কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

বিদিশাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ দ্বাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ (KVK) ‘ভূমি পূজন’ সম্পন্ন

বিদিশাত চলিছে শিৱৰাজ ছাৰৰ ক্লাছ; কৃষকৰ এই বিদ্যালয়ে সলনি কৰিব খেতিৰ ভৱিষ্যত

"বিদিশাৰ বেৰখেড়ী জেতুত নিৰ্মাণ কৰা হ'ব এক আদৰ্শ কেভিকে; আধুনিক কৃষিৰ ৪৯ একৰৰ এক জীৱন্ত গৱেষণাগাৰ": শ্ৰী শিৱৰাজ সিং চৌহান

"বিদিশা, ৰায়সেন, চিহোৰ আৰু দেৱাস জিলাৰ বাবে বৈজ্ঞানিক কৃষিৰ ৰূপৰেখা; সমন্বিত কৃষিৰ ওপৰত গুৰুত্ব": শ্ৰী শিৱৰাজ সিং

সুষম সাৰ, মাটিৰ স্বাস্থ্য আৰু নকল সাৰ-বীজ: ‘খেত বচাও অভিযান’ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ স্পষ্ট বাৰ্তা

"কৃষি ক্লিনিকৰ ৰূপত শস্যৰো থাকিব চিকিৎসালয়; ১৫৫২৬১ নম্বৰ আৰু ম'বাইল এপৰ জৰিয়তে প্ৰতিখন পথাৰতে বৈজ্ঞানিক পৰামৰ্শ": শ্ৰী শিৱৰাজ সিং

"কাষ্টম হায়াৰিং চেণ্টাৰ আৰু মেচিন বেংকৰ জৰিয়তে প্ৰতিগৰাকী কৃষকৰ বাবে লেজাৰ লেভেলাৰ, ড্ৰিপ-স্প্ৰিংকলাৰ আৰু ডাইৰেক্ট চিডেড ৰাইচ (পোনপটীয়াকৈ বীজ সিঁচা ধান)ৰ সহজ উপলব্ধতা": শ্ৰী শিৱৰাজ সিং

"উন্নত বীজ, উন্নত নাৰ্চাৰী আৰু মূল্য সংযোজনৰ সূত্ৰ; বিলাহীৰ পৰা কাঠফুলালৈকে প্ৰচেছিং-ষ্টাৰ্টআপৰ প্ৰচাৰ": শ্ৰী শিৱৰাজ সিং চৌহান

"দাইল-তৈলবীজ মিছন, ন্যূনতম সমৰ্থন মূল্যত (MSP) ক্ৰয় আৰু কৃষি অভিযানৰ জৰিয়তে যুৱ তথা মহিলা কৃষকসকলৰ বাবে নতুন আশা": শ্ৰী শিৱৰাজ সিং

प्रविष्टि तिथि: 14 JUN 2026 7:13PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি মধ্যপ্ৰদেশৰ বিদিশাৰ বেৰখেড়ী জেতুত কৃষকৰ বাবে এখন সুকীয়া 'কৃষকৰ বিদ্যালয়'ৰ আধাৰশিলা স্থাপন কৰে, আৰু কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে এক দৃঢ় সংকল্প দাঙি ধৰে। কোনো আনুষ্ঠানিক সভা আৰু দীঘলীয়া আদৰণী ভাষণৰ পৰিৱৰ্তে শ্ৰী শিৱৰাজ সিং, অন্যান্য জনপ্ৰতিনিধি আৰু বিজ্ঞানীসকলৰ উপস্থিতিত মূলতঃ পথাৰ আৰু কৃষকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে গুৰুত্ব আৰোপ কৰা হয়। আদৰ্শ কৃষি বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপনৰ লগতে বিদিশা, ৰায়সেন, চিহোৰ আৰু দেৱাসৰ বাবে বৈজ্ঞানিক কৃষিৰ এক ৰূপৰেখা, ‘খেত বচাও অভিযান’ আৰু আধুনিক যন্ত্ৰপাতি তথা উদ্ভাৱনৰ এক সম্পূৰ্ণ শৃংখল আৰম্ভ কৰা হয়।

কৃষক ভাই-ভনীসকলৰ সৈতে সহজ আৰু কথিত ভাষাত মতবিনিময় কৰি 'শিৱৰাজ ছাৰে' স্পষ্টভাৱে কয় যে এয়া কোনো ৰাজনৈতিক সভা নহয়, বৰঞ্চ কৃষিৰ এখন শ্ৰেণীহে, য'ত মাত্ৰ আঢ়ৈ একৰ মাটি থকা এজন ক্ষুদ্ৰ কৃষকেও সমন্বিত কৃষি, সুষম সাৰ, উন্নত মাটি আৰু উন্নত প্ৰযুক্তিৰ জৰিয়তে এক সন্মানজনক জীৱিকা অৰ্জন কৰাৰ সংকল্প প্ৰদান কৰা হৈছে। ব্যৱহাৰিক জ্ঞান আৰু আধুনিক সা-সঁজুলি প্ৰদান কৰি কৃষকসকলৰ জীৱনলৈ প্ৰকৃত পৰিৱৰ্তন অনাটোৱেই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।

 

বিদিশাত কৃষকৰ বিদ্যালয়

কেন্দ্ৰীয় কৃষিমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে একেবাৰে আৰম্ভণিতেই স্পষ্ট কৰি দিয়ে যে এই কাৰ্যসূচী ভিৰ গোটোৱা বা ভাষণ দিয়াৰ বাবে নহয়, বৰঞ্চ কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ বাবেহে। তেওঁ সংবাদ মাধ্যমকো জনায় যে ইয়ালৈ অহা কৃষকসকলক বাছ বা আন বাহনেৰে অনা হোৱা নাই; যিসকলে শিকিব বিচাৰে তেওঁলোক নিজাববীয়াকৈ আহিছে, সেয়েহে মঞ্চৰ আনুষ্ঠানিকতাৰ পৰিৱৰ্তে ইয়াত পোনপটীয়াকৈ ক্লাছ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ চৌহানে কয় যে অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিগৰাকী কৃষকক একোগৰাকী ছাত্ৰ হিচাপে গণ্য কৰা উচিত, যাৰ বাবে বিজ্ঞানীসকলে সীমিত শব্দৰে নিজৰ বক্তব্য দাঙি ধৰিব আৰু তাৰ পিছত যন্ত্ৰপাতি তথা নতুন প্ৰযুক্তিৰ প্ৰদৰ্শনৰ বাবে তেওঁলোকক পোনপটীয়াকৈ পথাৰলৈ লৈ যাব। এই পদ্ধতিয়ে শিক্ষণ ব্যৱহাৰিক হোৱাটো নিশ্চিত কৰে, যাক পথাৰত পোনপটীয়াকৈ প্ৰয়োগ কৰিব পৰা যায়।

 

আৰ্হি কে.ভি.কে (KVK): ৪৯ একৰৰ জীৱন্ত পৰীক্ষাগাৰ

বেৰখেড়ী জেতুত নিৰ্মাণ হ'বলগীয়া এই কৃষি বিজ্ঞান কেন্দ্ৰটো ৪৯ একৰ ভূমিত গঢ় লৈ উঠিব আৰু ই দেশৰ এক আৰ্হি কৃষি বিজ্ঞান কেন্দ্ৰ (KVK) হৈ পৰিব, য'ত এই খাৰিফ ঋতুৰ পৰাই আধুনিক কৃষিৰ প্ৰদৰ্শনমূলক খেতি আৰম্ভ কৰা হ'ব। শ্ৰী শিৱৰাজ সিং চৌহানে স্পষ্ট কৰি দিয়ে যে ভৱন নিৰ্মাণলৈ অপেক্ষা নকৰি পথাৰৰ কাম লগে লগে আৰম্ভ কৰা হ'ব – কৃষকসকলক কেৱল মুখেৰে কৈ নহয়, তেওঁলোকক নিজৰ চকুৰে দেখুৱাই শিকোৱা হ'ব। এই KVK-ৰ জৰিয়তে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (ICAR) ১১৩ খন প্ৰতিষ্ঠান আৰু ১৭০০-ৰো অধিক KVK প্ৰতিষ্ঠানৰ গৱেষণাসমূহ ম'বাইল, প্ৰদৰ্শনী (ডেমো) আৰু প্ৰশিক্ষণৰ জৰিয়তে পোনপটীয়াকৈ বিদিশা অঞ্চলৰ কৃষকসকলৰ মাজলৈ লৈ যোৱা হ'ব। এই জীৱন্ত পৰীক্ষাগাৰটোৱে অঞ্চলটোত বৈজ্ঞানিক কৃষি পদ্ধতিৰ এক উৎকৃষ্ট কেন্দ্ৰ হিচাপে কাম কৰিব।

বৈজ্ঞানিক কৃষি ৰোডমেপ: আঢ়ৈ একৰ মাটিত সন্মানজনক উপাৰ্জন

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে কয় যে বিভাজনৰ ফলত মাটিৰ পৰিমাণ হ্ৰাস পাইছে যদিও আঢ়ৈ একৰ (এক হেক্টৰ) মাটিতেই যদি সঠিকভাৱে সমন্বিত কৃষি কৰা হয়, তেন্তে সমগ্ৰ পৰিয়ালটোৱে আৰামেৰে জীৱিকা নিৰ্বাহ কৰিব পাৰিব। ইয়াৰ বাবে বিদিশা, ৰাইসেন, চিহোৰ আৰু দেৱাস জিলাৰ মাটি, পানী আৰু সম্পদসমূহৰ এক বৈজ্ঞানিক বিশ্লেষণ কৰা হৈছে আৰু শস্য-বিন্যাসৰ এক ৰোডমেপ প্ৰস্তুত কৰা হৈছে, যাৰ প্ৰশিক্ষণ এই কে.ভি.কে. (KVK)-ৰ পৰা প্ৰদান কৰা হ'ব। একেডুখৰি মাটিতে খাদ্যশস্য, দাইল, তৈলবীজ, উদ্যানশস্য, পশুপালন, মীন পালন, মৌ-পালন আৰু কাঠফুলাৰ খেতি একেলগ কৰি কেনেকৈ সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰি সেয়া দেখুৱাবলৈ পথাৰসমূহত আৰ্হি কৃষি পাম গঢ়ি তোলা হ'ব। এই সমন্বিত পদ্ধতিয়ে ক্ষুদ্ৰ কৃষকসকলক উন্নত উপাৰ্জন আৰু বহনক্ষমতা লাভ কৰাত সহায় কৰিব।

 

 

'খেত বচাও অভিযান': কম সাৰ, সঠিক সাৰ, সঠিক পৰামৰ্শ

দেশজুৰি 'খেত বচাও অভিযান' সম্প্ৰসাৰণ কৰাৰ লগতে শ্ৰী শিৱৰাজ সিং চৌহানে বিদিশাৰ কৃষকসকলক ধৰিত্ৰী আইক ৰক্ষা কৰাৰ বাবে এক আৱেগিক আহ্বান জনায়। তেওঁ কয় যে মাটি পৰীক্ষা নকৰাকৈ জধে-মধে ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিলে মাটিৰ উৰ্বৰতা নষ্ট হ'ব, সেয়েহে প্ৰতিগৰাকী কৃষকৰ পথাৰৰ মাটি পৰীক্ষা কৰা আৰু 'মৃত্তিকা স্বাস্থ্য কাৰ্ড' (Soil Health Card) প্ৰদানৰ অভিযান অধিক তীব্ৰতৰ কৰা হ'ব। কৃষিকাৰ্যত ভাৰসাম্যপূৰ্ণ সাৰ প্ৰয়োগৰ লগতে প্ৰাকৃতিক আৰু জৈৱিক কৃষিকো উৎসাহিত কৰা হ'ব, য'ত কৃষকসকলক কমেও আধা একৰ মাটিত বৈজ্ঞানিক প্ৰাকৃতিক কৃষি পদ্ধতি প্ৰয়োগ কৰি চাবলৈ উৎসাহিত কৰা হ'ব যাতে মাটিৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে উৎপাদন হ্ৰাস নাপায়। এই অভিযানৰ মূল উদ্দেশ্য হৈছে ভৱিষ্যত প্ৰজন্মৰ বাবে পথাৰসমূহ সুৰক্ষিত কৰি ৰখা।


