প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত-শ্ল’ভাকিয়াৰ যৌথ বিবৃতি
प्रविष्टि तिथि:
15 JUN 2026 5:32PM by PIB Guwahati
শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৫ জুনত শ্ল’ভাক গণৰাজ্য ভ্ৰমণ কৰে।
১৯৯৩ চনত স্বাধীনতা লাভ কৰাৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া শ্ল’ভাকিয়ালৈ প্ৰথম ভ্ৰমণ, যিয়ে এক ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰিছে আৰু দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্বক এক নতুন দিশ প্ৰদান কৰিছে। ১৯৯৩ চনত কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ পৰাই ভাৰত আৰু শ্ল’ভাকিয়াই আস্থা, সমতা আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ ওপৰত প্ৰতিষ্ঠিত এক পৰম্পৰাগত বন্ধুত্ব আৰু বহুমুখী সহযোগিতা গঢ়ি তুলিছে।
এই ভ্ৰমণৰ ঐতিহাসিক প্ৰকৃতি আৰু দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰ আধাৰত, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজৰ এই সম্পৰ্কক এক ‘ব্যাপক অংশীদাৰিত্ব’লৈ উন্নীত কৰিবলৈ সহমত প্ৰকাশ কৰে। এই ব্যাপক অংশীদাৰিত্বৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্কক এক নতুন স্তৰলৈ লৈ যোৱা, বৰ্তমানৰ সহযোগিতা তন্ত্ৰক শক্তিশালী কৰা আৰু দ্বিপাক্ষিক তথা বহুপাক্ষিক উভয় ক্ষেত্ৰতে সহযোগিতা গভীৰ কৰাৰ নতুন পথ অন্বেষণ কৰা।
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বৰ্ধিত ভূ-ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত গুৰুত্বক স্বীকাৰ কৰি, দুয়োগৰাকী নেতাই পাৰস্পৰিকভাৱে লাভজনক সহযোগিতা, আঞ্চলিক সংযোগ, মুক্ত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, নৌ-চলাচলৰ স্বাধীনতা, বিবাদৰ শান্তিপূৰ্ণ সমাধান আৰু নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ সমৰ্থনত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত এক শক্তিশালী অংশীদাৰিত্বৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰে।
দুয়োগৰাকী নেতাই নিয়মীয়া উচ্চস্তৰীয় বিনিময় আৰু নিৰৱচ্ছিন্ন ৰাজনৈতিক আলোচনাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে আৰু সকলো স্তৰতে প্ৰতিনিধি দলৰ বিনিময় বৃদ্ধি কৰিবলৈ সন্মত হয়। দুয়ো পক্ষই সংসদীয় বিনিময়, যোগাযোগ আৰু সহযোগিতা বৃদ্ধি কৰিবলৈও সহমত প্ৰকাশ কৰে, যাতে অধিক পাৰস্পৰিক বুজাবুজি আৰু আইনী অভিজ্ঞতা তথা সৰ্বোত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান কৰিব পৰা যায়।
নেতাসকলে ৰাষ্ট্ৰসংঘক কেন্দ্ৰ কৰি বহুপাক্ষিকতাবাদ আৰু নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। একে সময়তে তেওঁলোকে ৰাষ্ট্ৰসংঘ, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ ব্যাপক সংস্কাৰৰ সমৰ্থন কৰে, যাতে এইবোৰ অধিক প্ৰতিনিধিত্বমূলক, অন্তৰ্ভুক্তিমূলক, কাৰ্যক্ষম আৰু সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাৰ প্ৰতিফলন হ'ব পাৰে। নেতাসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীতে