প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ আহমেদাবাদত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
যোগ হৈছে মানৱতাৰ বাবে ভাৰতৰ কালজয়ী উপহাৰ! মন, শৰীৰ আৰু আত্মাক একত্ৰিত কৰি ই এক স্বাস্থ্যকৰ, অধিক সুসামঞ্জস্যপূর্ণ বিশ্বক অনুপ্ৰাণিত কৰেঃ প্ৰধানমন্ত্ৰী
আহমেদাবাদ হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য চহৰ আৰু ভাৰতৰ এই ঐতিহাসিক চহৰখনত এই অনুষ্ঠানৰ আয়োজন কৰাটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়ঃ প্ৰধানমন্ত্ৰী
বিশ্ব যোগ দিৱসৰ পূৰ্বে অনুষ্ঠিত হোৱা বিশ্ব যোগাসন চেম্পিয়নশ্বিপে ইয়াৰ সৈতে স্বাস্থ্য আৰু সুস্থতাৰ দুগুণ মাত্ৰা কঢ়িয়াই আনিছেঃ প্ৰধানমন্ত্ৰী
এই চেম্পিয়নশ্বিপৰ জৰিয়তে যোগাসনে এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে নতুন স্বীকৃতি লাভ কৰিব আৰু মই নিশ্চিত যে ভৱিষ্যতে যোগাসন অলিম্পিক তথা অন্যান্য ক্ৰীড়া প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হ’বঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
04 JUN 2026 9:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ পৰা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰথমখন বিশ্ব যোগাসন চেম্পিয়নশ্বিপ উদ্বোধন কৰে, যি বিশ্ব ক্ৰীড়াৰ ঐতিহ্যৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ‘আজি আহমেদাবাদৰ মাটিৰ পৰা বিশ্বৰ ক্ৰীড়াৰ উত্তৰাধিকাৰত এক নতুন অধ্যায়ৰ সংযোজন হ’ল’, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
এই অগ্ৰণী চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা খেলুৱৈসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আহমেদাবাদত এই সন্মানীয় অনুষ্ঠানৰ আয়োজন কৰাত আনন্দ প্ৰকাশ কৰে। ‘আহমেদাবাদ ইউনেস্কোৰ বিশ্ব ঐতিহ্য চহৰ, আৰু ভাৰতৰ এই ঐতিহাসিক চহৰখনত এই অনুষ্ঠানৰ আয়োজন কৰাটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়’, শ্ৰী মোদীয়ে মন্তব্য কৰে।
আন্তৰ্জাতিক যোগ উদযাপনৰ সংগমৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্ব যোগ দিৱস ২১ জুনত বিভিন্ন দেশৰ অনুষ্ঠানৰ সৈতে উদযাপন কৰা হ’ব, যাৰ মূল কাৰ্যসূচী ভাৰতৰ আন এক ঐতিহাসিক চহৰ কলকাতাত অনুষ্ঠিত হ’ব। ‘বিশ্ব যোগ দিৱসৰ পূৰ্বে অনুষ্ঠিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপে ইয়াৰ সৈতে স্বাস্থ্য আৰু সুস্থতাৰ দুগুণ মাত্ৰা কঢ়িয়াই আনিছে’, শ্ৰী মোদীয়ে কয়।
গোলকীয় পৰ্যায়ত যোগক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ যাত্ৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেনেকৈ প্ৰায় এটা দশক পূৰ্বে ভাৰতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণা কৰাৰ প্ৰস্তাৱ লৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিছিল, যিয়ে ভাৰতীয় প্ৰাচীন পৰম্পৰাক মানৱ জাতিৰ স্বাস্থ্য আৰু সামূহিক কল্যাণৰ সৈতে সংযোগ কৰিবলৈ বিচাৰিছিল। ‘ৰাষ্ট্ৰসংঘৰ ১৯০ খন দেশে ভাৰতৰ প্ৰস্তাৱক সমৰ্থন কৰিছিল’, শ্ৰী মোদীয়ে উল্লেখ কৰে।
বিশ্বব্যাপী যোগৰ বৰ্ধিত গ্ৰহণযোগ্যতাত সন্তুষ্টি প্ৰকাশ কৰি কেনেদৰে লাখ লাখ লোকে যোগ, ধ্যান আৰু প্ৰাণায়ামক তেওঁলোকৰ দৈনন্দিন ৰুটিন আৰু জীৱনশৈলীৰ সৈতে একত্ৰিত কৰিছে, সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। উজ্জীৱিত পৰম্পৰাৰ বিৱৰ্তনশীল প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশ্ব যোগাসন চেম্পিয়নশ্বিপক সমসাময়িক প্ৰাসংগিকতাৰ সৈতে এক পৰিবৰ্তনশীল নতুন পৰ্যায়লৈ যোগৰ প্ৰৱেশক প্ৰতিনিধিত্ব কৰা বুলি উল্লেখ কৰে। যোগাসনক এক স্বীকৃত প্ৰতিযোগিতামূলক শাখা হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চেম্পিয়নশ্বিপৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতৰ প্ৰধান বিশ্ব ক্ৰীড়া প্ৰতিযোগিতাসমূহত ই অন্তৰ্ভুক্ত হ’ব বুলি আস্থা প্ৰকাশ কৰে। ‘এই চেম্পিয়নশ্বিপৰ জৰিয়তে যোগাসনে এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে নতুন স্বীকৃতি লাভ কৰিব আৰু মই নিশ্চিত যে ভৱিষ্যতে যোগাসন অলিম্পিক আৰু অন্যান্য ক্ৰীড়া প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হ’ব’, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
