰিবলগীয়া ৩৪টা প্ৰকল্প আৰু ৩,৫৪১.২৯ কোটি টকাৰ ঘোষণা কৰিবলগীয়া ২২ টা প্ৰকল্প উল্লেখযোগ্য।
কাৰ্যসূচীত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী বিজয় কুমাৰ; মুম্বাই বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ ড° এম অংগমুথু; মুম্বাই বন্দৰ প্ৰাধিকৰণৰ উপ-অধ্যক্ষ শ্ৰী আদেশ তিতাৰমাৰে; জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী গৌৰৱ দয়াল; আৰু পৰোক্ষ কৰ আৰু সীমাশুল্কৰ কেন্দ্ৰীয় ব’ৰ্ডৰ মুম্বাই কাষ্টমছ জ’ন-১ৰ প্ৰধান মুখ্য আয়ুক্ত শ্ৰী মায়ংক কুমাৰে অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ সময়ত মুম্বাই বন্দৰ স্পৰ্টছ ক্লাবৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা ভিডিঅ’ও প্ৰদৰ্শন কৰা হয়। ক্ৰীড়া ক্ষেত্ৰত সাফল্য অৰ্জন কৰা ব্যক্তিসকল, অংশীদাৰ আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ সেৱা, অৱদান আৰু সাফল্যৰ স্বীকৃতি স্বৰূপ বঁটা প্ৰদান কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীয়ে মুম্বাই বন্দৰ পৰিয়াল, বন্দৰ ব্যৱহাৰকাৰী, ব্যৱসায়িক অংশীদাৰ আৰু অংশীদাৰসকলক এক উমৈহতিয়া মঞ্চত একত্ৰিত কৰে। ইয়াৰ লগতে বন্দৰটোৰ দৈনন্দিন কাম-কাজ আৰু উন্নয়নত অৱদান যোগোৱা কৰ্মচাৰী, দল, ক্ৰীড়া ক্ষেত্ৰত সাফল্য অৰ্জনকাৰী আৰু অংশীদাৰসকলৰ প্ৰচেষ্টাকো স্বীকাৰ কৰা হয়।
মুম্বাই বন্দৰ প্ৰাধিকৰণৰ উপাধ্যক্ষ শ্ৰী আদেশ তিতাৰমাৰৰ শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি পৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, সচিব, বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়, বিশিষ্ট ব্যক্তিসকল, বিষয়া, কৰ্মচাৰী, অংশীদাৰ, বঁটা প্ৰাপক আৰু কাৰ্যসূচীটো সফলভাৱে পৰিচালনা কৰাৰ সৈতে জড়িত সকলো দলকে ধন্যবাদ জ্ঞাপন কৰে।
*****
PIB Mumbai | Sriyanka Chatterjee/ Edgar Coelho/ Priti Malandkar/DB
(रिलीज़ आईडी: 2278073)
आगंतुक पटल : 9