সম্প্ৰসাৰণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰেক্ষাপটত, এক সংস্কাৰকৃত আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে শ্ল’ভাকিয়াই ধাৰাবাহিকভাৱে আগবঢ়োৱা সমৰ্থনক ভাৰতে প্ৰশংসা কৰে। দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত নিজ নিজ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় অব্যাহত ৰাখিবলৈ আৰু ৰাষ্ট্ৰসংঘকে ধৰি গোলকীয় মঞ্চসমূহত ধাৰণা বিনিময় তথা ঘনিষ্ঠভাৱে সহযোগিতা কৰিবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই গোলকীয় অপ্ৰসাৰণ গাঁথনি অক্ষুণ্ণ ৰখাৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰে। পাৰমাণৱিক যোগানকাৰী গোটত ভাৰতৰ সদস্যপদৰ প্ৰতি শ্ল’ভাকিয়াই ইয়াৰ গঠনমূলক দৃষ্টিভংগী পুনৰ নিশ্চিত কৰে।
নেতাসকলে শ্লাভকভ ৩, ভিচেগ্ৰাড ৪ আৰু ৩ সাগৰীয় উদ্যোগৰ দৰে আঞ্চলিক গোটসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাত সমৰ্থন কৰিবলৈ সন্মত হয়, যিবোৰৰ ভিতৰত সংযোগ, বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক একত্ৰীকৰণক প্ৰসাৰিত কৰা পাৰস্পৰিকভাৱে লাভজনক আন্তঃগাঁথনি প্ৰকল্পসমূহ অন্তৰ্ভুক্ত হৈ আছে। দুয়ো পক্ষই ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সম্পৰ্কীয় সন্মিলনসহ আন্তঃৰাষ্ট্ৰীয় আইন, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি শ্ৰদ্ধাৰ ওপৰত প্ৰতিষ্ঠিত এখন মুক্ত, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
নেতাসকলে দ্বিপাক্ষিক অংশীদাৰিত্বৰ অন্যতম মূল স্তম্ভ হিচাপে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁলোকে নিজ নিজ প্ৰতিৰক্ষা কৰ্তৃপক্ষৰ মাজত নিয়মীয়া পৰামৰ্শ আৰু বিনিময়ক উদগনি যোগাবলৈ সন্মত হয়, যাতে প্ৰতিৰক্ষা প্ৰযুক্তি, ক্ষমতা বৃদ্ধি, গৱেষণা আৰু উন্নয়ন, আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ দৰে ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ সুযোগ অন্বেষণ কৰিব পৰা যায়। এই প্ৰেক্ষাপটত, নেতাসকলে দুয়োপক্ষৰ মাজত প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কীয় 'সন্মতি পত্ৰ' স্বাক্ষৰিত হোৱাক আদৰণি জনায়, যিয়ে প্ৰতিৰক্ষা খণ্ডত পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বক প্ৰসাৰিত কৰিব।
নেতাসকলে দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰা আৰু স্থিতিস্থাপকতা বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বৰ্ধিত গুৰুত্বক স্বীকাৰ কৰে আৰু বহনক্ষম আন্তঃগাঁথনি, ক্ষমতা বৃদ্ধি, জ্ঞানৰ আদান-প্ৰদান আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ ক্ষেত্ৰত অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ সন্মত হয়।