প্ৰতিখন পথাৰত পৰামৰ্শৰ বাবে এগ্ৰি ক্লিনিক, হেল্পলাইন আৰু ম'বাইল এপ্প

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে ঘোষণা কৰে যে বিদিশাৰ এই আৰ্হি কে.ভি.কে. (KVK)-ত শস্যৰ চিকিৎসালয় 'এগ্ৰি ক্লিনিক' স্থাপন কৰা হ'ব, য'ত কৃষকসকলে গছ, পাত বা মাটিৰ নমুনা লৈ আহিব আৰু বিজ্ঞানীসকলে ৰোগ চিনাক্ত কৰি লগে লগে চিকিৎসাৰ পৰামৰ্শ দিব। ইয়াৰ লগতে, পাত হালধীয়া পৰাৰ পৰা আৰম্ভ কৰি কীট-পতংগৰ আক্ৰমণলৈকে প্ৰতিটো সমস্যাৰ বাবে কৃষকসকলে ১৫৫২৬১ ৰ দৰে নম্বৰ, ভাৰত বিস্তাৰ - কিষাণ সাৰথি আৰু ডিজিটেল প্লেটফৰ্মসমূহৰ জৰিয়তে ফোনতে তাৎক্ষণিক পৰামৰ্শ লাভ কৰিব। শ্ৰী শিৱৰাজ সিং চৌহানে লগতে কয় যে এটা ম'বাইল এপ্পৰ জৰিয়তে পথাৰত খোজকাঢ়ি থাকোতেই জানিব পৰা যাব যে মাটিত কি কি পুষ্টিমৌল আছে আৰু কিমান ডি.এ.পি. (DAP - ডাইএম'নিয়াম ফছফেট) আৰু ইউৰিয়াৰ প্ৰয়োজন, যাৰ জীৱন্ত প্ৰদৰ্শন তেওঁ নিজেই পথাৰলৈ গৈ কৰি দেখুৱাব। এই সুবিধাই কৃষকসকলক তেওঁলোকৰ ঘৰৰ পদূলিতেই পোনপটীয়াকৈ বৈজ্ঞানিক পৰামৰ্শ প্ৰদান কৰিব।

 

নকল সাৰ বীজৰ ক্ষেত্ৰত কঠোৰতা, উন্নত বীজ উন্নত নাৰ্ছাৰীৰ নিশ্চয়তা

কৃষকসকলৰ আটাইতকৈ ডাঙৰ উদ্বেগ অৰ্থাৎ নকল সাৰ, কীটনাশক আৰু বীজৰ বিষয়টো উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে স্পষ্টকৈ কয় যে যিয়েই কৃষকসকলক প্ৰতাৰণা কৰিব তেওঁক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। তেওঁ কৃষকসকলক সামগ্ৰী ক্ৰয়ৰ সঠিক বিল ল'বলৈ, কিউ.আৰ. (QR) কোডৰ জৰিয়তে সত্যতা পৰীক্ষা কৰিবলৈ আৰু নকল সামগ্ৰীৰ বিষয়ে লগে লগে অভিযোগ দিবলৈ আহ্বান জনায় আৰু চৰকাৰে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে বিদিশা কে.ভি.কে.-ত (KVK) উন্নত বীজ প্ৰস্তুত কৰা, মানসম্পন্ন ফল-মূল আৰু শাক-পাচলিৰ নাৰ্ছাৰী গঢ়ি তোলা আৰু সঠিক বীজ নিৰ্বাচন তথা বীজ শোধনৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব, যাতে কৃষকসকল প্ৰতাৰণাৰ পৰা ৰক্ষা পৰে আৰু উন্নত শস্য লাভ কৰে। ইয়াৰ দ্বাৰা অধিক উৎপাদনৰ বাবে মানসম্পন্ন কৃষি সামগ্ৰীৰ যোগান নিশ্চিত কৰা হ'ব।

 

মেচিন বেংক আৰু আধুনিক সঁজুলি: প্ৰতিখন পথাৰত প্ৰযুক্তি

শ্ৰী শিৱৰাজ সিং চৌহানে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ বাবে 'কাষ্টম হায়াৰিং চেণ্টাৰ' আৰু 'মেচিন বেংক' স্থাপনৰ কথা ঘোষণা কৰে, য'ত লেজাৰ লেভেলাৰ, প্ৰত্যক্ষভাৱে ধান সিঁচা যন্ত্ৰ (DSR মেচিন), ড্ৰিপ-স্প্ৰিংকলাৰ আদিৰ দৰে আধুনিক যন্ত্ৰপাতিসমূহ ভাড়াত উপলব্ধ হ'ব। তেওঁ কয় যে প্ৰতিগৰাকী কৃষকৰ বাবে সকলো যন্ত্ৰ ক্ৰয় কৰাটো সম্ভৱ নহয়, সেয়েহে এই যন্ত্ৰসমূহ কে.ভি.কে. (KVK)-ত ৰখা হ'ব। কৃষকসকলে প্ৰয়োজন অনুসৰি সামান্য ভাড়া দি সেইবোৰ ব্যৱহাৰ কৰিব পাৰিব আৰু কাম শেষ হ'লে ঘূৰাই দিব পাৰিব। কৃষকসকলে যাতে নিজে দেখি, বুজি এই প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে, তাৰ বাবে আজিৰ কাৰ্যসূচীৰ পিছত পথাৰত কম পানীত প্ৰত্যক্ষভাৱে ধান সিঁচা, সূক্ষ্ম জলসিঞ্চন আৰু লেজাৰ লেভেলিং পদ্ধতিৰ জীৱন্ত প্ৰদৰ্শন দেখুৱওৱা হ'ব। ইয়াৰ ফলত উন্নত সঁজুলিসমূহ সকলোৰে বাবে সুলভ হৈ পৰিব।

 

মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণ, ষ্টাৰ্টআপ আৰু দক্ষতা বিকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে বিলাহী, শাক-পাচলি আৰু ফল-মূলৰ মূল্যৰ উত্থান-পতনৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি কয় যে কেৱল কেঁচামাল বিক্ৰী কৰিলে কৃষকসকলৰ লোকচান হয়, সেয়েহে ইয়াত মূল্য সংযোজন আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। নৱপ্ৰজন্মক কৃষিভিত্তিক ষ্টাৰ্টআপৰ প্ৰতি উৎসাহিত কৰিবলৈ কে.ভি.কে. (KVK)-ৰ জৰিয়তে বিলাহী, শাক-পাচলি, ফল-মূল আৰু খাদ্যশস্যৰ পৰা প্ৰক্ৰিয়াকৃত সামগ্ৰী প্ৰস্তুত কৰা, পেকেজিং কৰা আৰু বজাৰৰ সৈতে সংযোগ কৰাৰ প্ৰযুক্তি দেখুৱওৱা হ'ব। গাওঁৰ যুৱক-যুৱতীসকলে কৃষিৰ সৈতে জড়িত হৈ যাতে এক সুন্দৰ জীৱিকা উপাৰ্জন কৰিব পাৰে, তাৰ বাবে কাঠফুলা উৎপাদন, হাঁহ-কুকুৰা পালন, মৌ-পালন আৰু দুগ্ধ উৎপাদনৰ দৰে কাৰ্যকলাপৰ বাবে দক্ষতা বিকাশৰ কাৰ্যসূচীও চলোৱা হ'ব। ইয়াৰ ফলত উপাৰ্জনৰ অতিৰিক্ত সুযোগৰ সৃষ্টি হ'ব।

 

দাইল-তৈলবীজ মিছন আৰু এম.এছ.পি. (MSP) ক্ৰয়

শ্ৰী শিৱৰাজ সিং চৌহানে দাইল আৰু তৈলবীজৰ উৎপাদন বৃদ্ধিৰ বাবে ‘দাইলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা মিছন’ ত্বৰান্বিত কৰাৰ সংকল্প পুনৰ দোঁহাৰে। তেওঁ কয় যে বুট, ৰহৰ, মচুৰ আৰু মাটিমাহৰ দৰে দাইলৰ লগতে তিলকে ধৰি অন্যান্য তৈলবীজৰ খেতি বৃদ্ধি কৰিবলৈ কৃষকসকলক বিনামূলীয়া প্ৰদৰ্শনমূলক খেতিৰ বাবে উন্নত বীজ প্ৰদান কৰা হ'ব আৰু ক্লাষ্টাৰ-ভিত্তিক কৃষিক উৎসাহিত কৰা হ'ব। শ্ৰী শিৱৰাজ সিঙে আশ্বাস দিয়ে যে কৃষকে যি দাইলেই (ৰহৰ, মাটিমাহ আৰু মচুৰ) উৎপাদন নকৰক কিয়, সেয়া নূন্যতম সমৰ্থন মূল্যত (MSP) ক্ৰয় কৰা হ'ব আৰু য'ত উৎপাদন অধিক হয়, তাত দাইলৰ মিল স্থাপনৰ বাবে ২৫ লাখ টকালৈকে ৰাজসাহায্য প্ৰদান কৰা হ'ব। ই কৃষকৰ উপাৰ্জন আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিত সহায় কৰিব।

