ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
অসমত ভাষা প্ৰযুক্তি আৰু বহুভাষিক উদ্ভাৱনৰ প্ৰসাৰৰ বাবে ‘ডিজিটেল ইণ্ডিয়া ভাষিণী ডিভিজন’ (ডিআইবিডি) আৰু ‘অসম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন’ (এআইএছএফ)-ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
ডিজিটেল সেৱাসমূহলৈ বহুভাষিক প্ৰৱেশাধিকাৰ সক্ষম কৰা আৰু অসমৰ ষ্টাৰ্টআপ তথা উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰাৰ বাবে অংশীদাৰিত্ব
प्रविष्टि तिथि:
22 JUN 2026 3:57PM by PIB Guwahati
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ডিজিটেল ইণ্ডিয়া কৰ্প’ৰেচন (ডিআইচি)-ৰ অন্তৰ্গত ডিজিটেল ইণ্ডিয়া ভাষিণী ডিভিজন আৰু অসম চৰকাৰৰ উদ্ভাৱন, ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ বিভাগ (ডিআইআইএছ)-ৰ অধীনস্থ ৮নং ধাৰা কোম্পানী—অসম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন (এআইএছএফ)-ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ উদ্দেশ্য হৈছে ভাষা প্ৰযুক্তি, জেনেৰেটিভ এআই সমাধান আৰু থলুৱা ভাষাত শাসন প্ৰণালীৰ প্ৰসাৰৰ লগতে সমগ্ৰ অসমত উদ্ভাৱন আৰু ডিজিটেল অন্তৰ্ভুক্তিকৰণ শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰা।
এই অংশীদাৰিত্বই ভাষা প্ৰযুক্তি, বহুভাষিক ডিজিটেল সমাধান, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন, উদ্যোগশীলতা, ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ বিকাশ আৰু দক্ষতা বৃদ্ধিৰ সৈতে জড়িত ক্ষেত্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিব বিচাৰে। এই সহযোগিতাৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানে ভাৰতীয় ভাষাসমূহ ব্যৱহাৰ কৰি ডিজিটেল সেৱা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত ব্যাপক প্ৰৱেশাধিকাৰ সম্ভৱ কৰি তোলাৰ দিশত কাম কৰিব।
বুজাবুজিৰ চুক্তি অনুসৰি, ডিআইবিডি আৰু এআইএছএফে ‘ভাষিণী ৰাজ্যম’ পদক্ষেপৰ অধীনত সহযোগিতা আগবঢ়াব, যাতে ভাষিণী প্ৰযুক্তিৰ জৰিয়তে এআইএছএফৰ কাৰ্যসূচী, পদক্ষেপ, ডিজিটেল প্লেটফৰ্ম আৰু সেৱাসমূহত বহুভাষিক প্ৰৱেশাধিকাৰ সহজলভ্য কৰি তুলিব পৰা যায়। এই সহযোগিতাত ডিআইবিডিৰ ভাষা অনুবাদ এপিআইসমূহ চৰকাৰী প্লেটফৰ্ম আৰু সেৱাসমূহত একত্ৰিত কৰা, অসমীয়া আৰু অন্যান্য স্থানীয় ভাষাত অনুবাদ সেৱাৰ মান উন্নত কৰা, প্ৰসংগভিত্তিক এপ্লিকেচন আৰু ভইচ-এনাবোল সমাধান বিকশিত কৰা আৰু ‘ভাষাদান’ৰ জৰিয়তে ভাষিক তথ্য সংগ্ৰহ, সংৰক্ষণ আৰু প্ৰসাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