নেতাসকলে গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনিৰ সুৰক্ষা আৰু চাইবাৰ অপৰাধ প্ৰতিৰোধ তথা প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয় আৰু একে সময়তে এক মুক্ত, সুৰক্ষিত, সুলভ, সুস্থিৰ, আন্তঃকাৰ্যক্ষম, স্থিতিস্থাপক আৰু শান্তিপূৰ্ণ ডিজিটেল স্থানৰ প্ৰসাৰ ঘটাবলৈ সন্মত হয়। নেতাসকলে ক্ৰিপ্টোগ্ৰাফীৰ ক্ষেত্ৰত উদীয়মান কোৱাণ্টাম ভাবুকিসমূহৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি প্ৰণালীবোৰ সুৰক্ষিত ৰখাত ইজনে সিজনক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে, যাৰ ভিতৰত পোষ্ট-কোৱাণ্টাম নিৰাপত্তা পৰিৱৰ্তনৰ বাবে প্ৰস্তুতিও অন্তৰ্ভুক্ত। এই প্ৰেক্ষাপটত তেওঁলোকে উল্লেখ কৰে যে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষা আৰু পোষ্ট-কোৱাণ্টাম ক্ৰিপ্টোগ্ৰাফীৰ ক্ষেত্ৰত স্বাক্ষৰিত সহযোগিতা স্মাৰকপত্ৰৰ দ্বাৰা এনে সহযোগিতা অধিক সহজতৰ হ’ব।
দুয়োগৰাকী নেতাই সীমা অতিক্ৰমি কৰা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিয়ে আৰু ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁলোকে সন্ত্ৰাসবাদ বিৰোধী এক যৌথ কৰ্মী গোট গঠন কৰিবলৈ সন্মত হয়। তেওঁলোকে এক ব্যাপক আৰু নিৰৱচ্ছিন্নভাৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ একত্ৰিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ আহ্বান জনায়। নেতাসকলে ৰাষ্ট্ৰসংঘৰ পৰিকাঠামোৰ ভিতৰত সন্ত্ৰাসবাদ বিৰোধী দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ পঞ্জীয়নভুক্ত বা নিষেধাজ্ঞা কমিটীৰ দ্বাৰা চিহ্নিত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনসমূহৰ লগতে তেওঁলোকৰ সহযোগী, প্ৰতিনিধি, পৃষ্ঠপোষক, অৰ্থ যোগানকাৰী আৰু সমৰ্থকসকলৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অপৰাধী, সংগঠক আৰু পৃষ্ঠপোষকসকলক জবাবদিহি কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে আৰু ৰাষ্ট্ৰসংঘৰ পৰিকাঠামোৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্পৰ্কীয় ব্যাপক সন্মিলন শীঘ্ৰে চূড়ান্ত আৰু গ্ৰহণ কৰাৰ দিশত ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়।
২০২৬ চনৰ জানুৱাৰী মাহত ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তি আৰু নতুন যৌথ ভাৰত-ইউৰোপীয় ইউনিয়ন ব্যাপক কৌশলগত কাৰ্যসূচীৰ আলোচনা সমাপ্ত হোৱাক আদৰণি জনাই দুয়োগৰাকী নেতাই উল্লেখ কৰে যে এই মুক্ত বাণিজ্য চুক্তিয়ে বাণিজ্য আৰু বিনিয়োগৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব। গুৰুত্বপূৰ্ণ মূল্য শৃংখলাৰ বৈচিত্ৰ্যকৰণ আৰু নতুন বজাৰ মুকলি কৰি বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্পূৰ্ণ সম্ভাৱনা অনুধাৱন কৰাৰ বাবে তেওঁলোকে ইয়াক শীঘ্ৰে স্বাক্ষৰ আৰু সময়মতে ৰূপায়ণ কৰাৰ আহ্বান জনায়।
নেতাসকলে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ উচ্চ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্ত আৰু প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ‘ভাৰত-শ্ল’ভাকিয়া যৌথ অৰ্থনৈতিক সমিতি’ৰ ভূমিকা অধিক শক্তিশালী কৰিবলৈ সন্মত হয়। শ্ল’ভাকিয়াৰ সু-বিকশিত ঔদ্যোগিক পৰিৱেশ আৰু ভাৰতৰ বৃহৎ পৰিসৰ, উদ্ভাৱনমূলক পৰিৱেশ আৰু প্ৰযুক্তিগত ক্ষমতাৰ ব্যৱহাৰ কৰি অটোম’টিভ, ইলেক্ট্ৰনিক্স আৰু অন্যান্য উন্নত উৎপাদন উদ্যোগৰ দৰে খণ্ডসমূহত দ্বিপাক্ষিক বাণিজ্য আৰু দ্বি-পাক্ষিক বিনিয়োগ উল্লেখনীয়ভাৱে বৃদ্ধি কৰাৰ বাবেও তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হয়, য’ত বিশেষভাৱে উচ্চ মূল্য সংযোজিত সহযোগিতাত গুৰুত্ব দিয়া হ’ব।
