ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে লাও গণৰাজ্যৰ উপ- প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰীয়ে
प्रविष्टि तिथि:
03 JUN 2026 7:11PM by PIB Guwahati
লাও গণৰাজ্যৰ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী মহামহিম থংছাভান ফোমভিহানে ডাঙৰীয়াই আজি (৩ জুন, ২০২৬) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে ।

শ্ৰীমান ফোমভিহানেক ভাৰতলৈ আদৰণি জনাই ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰত আৰু লাও গণৰাজ্যৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে, যিটো আমাৰ বৌদ্ধ ধৰ্ম আৰু ৰামায়ণৰ উমৈহতীয়া ঐতিহ্যত প্ৰতিফলিত হৈছে। এইবাৰ আমি দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো, যিটো দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে।
ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে ২০২৪ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ান সম্পৰ্কীয় শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে লাও গণৰাজ্য ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ সময়ত কেইবাখনো চুক্তি সম্পাদিত হৈছিল, ফলত আমাৰ সহযোগিতাই নতুন গতি লাভ কৰিছিল।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু লাও গণৰাজ্যৰ মাজত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পাইছে, কিন্তু বাণিজ্য আৰু বিনিয়োগ উভয় দিশতে আমি একেলগে অধিক অগ্ৰগতি লাভ কৰাৰ যথেষ্ট সুযোগ আছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি), স্বাস্থ্য, চিকিৎসা, কৃষি, জলসিঞ্চন, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু বিদ্যুৎ আদি ক্ষেত্ৰত লাও গণৰাজ্যৰ সৈতে সহযোগিতা বৃদ্ধি কৰি পাৰিলে সুখী হ’ব। উদ্ভাৱন আৰু জ্ঞানভিত্তিক অৰ্থনীতিৰ ক্ষেত্ৰতো আমি আমাৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ আগ্ৰহী।
ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা লক্ষ্য কৰি আনন্দিত হয় যে দুয়োখন দেশৰ মাজত উন্নয়নমূলক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হৈ পৰিছে তথা লাও গণৰাজ্যৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু দেশখনৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰয়োজনীয়তাৰ সৈতে মিল আছে। দুয়োখন দেশৰ মাজত ঘনিষ্ঠ সহযোগিতাই ইয়াৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিব পাৰে বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে।
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2272915)
आगंतुक पटल : 36