প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ

प्रविष्टि तिथि: 04 JUN 2026 9:35PM by PIB Guwahati

ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি শ্ৰীমতী ডেলচি ৰদ্ৰিগেজে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এই সাক্ষাৎকাৰক লৈ সন্তোষ প্ৰকাশ কৰি উল্লেখ কৰে যে দুয়োগৰাকী নেতাই শক্তি, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সম্প্ৰসাৰণৰ সন্দৰ্ভত ব্যাপক আলোচনা কৰে।

শ্ৰী মোদীয়ে ভেনিজুৱেলা লেটিন আমেৰিকাৰ এক অন্যতম মূল্যবান অংশীদাৰ বুলি উল্লেখ কৰি গুৰুত্ব আৰোপ কৰে যে এই দেশখনৰ সৈতে ঘনিষ্ঠ সহযোগিতা গ্ল’বেল ছাউথৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে দুয়োখন দেশে নিজ নিজ দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে একেলগে কাম কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

"ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি শ্ৰীমতী ডেলচি ৰড্ৰিগেজক লগ পাই সুখী অনুভৱ কৰিছোঁ। আমাৰ মাজত শক্তি, গুৰুত্বপূৰ্ণ খনিজ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যাপক আলোচনা হৈছে।

লেটিন আমেৰিকাৰ এক অন্যতম মূল্যবান অংশীদাৰ হিচাপে, ভেনিজুৱেলাৰ সৈতে আমাৰ ঘনিষ্ঠ সহযোগিতা গ্ল’বেল ছাউথ বাবে অপৰিসীম গুৰুত্ব বহন কৰে। আমি আমাৰ দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে একেলগে কাম কৰি যাম। @delcyrodriguezv"

***

MJPS/SS/PRK/DB


(रिलीज़ आईडी: 2270268) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam