প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰিপাব্লিক ছামিট ২০২৬ত নিজৰ ভাষণৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 JUN 2026 10:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰিপাব্লিক ছামিট ২০২৬ত তেওঁৰ ভাষণৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰিছে।

এক্সত এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;

নক্সাল প্ৰভাৱিত অঞ্চলসমূহত য’ত মানুহে দিনৰ ভাগতো যাবলৈ ভয় কৰিছিল, আমি ‘দেশ প্ৰথম’ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত উন্নয়নৰ সংকল্প লৈ আগবাঢ়িছো। ইয়াৰ ফলস্বৰূপে আজি দেশত মাওবাদী সন্ত্ৰাসে শেষ নিশ্বাস গণি আছে।

#RepublicSummit2026”

 “আমাৰ বিগত ১২ বছৰীয়া সেৱাৰ আন এক বৃহৎ সাফল্য হৈছে হতাশা পৰিত্যাগ কৰি আশা আৰু আকাংক্ষাৰে ভৰা ভাৰতৰ নিৰ্মাণ!”

#RepublicSummit2026”

 “মধ্যবিত্ত শ্ৰেণী সদায় আমাৰ প্ৰাথমিক অগ্ৰাধিকাৰত আছে। চৰকাৰে তেওঁলোকৰ ‘জীৱন সূচল’ কৰাৰ বাবে প্ৰতিটো স্তৰতে কাম কৰি আহিছে।”

#RepublicSummit2026”

“ভাৰতৰ উন্নয়নৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত যিসকলে কুটিল যুক্তিত লিপ্ত হয় তেওঁলোকৰ পৰা সতৰ্ক হৈ থকাটো অতি প্ৰয়োজনীয়...”

#RepublicSummit2026”

***

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2277143) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Telugu , Kannada