গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ পিএমজিএছৱাই-৪ৰ অধীনত ত্ৰিপুৰাৰ বাবে ২১১.৭১ কোটি টকাৰ পথ নিৰ্মাণ কাৰ্যত অনুমোদন


ৰাজ্যখনৰ ৯৬টা বসতিস্থানে প্ৰথমবাৰৰ বাবে সকলো বতৰতে পথ সংযোগ লাভ কৰিব

प्रविष्टि तिथि: 24 JUN 2026 4:33PM by PIB Guwahati

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ২০২৬-২৭বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)-৪, বেচ-১ৰ অধীনত ত্ৰিপুৰাত ১,৬৩.৮৭২কিলোমিটাৰ দৈৰ্ঘ্যৰ ৯৬ টা পথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে, যাৰ আনুমানিক ব্যয় হৈছে ২,১১.৭১ কোটি টকা।

অনুমোদিত প্ৰকল্পসমূহে প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ ৯৬ টা বসতিস্থানলৈ সকলো বতৰতে পথ সংযোগ প্ৰদান কৰিব। উন্নত সংযোগে বিদ্যালয়, স্বাস্থ্যসেৱা সুবিধা আৰু গ্ৰাম্য বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহলৈ উন্নত প্ৰৱেশাধিকাৰ প্ৰদান কৰিব, যাৰ ফলত এই অঞ্চলসমূহত বাস কৰা লোকসকলৰ আৰ্থ-সামাজিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।

সকলো বতৰৰ বাবে পথ সংযোগৰ ব্যৱস্থাই গ্ৰাম্য অঞ্চলৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু ৰাজ্যখনত গ্ৰাম্য আন্তঃগাঁথনি অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পসমূহে চৰকাৰৰ বিকশিত ভাৰতৰ লক্ষ্যত অৰিহণা যোগাব। এই অনুমোদনসমূহৰ উপৰি মন্ত্ৰালয়ে এতিয়ালৈকে পিএমজিএছৱাইৰ অধীনত ত্ৰিপুৰাত ৬,২৮৪ কিলোমিটাৰ আৰু ৬৬ খন দলং সামৰি মুঠ ১,৫৯৪ টা পথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে, য’ত মুঠ ৪,৪৭৯ কোটি টকা বিনিয়োগ কৰা হৈছে।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাই গ্ৰাম্য সংযোগৰ ব্যৱধান দূৰ কৰা আৰু সমগ্ৰ গ্ৰাম্য ভাৰতত সামগ্ৰিক তথা বহনক্ষম উন্নয়ন গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

***

RC/PU/MK


(रिलीज़ आईडी: 2277612) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali-TR , Tamil