আহমেদাবাদৰ অগ্ৰণী ভূমিকাক স্বীকৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰাৰম্ভিক চেম্পিয়নশ্বিপে মূলসুঁতিৰ বিশ্ব ক্ৰীড়া স্বীকৃতিৰ দিশত যোগাসনৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এক ক্ৰীড়া হিচাপে যোগৰ বিকাশৰ বিস্তৃত অৰ্থনৈতিক আৰু পেছাদাৰী প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ একাধিক খণ্ড আৰু বৃত্তিত উদ্ভৱ হোৱা সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। ‘ক্ৰীড়া হিচাপে যোগাসনৰ সম্প্ৰসাৰণৰ লগে লগে নতুন সম্ভাৱনা বৃদ্ধি পাব, যিয়ে খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া বিজ্ঞানী, গৱেষক আৰু ইভেণ্ট মেনেজাৰৰ বাবে কেৰিয়াৰৰ সুযোগ কঢ়িয়াই আনিব’, শ্ৰী মোদীয়ে উল্লেখ কৰে।
এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয় ‘স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগ’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সমসাময়িক বিশ্বৰ স্বাস্থ্য সম্পৰ্কীয় উদ্বেগ আৰু দীৰ্ঘায়ু বিচাৰি থকা আধুনিক জনসংখ্যাৰ বাবে যোগৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে। ‘যিসকলে নিজকে দীৰ্ঘদিন ধৰি সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব পৰা উপায় বিচাৰে, তেওঁলোকৰ বাবে যোগ এক অতি উপযুক্ত বিকল্প’, শ্ৰী মোদীয়ে কয়।
এক মুক্ত অনুশীলন আৰু এক সুলভ স্বাস্থ্য সমাধান হিচাপে যোগৰ দ্বৈত লাভালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ইয়াৰ সাৰ্বজনীন উপলব্ধতাৰ বিষয়ে এক সামগ্ৰিক বাৰ্তা প্ৰদান কৰে। এক স্মৰণীয় জনস্বাস্থ্য মন্ত্ৰৰ প্ৰচাৰ কৰি তেওঁ যোগৰ প্ৰতিৰোধমূলক শক্তিক বিশ্বব্যাপী গ্ৰহণৰ বাবে সৰল, স্মৰণীয় শব্দ অন্তৰ্ভুক্ত কৰে। ‘প্ৰতিদিনে যোগ কৰক, ই সকলো ৰোগ আঁতৰাই পেলাব’, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
দৈনন্দিন অনুশীলনত যোগক অন্তৰ্ভুক্ত কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ শেহতীয়া পদক্ষেপ ‘যোগ ৩৬৫’ অভিযানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই আন্দোলনত বহলভিত্তিত বিশ্বজুৰি অংশগ্ৰহণৰ আহ্বান জনায়। সকলো অংশগ্ৰহণকাৰী খেলুৱৈক ঘৰলৈ উভতি যোৱাৰ পিছত যোগৰ বিশ্ব ৰাষ্ট্ৰদূত হ’বলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে প্ৰভাৱশালী আৰু জনমত গঠনৰ নেতা হিচাপে তেওঁলোকৰ অনন্য স্থিতিক স্বীকৃতি দিয়ে। ‘নিজৰ নিজৰ দেশলৈ উভতি যাওঁতে ‘যোগ ৩৬৫’ৰ ৰাষ্ট্ৰদূত হিচাপে যোগৰ এই বাৰ্তা আপোনাৰ লগত লৈ যাওক আৰু আপোনাৰ অভিজ্ঞতা তথা বিশ্বাসৰ জৰিয়তে সমগ্ৰ বিশ্বক এই বাৰ্তাৰ সৈতে সংযোগ কৰক’, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
প্ৰতিযোগিতামূলক ফলাফল নিৰ্বিশেষে সকলো অংশগ্ৰহণকাৰীক ঐতিহাসিক অৱদানকাৰী হিচাপে বৰ্ণনা কৰি শ্ৰী মোদীয়ে এই উদ্বোধনী অনুষ্ঠানত তেওঁলোকৰ উপস্থিতিক গুৰুত্বসহকাৰে স্বীকৃতি দিয়ে।
সমবেত বিশ্বমানৰ খেলুৱৈসকলৰ অনুপ্ৰেৰণামূলক শক্তিক স্বীকাৰ কৰি তেওঁ তেওঁলোকৰ সামূহিক প্ৰতিভা আৰু শৃংখলক বিশ্বব্যাপী যুৱক-যুৱতীসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে স্বীকৃতি দিয়ে। ‘আপোনালোকৰ দায়বদ্ধতাই সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব’, তেওঁ কয়।
চেম্পিয়নশ্বিপ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শ্ৰী মোদীয়ে ঘোষণা কৰে, ‘মই ইয়াৰ জৰিয়তে আহমেদাবাদত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপ ২০২৬ মুকলি হোৱা বুলি ঘোষণা কৰিছো!’
***
MJPS/SS/PRK/HS
(रिलीज़ आईडी: 2269641)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam