প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালৰ সদস্যৰ পাহাৰপুৰত থকা সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে
प्रविष्टि तिथि:
20 JUN 2026 8:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত শ্যামচৰণ মুৰ্মু, প্ৰয়াত লখন মুৰ্মু আৰু প্ৰয়াত ছিপুন মুৰ্মুৰ পাহাৰপুৰৰ বিদ্যালয় চৌহদত থকা সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ব্যক্তিগত দুখ সত্ত্বেও যি সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে সেয়া সঁচাই প্ৰেৰণাদায়ক।
শ্ৰী মোদীয়ে কয় যে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাই জনসেৱা আৰু জনজীৱনৰ উন্নয়নৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰি তুলিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে;
"পাহাৰপুৰৰ বিদ্যালয় চৌহদত থকা প্ৰয়াত শ্যাম চৰণ মুৰ্মু, প্ৰয়াত লখন মুৰ্মু আৰু প্ৰয়াত ছিপুন মুৰ্মুৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ
ব্যক্তিগত দুখৰ মাজতো ৰাষ্ট্ৰপতিয়ে যি সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে সেয়া সঁচাকৈ প্ৰেৰণাদায়ক। তেওঁৰ ব্যক্তিগত অভিজ্ঞতাই জনসেৱা আৰু মানুহৰ জীৱন উন্নত কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰি তুলিছে।
@rashtrapatibhvn”
****
MJPS/SS/ST/KD
(रिलीज़ आईडी: 2276056)
आगंतुक पटल : 5