দুয়োপক্ষই নেট-জিৰ’ নিৰ্গমন লক্ষ্য প্ৰাপ্তিৰ বাবে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়, য’ত সেউজ শক্তি পৰিৱৰ্তনৰ বাবে প্ৰযুক্তিৰ আদান-প্ৰদান আৰু স্বচ্ছ, নিৰ্ভৰযোগ্য তথা সুস্থিৰ শক্তি প্ৰণালীৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
পাৰমাণৱিক শক্তি আৰু ভূ-তাপীয় শক্তি ধৰি শক্তিৰ উৎসসমূহৰ বৈচিত্ৰ্যকৰণৰ জৰিয়তে শক্তি সুৰক্ষা, বহনক্ষমতা আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ বাবে শক্তি খণ্ডত সহযোগিতা বৃদ্ধি কৰিবলৈ নেতাসকলে সন্মত হয়। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থ থকা ক্ষেত্ৰসমূহত যৌথ গৱেষণা, বিশেষজ্ঞতাৰ আদান-প্ৰদান আৰু ক্ষমতা বৃদ্ধিৰ পদক্ষেপৰ জৰিয়তে সহযোগিতা গভীৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
নেতাসকলে বতৰ বিজ্ঞান আৰু জলবিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়, যাৰ ভিতৰত পানী সম্পদৰ দক্ষ আৰু বহনক্ষম ব্যৱস্থাপনা আৰু বান্ধৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষজ্ঞতা তথা সৰ্বোত্তম পদ্ধতিৰ আদান-প্ৰদান অন্তৰ্ভুক্ত। তেওঁলোকে উৎসৰ বহনক্ষমতা, গ্ৰাম্য খোৱাপানীৰ গুণগত মান নিৰীক্ষণ, পানী শোধন প্ৰযুক্তি, ক্ষমতা বৃদ্ধি আৰু সামাজিক অংশগ্ৰহণৰ দৰে ক্ষেত্ৰত সহযোগিতাক উদগনি যোগোৱাৰ ইচ্ছা প্ৰকাশ কৰে। পানী সুৰক্ষা বৃদ্ধি আৰু সুৰক্ষিত খোৱাপানীৰ বহনক্ষম উপলব্ধতা নিশ্চিত কৰিবলৈ জলবায়ু-স্থিতিস্থাপক গ্ৰাম্য খোৱাপানী আন্তঃগাঁথনি গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত তেওঁলোকে জোৰ দিয়ে।
সংযোগক এই অংশীদাৰিত্বৰ এক কৌশলগত স্তম্ভ হিচাপে স্বীকাৰ কৰি, দুয়ো পক্ষই অটোম’টিভ আৰু ৰেল খণ্ডত যৌথ উদ্যোগ, প্ৰযুক্তি হস্তান্তৰ, উদ্ভাৱন আৰু দক্ষতা বিকাশৰ প্ৰসাৰৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে, যাতে প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব পৰা যায় আৰু নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব পৰা যায়। তেওঁলোকে মধ্য ইউৰোপীয় পৰিবহন কেন্দ্ৰ হিচাপে শ্ল’ভাকিয়াৰ অৱস্থান আৰু বাণিজ্য, বিনিয়োগ আৰু সংযোগ বৃদ্ধিৰ বাবে ভাৰতৰ বৃহৎ পৰিসৰৰ উৎপাদন ক্ষমতাৰ সম্ভাৱনাকো উল্লেখ কৰে। বৰ্ধিত অৰ্থনৈতিক, ব্যৱসায়িক আৰু জনসাধাৰণৰ মাজৰ আদান-প্ৰদান সহজসাধ্য কৰিবলৈ ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত পোনপটীয়া বিমান সংযোগৰ সম্ভাৱনা অন্বেষণ কৰিবলৈও তেওঁলোকে উৎসাহিত কৰে।