এই অংশীদাৰিত্বৰ এটা মূল লক্ষ্য হ’ব অসমৰ ষ্টাৰ্টআপ আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক অধিক গতিশীল কৰা। ইয়াৰ বাবে ষ্টাৰ্টআপ, উদ্যোগী, উদ্ভাৱক, গৱেষক আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক উদ্ভাৱনীমূলক বহুভাষিক এআই ব্যৱহাৰৰ ক্ষেত্ৰ প্ৰস্তুত কৰিবলৈ ‘ভাষিণী’ৰ ভাষা প্ৰযুক্তিৰ সঁজুলিসমূহ ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰা হ’ব। এই সহযোগিতাৰ উদ্দেশ্য হৈছে বিভিন্ন খণ্ডত ভাষা প্ৰযুক্তিৰ বাস্তৱিক প্ৰয়োগক উদগনি যোগোৱা আৰু উদ্ভাৱকসকলৰ বাবে স্থানীয় ভাষিক তথা আঞ্চলিক প্ৰয়োজনীয়তা অনুসৰি সমাধান প্ৰস্তুত কৰাৰ সুযোগ সৃষ্টি কৰা।
এই প্ৰয়োগসমূহৰ জৰিয়তে অংশীদাৰিত্বই মূল্যবান মতামত সংগ্ৰহ কৰাত সহায় কৰিব, যিয়ে ভাষাৰ এআই মডেলসমূহৰ নিৰন্তৰ উন্নতকৰণত অৱদান যোগাব। এই সহযোগিতাই ভাষিক তথ্যৰ ভাণ্ডাৰ সৃষ্টি আৰু চহকী কৰাতো সহায় কৰিব, যাৰ ফলত ভাষা প্ৰযুক্তিৰ গুণগত মান, নিখুঁততা আৰু সামগ্ৰিকতা বৃদ্ধি পাব আৰু সমগ্ৰ ৰাজ্যখনত উদ্ভাৱন-ভিত্তিক প্ৰযুক্তি গ্ৰহণৰ হাৰ বৃদ্ধি পাব।
ডিআইবিডিয়ে চৰকাৰী প্লেটফৰ্মসমূহত এআইভিত্তিক অনুবাদ সেৱা প্ৰদান কৰিব, আঞ্চলিক উপভাষা আৰু ভাষিক বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰিবলৈ মডেলসমূহ সলনি কৰিব, মেচিন লাৰ্নিং আৰু ব্যৱহাৰকাৰীৰ মতামতৰ জৰিয়তে অনুবাদ মডেলসমূহ ধাৰাবাহিকভাৱে উন্নত কৰিব, আৰু ভাষিণী এপিআই তথা প্ৰযুক্তিসমূহ একত্ৰিত কৰাৰ বাবে কাৰিকৰী সহায়, প্ৰশিক্ষণ, ড্যাশবৰ্ড আৰু সহযোগিতা আগবঢ়াব। এআইএছএফে ভাষিক প্ৰয়োজনীয়তাসমূহ চিনাক্ত কৰাত সহায় কৰিব, অনুবাদ সেৱাৰ বাবে ভাষাসমূহক অগ্ৰাধিকাৰ দিব, পৰিস্থিতিতন্ত্ৰৰ অংশগ্ৰহণত সহযোগিতা কৰিব, আৰু ষ্টাৰ্টআপ, উদ্ভাৱক, গৱেষক আৰু প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাক উদগনি যোগাব।
এই সহযোগিতাৰ লক্ষ্য হৈছে অসমৰ উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰা। ইয়াৰ বাবে এনে প্ৰযুক্তিগত সমাধানৰ বিকাশক উদগনি যোগোৱা হ’ব যিবোৰ সুলভ, সৰ্বজনীন আৰু অঞ্চলটোৰ ভাষিক বৈচিত্ৰ্যৰ প্ৰতি সঁহাৰি জনাব পৰা হ’ব। ই নাগৰিক, উদ্যোগী আৰু প্ৰতিষ্ঠানসমূহৰ বাবে ডিজিটেল অন্তৰ্ভুক্তিকৰণ বৃদ্ধি কৰা আৰু উদীয়মান প্ৰযুক্তিসমূহৰ ব্যৱহাৰ সম্প্ৰসাৰণ কৰাৰ প্ৰচেষ্টাকো সমৰ্থন কৰিব।
সহযোগিতাৰ অংশ হিচাপে, দুয়োটা প্ৰতিষ্ঠানে যৌথভাৱে গৱেষণা, উদ্ভাৱন, দক্ষতা বৃদ্ধি, পৰিস্থিতিতন্ত্ৰৰ সম্পৰ্ক আৰু ভাষা প্ৰযুক্তিৰ পদক্ষেপসমূহৰ প্ৰসাৰৰ সৈতে জড়িত কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে, যিয়ে অসমৰ ডিজিটেল আৰু উদ্ভাৱন ক্ষেত্ৰৰ বিকাশত অৱদান যোগাব।