 

কৃষকসকলৰ প্ৰতি আৱেগিক আহ্বান আৰু এক গণ আন্দোলনৰ দিশে অগ্ৰসৰ

কাৰ্যসূচীৰ অন্তত শ্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলক হাত দাঙি এই সংকল্প ল'বলৈ আহ্বান জনায় যে তেওঁলোকে ধৰিত্ৰী আইক ৰক্ষা কৰিব, ভাৰসাম্যপূৰ্ণ সাৰ ব্যৱহাৰ কৰিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে মাটিৰ স্বাস্থ্য উন্নত কৰিব। তেওঁ কয় যে 'খেত বচাও অভিযান' কেৱল এখন চৰকাৰী আঁচনিয়েই নহয়, বৰঞ্চ ই এক গণ আন্দোলন, য'ত বিজ্ঞানী, কে.ভি.কে. (KVK), আই.চি.এ.আৰ. (ICAR), ৰাজ্য চৰকাৰসমূহ, জনপ্ৰতিনিধি, আত্মসহায়ক গোট, এফ.পি.অ'. (FPO) আৰু কৃষক সংগঠনসমূহে একেলগে কাম কৰিব। এই সামূহিক প্ৰচেষ্টাই এক স্থায়ী পৰিৱৰ্তন কঢ়িয়াই আনিব।

নিজকে ‘গাঁৱে গাঁৱে গৈ কৃষকসকলক জগাই তোলা এজন ভ্ৰমণকাৰী’ হিচাপে অভিহিত কৰি তেওঁ আশ্বাস দিয়ে যে যিমান দিনলৈকে তেওঁ জীয়াই থাকিব, সিমান দিনলৈকে কৃষি আৰু কৃষকৰ জীৱন সলনি কৰিবলৈ সমগ্ৰ দেশজুৰি এনে ধৰণৰ শ্ৰেণীসমূহ চলাই যাব আৰু বিদিশাৰ এই আৰ্হি কে.ভি.কে. (KVK) সমগ্ৰ দেশৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিব। এই উপলক্ষে কৃষকসকলৰ মাজত বিভিন্ন আঁচনিৰ লাভালাভো বিতৰণ কৰা হয়।

 

 

এই কাৰ্যসূচীত মধ্যপ্ৰদেশৰ কৃষিমন্ত্ৰী শ্ৰী আইদাল সিং কানচানা, ৰাজহ মন্ত্ৰী শ্ৰী কৰণ সিং, প্ৰাক্তন মন্ত্ৰী শ্ৰী সূৰ্য প্ৰকাশ মীনা, বিধায়ক শ্ৰী মুকেশ টেণ্ডন, শ্ৰী হৰি সিং ৰঘুবংশী, শ্ৰী হৰি সিং চাপ্ৰে, শ্ৰী উমাকান্ত শৰ্মা, শ্ৰী ৰমাকান্ত ভাৰ্গৱ, শ্ৰী সুৰেন্দ্ৰ পাটোৱা, শ্ৰী আশীষ গোবিন্দ শৰ্মা আৰু অন্যান্য জনপ্ৰতিনিধিসকল উপস্থিত আছিল। ইয়াৰ লগতে, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (ICAR) সঞ্চালক প্ৰধান তথা ডেয়াৰৰ (DARE) সচিব ড° মাংগী লাল জাট আৰু চি.আই.আই.-ৰ (CII) শ্ৰী সিদ্ধাৰ্থ চতুৰ্বেদী, ধানুকাৰ শ্ৰী আৰ. চি. আগৰৱালা, ইফকোৰ (IFFCO) ড° যোগেন্দ্ৰ কুমাৰৰ লগতে আই.চি.এ.আৰ. (ICAR) আৰু কৃষি বিভাগৰ বহুতো বিজ্ঞানী, বিশেষজ্ঞ আৰু বিষয়াই এই গুৰুত্বপূৰ্ণ কৃষক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

********

RC/MS/MK/RD


(रिलीज़ आईडी: 2273414) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Gujarati , Tamil