দুয়োগৰাকী নেতাই দিল্লীত অনুষ্ঠিত ‘এআই ইম্পেক্ট ছামিট ২০২৬’ৰ সফল ফলাফলক প্ৰশংসা কৰে, য’ত শ্ল’ভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম মিষ্টাৰ পিটাৰ পেলেগ্ৰিনিয়ে অংশগ্ৰহণ কৰিছিল। ডিজিটেল ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ বাবে এক গাথঁনি প্ৰদান কৰিব পৰা ‘ডিজিটেল প্ৰযুক্তিসমূহৰ বুজাবুজি চুক্তি’ স্বাক্ষৰিত হোৱাক দুয়ো পক্ষই আদৰণি জনায়। উদ্ভাৱন-ভিত্তিক বিকাশ আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা, অৰ্ধপৰিবাহী, ষ্টাৰ্ট-আপ, উদ্ভাৱন পৰিৱেশ, গৱেষণা প্ৰতিষ্ঠান আৰু প্ৰযুক্তি কোম্পানীসমূহৰ দৰে উদীয়মান ক্ষেত্ৰবোৰত সহযোগিতা অধিক শক্তিশালী কৰিবলৈ সন্মত হয়। দুয়ো পক্ষই ৫জি, ৬জি মানকীকৰণ, ইণ্টাৰনেট অব থিংছ আৰু মেচিন-টু-মেচিন এপ্লিকেচনকে ধৰি নতুন আৰু উদীয়মান প্ৰযুক্তিসমূহত সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈও সন্মত হয়।
দুয়োগৰাকী নেতাই ছেটেলাইট প্ৰযুক্তি আৰু ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত নিজ নিজ মহাকাশ পৰিৱেশৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ সুযোগ অন্বেষণ কৰিবলৈ সন্মত হয়। তেওঁলোকে উদ্ভাৱন আৰু উন্নত মহাকাশ প্ৰযুক্তিৰ বিকাশক উদগনি যোগোৱাৰ বাবে বৈজ্ঞানিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ লগতে উদ্যোগ জগতৰ অংশীদাৰসকলৰ মাজত বিনিময় বৃদ্ধিৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে।
নেতাসকলে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নিয়মীয়া আলোচনা বজাই ৰখা আৰু সহযোগিতা গভীৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে, য’ত ফাৰ্মাচিউটিকেল গৱেষণা আৰু উন্নয়ন, ডিজিটেল স্বাস্থ্য সমাধান আৰু স্বাস্থ্যৰ বাবে মানৱ সম্পদ শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। দুয়ো পক্ষই জনস্বাস্থ্য ব্যৱস্থাপনাত সৰ্বোত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি অধিক স্থিতিস্থাপক, দক্ষ আৰু ৰোগী-কেন্দ্ৰিক স্বাস্থ্যসেৱা প্ৰণালী গঢ়ি তোলাৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে।
অধিক গভীৰ শিক্ষামূলক আৰু বৈজ্ঞানিক বিনিময়ক প্ৰসাৰিত কৰাৰ বাবে দুয়োগৰাকী নেতাই ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু গৱেষকসকলৰ গতিশীলতা বৃদ্ধি কৰিবলৈ সন্মত হয়, য’ত বিশেষকৈ ষ্টেম (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) আৰু মানৱীয়তা শাখাসমূহৰ ওপৰত গুৰুত্ব দিয়া হ’ব। তেওঁলোকে দুয়োখন দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত বৰ্তমান থকা ব্যৱস্থা আৰু সহযোগিতাসমূহৰ বুজ লয় আৰু ইয়াৰ অধিক সম্প্ৰসাৰণ আৰু বৈচিত্ৰ্যকৰণৰ বাবে উৎসাহিত কৰে। দুয়ো পক্ষই উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত নিজ নিজ শিক্ষা মন্ত্ৰালয়ৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়, যিয়ে শৈক্ষিক সংযোগ শক্তিশালী কৰিবলৈ আৰু দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক অংশীদাৰিত্ব গঢ়ি তুলিবলৈ এক সংৰচনাত্মক গাঁথনি প্ৰদান কৰিব।