এই অংশীদাৰিত্বই নাগৰিক আৰু প্ৰতিষ্ঠানসমূহৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ লগতে সমগ্ৰ ৰাজ্যখনত বহুভাষিক ডিজিটেল সমাধান গ্ৰহণৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ বাবে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ব্যৱহাৰৰ এক উমৈহতীয়া প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।
ডিজিটেল ইণ্ডিয়া ভাষিণী ডিভিজনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ নাগে কয়–"ভাষিণী’ত আমাৰ লক্ষ্য হৈছে ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ যাত্ৰাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত ভাষা যাতে কেতিয়াও প্ৰতিবন্ধক হৈ নপৰে তাক নিশ্চিত কৰা। অসম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যনৰ সৈতে এই অংশীদাৰিত্বৰ জৰিয়তে, আমাৰ লক্ষ্য হৈছে ষ্টাৰ্টআপ, উদ্ভাৱক আৰু উদ্যোগীসকলক এনেধৰণৰ প্ৰভাৱশালী বহুভাষিক এআই সমাধান প্ৰস্তুত কৰিবলৈ সবলীকৰণ কৰা, যিয়ে স্থানীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে আৰু বাস্তৱিক মূল্য সৃষ্টি কৰিব পাৰে। উদ্ভাৱনক উদগনি দি, পৰিস্থিতিতন্ত্ৰৰ অংশগ্ৰহণ বৃদ্ধি কৰি আৰু ধাৰাবাহিক মতামত তথা গ্ৰহণযোগ্যতাৰ জৰিয়তে ভাষিক তথ্যৰ ভাণ্ডাৰ শক্তিশালী কৰি, আমি সামূহিকভাৱে ভাষা প্ৰযুক্তিক আগুৱাই লৈ যাব পাৰো আৰু এক অধিক সৰ্বজনীন আৰু সংযোজিত ডিজিটেল ভৱিষ্যত গঢ়ি তুলিব পাৰো।"
ডিজিটেল ইণ্ডিয়া ভাষিণী ডিভিজন (ডিআইবিডি) সম্পৰ্কে
ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন (ডিআইচি), ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ডিজিটেল ইণ্ডিয়া ভাষিণী ডিভিজন হৈছে এআই-চালিত বহুভাষিক ডিজিটেল অন্তৰ্ভুক্তিকৰণ আৰু ভাষা প্ৰযুক্তিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় পদক্ষেপ। ‘নেচনেল হাব ফৰ লেংগুৱেজ টেকন’লজী’ৰ জৰিয়তে ভাষিণীয়ে শাসন প্ৰণালী, ৰাজহুৱা প্লেটফৰ্ম আৰু প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰতীয় ভাষাসমূহত মাপযোগ্য স্পীচ আৰু টেক্সটভিত্তিক এআই সেৱা সক্ষম কৰে। এই প্লেটফৰ্মখনে ৮০০তকৈও অধিক চৰকাৰী ৱেবছাইট পৰিচালনা কৰে, দৈনিক ১৫ নিযুততকৈও অধিক ‘ইনফাৰেন্স’ প্ৰক্ৰিয়াকৰণ কৰে আৰু ৩৬টা ভাৰতীয় লিখিত ভাষা, ২৩টা ভাৰতীয় কণ্ঠ ভাষা আৰু ৩৫টা আন্তঃৰাষ্ট্ৰীয় ভাষাক সমৰ্থন কৰে। ডিআইবিডিয়ে অপেন-চ’ৰ্চ উদ্ভাৱন, বহুভাষিক এআই গৱেষণা, ডাটাছেট প্ৰস্তুত, ষ্টাৰ্টআপ সক্ষমকৰণ আৰু শৈক্ষিক সহযোগিতাকো পৰিচালনা কৰে, যাৰ ফলত ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি পৰিস্থিতিতন্ত্ৰ শক্তিশালী হৈ উঠিছে।
.
****
Dharmendra Tewari / Dr. Nayan Solanki / Kanishk Sharma/DB
(रिलीज़ आईडी: 2276880)
आगंतुक पटल : 4