ভাৰত আৰু শ্ল’ভাকিয়াৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক বুজাবুজি গভীৰ কৰা আৰু বন্ধুত্বৰ বন্ধন শক্তিশালী কৰাৰ উদ্দেশ্যে নেতাসকলে সাংস্কৃতিক বিনিময়, পৰ্যটন আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক যোগাযোগ অধিক প্ৰসাৰিত কৰিবলৈ সন্মত হয়। তেওঁলোকে শিল্পী আৰু সাংস্কৃতিক দলসমূহৰ নিয়মীয়া বিনিময়, প্ৰদৰ্শনীৰ আয়োজন আৰু মহোৎসৱসমূহত অংশগ্ৰহণৰ লগতে দুয়ো দিশতে অধিক পৰ্যটন প্ৰবাহক উদগনি জনাই সাংস্কৃতিক সহযোগিতা বৃদ্ধি কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। নেতাসকলে দৃশ্য-শ্ৰব্য নিৰ্মাণ সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়, যিয়ে চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ প্ৰযোজনাত সহযোগিতাৰ বাবে এক সুসংগঠিত গাঁথনি প্ৰদান কৰিব আৰু দুয়োখন দেশৰ মাজত সাংস্কৃতিক সংযোগ অধিক বৃদ্ধি কৰিব।
নেতাসকলে দক্ষ পেচাদাৰীসকলৰ শৃংখলাবদ্ধ, সুৰক্ষিত আৰু আইনী গতিশীলতাক সমৰ্থন ব্যক্ত কৰে। তেওঁলোকে ২০২৬ চনৰ জানুৱাৰীত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত সহমত হোৱা গতিশীলতা সম্পৰ্কীয় সহযোগিতাৰ ব্যাপক পৰিকাঠামোৰ বুজ লয়। তেওঁলোকে শ্ৰম প্ৰব্ৰজনৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়, যাতে গতিশীলতা সহজসাধ্য হয় আৰু ভাৰত তথা শ্ল’ভাকিয়াৰ প্ৰাসংগিক কৰ্তৃপক্ষৰ মাজত তথ্যৰ আদান-প্ৰদান প্ৰসাৰিত হয়। দুয়ো পক্ষই এখন সামাজিক নিৰাপত্তা চুক্তি শীঘ্ৰে চূড়ান্ত কৰাৰ দিশত কাম কৰিবলৈও সন্মত হয়, যিয়ে ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত কৰ্মৰত পেচাদাৰীসকলৰ কল্যাণ আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাত অৰিহণা যোগাব।
নেতাসকলে উল্লেখ কৰে যে মানুহৰ বৰ্ধিত যাতায়ত আৰু সম্প্ৰসাৰিত পাৰস্পৰিক সম্পৰ্কৰ প্ৰেক্ষাপটত কনচুলাৰ বিষয়সমূহৰ সহযোগিতা দুয়োখন দেশৰ বাবে ধাৰাবাহিক আগ্ৰহৰ ক্ষেত্ৰ হৈ আছে। এই প্ৰেক্ষাপটত, তেওঁলোকে কনচুলাৰ বিষয়সমূহত সহযোগিতা সহজ কৰাৰ বাবে নিজ নিজ কনচুলাৰ কৰ্তৃপক্ষৰ মাজত নিয়মীয়া কনচুলাৰ পৰামৰ্শৰ বাবে এটা তন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ সন্মত হয়।
নেতাসকলে উপযুক্ত কাৰ্যকৰী পৰ্যায়ত নিয়মীয়াকৈ ‘ব্যাপক অংশীদাৰিত্ব’ৰ ৰূপায়ণ পৰ্যালোচনা কৰিবলৈ সন্মত হয়।
দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে যে এই ভ্ৰমণে ভাৰত-শ্ল’ভাকিয়া সম্পৰ্কক এক নতুন ৰূপলৈ পৰিৱৰ্তন কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে আৰু দ্বিপাক্ষিক সম্পৰ্কক এক নতুন পৰ্যায়লৈ লৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
প্ৰধানমন্ত্ৰীসকলে কৰা ঘোষণা আৰু স্বাক্ষৰিত বুজাবুজি চুক্তিসমূহক আদৰণি জনাইছে, যিবোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ফিৎচো আৰু শ্ল’ভাকিয়াৰ জনসাধাৰণক তেওঁক আৰু তেওঁৰ প্ৰতিনিধি দলক জনোৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই উচ্চস্তৰীয় বিনিময়ৰ এই গতি ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সন্মত হয়।
.
***
MJPS/SS/ST/DB
(रिलीज़ आईडी: 2273356)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam