উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ১৩ সংখ্যক নেছাক বৈঠকত অংশগ্ৰহণ কৰে


উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভৱিষ্যতমুখী মহাকাশ-সক্ষম উন্নয়ন কৌশল গ্ৰহণৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ

মহাকাশ প্ৰযুক্তি, ভূ-স্থানিক বুদ্ধিমত্তা, ড্ৰ’ন আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি পৰিকল্পনাৰ গতি ত্বৰান্বিত কৰা হ’ব

পদক্ষেপসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰযুক্তিনিৰ্ভৰ উন্নয়নৰ দৃষ্টিভংগী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভৱিষ্যতমুখী উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ আহ্বানৰ সৈতে সামঞ্জস্যপূৰ্ণ

प्रविष्टि तिथि: 04 JUN 2026 8:31PM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী (ড’নাৰ) শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চল মহাকাশ প্ৰয়োগ কেন্দ্ৰ (নেছাক) ছ’চাইটিৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকখনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য়িক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰ, নেছাক ছ’চাইটিৰ উপাধ্যক্ষ তথা মহাকাশ বিভাগৰ সচিব আৰু ইছৰ’ৰ অধ্যক্ষ ড০ ভি নাৰায়ণন, লগতে কেন্দ্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

A group of men sitting at a tableAI-generated content may be incorrect.

বৈঠকত ভাষণ দি শ্ৰী সিন্ধিয়াই আঞ্চলিক উন্নয়ন, দুৰ্যোগ প্ৰস্তুতি, জলবায়ু-সচেতন শাসন ব্যৱস্থা, বৈজ্ঞানিক উদ্ভাৱন আৰু তথ্যভিত্তিক নীতি-নিৰ্ণয়ৰ ক্ষেত্ৰত নেছাকক এক ৰূপান্তৰকাৰী প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে পাঁচটা কৌশলগত পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে—উচ্চ-ৰিজ’লিউশ্যন গাঁও সম্পদ মানচিত্ৰ প্ৰস্তুতকৰণ; জলভূমি, বনাঞ্চল, নদী আৰু ভূ-প্ৰকৃতিৰ নিয়মীয়া নিৰীক্ষণ; উত্তৰ-পূৰ্বাঞ্চলত ভূ-স্থানিক আৰু মহাকাশ প্ৰযুক্তিভিত্তিক ষ্টাৰ্টআপক উৎসাহিত কৰা; সকলো ধৰণৰ দুৰ্যোগৰ মোকাবিলাৰ সক্ষমতা বৃদ্ধিৰ বাবে ‘এনইআৰ-শ্বিল্ড’ নামৰ ডিজিটেল টুইন প্লেটফৰ্ম গঢ়ি তোলা; আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সেউজ সম্পদ আৰু প্ৰাকৃতিক মূলধনৰ হিচাপ-নিকাচৰ বাবে এক বিশেষ কাঠামো প্ৰস্তুত কৰা।

বৈঠকত নেছাকৰ বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে মহাকাশ প্ৰযুক্তি, উপগ্ৰহভিত্তিক প্ৰয়োগ আৰু ভূ-স্থানিক বুদ্ধিমত্তাৰ সহায়ত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ ভৱিষ্যৎ ৰোডমেপৰ ওপৰতো আলোচনা কৰা হয়। আলোচনাসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰযুক্তিনিৰ্ভৰ উন্নয়নৰ দৃষ্টিভংগীৰ প্ৰতিফলন ঘটাৰ লগতে নেছাক ছ’চাইটিৰ সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগবঢ়োৱা ভৱিষ্যতমুখী উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলকো অধিক আগুৱাই নিয়া হয়।

A person in a suit and tie standing next to a person in a suitAI-generated content may be incorrect.

ত্ৰিপুৰাত অনুষ্ঠিত ১২ সংখ্যক নেছাক বৈঠকৰ পিছৰে পৰা কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, বতৰ সেৱা, যোগাযোগ, প্ৰাকৃতিক সম্পদ মানচিত্ৰায়ন, আন্তঃগাঁথনি পৰিকল্পনা আৰু গ্ৰাম্য উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত ৫০টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে আৰু ৭৮টা প্ৰকল্প বৰ্তমান ৰূপায়ণৰ অধীনত আছে। কৃষি উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে শস্য ব্যৱস্থাৰ বিশ্লেষণ, অসম আৰু মেঘালয়ত বাঁহ আৰু সাঁচি গছ সম্পদ মানচিত্ৰায়ন, বতৰ আৰু জলবায়ু সেৱা, উপগ্ৰহভিত্তিক যোগাযোগ সহায়তা, আৰু ‘এনই-স্পাৰ্কছ’ৰ দৰে জনসচেতনতামূলক কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৭৮৬ জন শিক্ষাৰ্থীয়ে ইছৰ’ৰ বিভিন্ন প্ৰতিষ্ঠান পৰিদৰ্শনৰ সুযোগ লাভ কৰিছে।

বৈঠকত ‘ভিজন নেছাক’ ৰোডমেপৰো পৰ্যালোচনা কৰা হয়। এই ৰোডমেপে মহাকাশ-সক্ষম শাসন ব্যৱস্থা আৰু উদ্ভাৱনৰ জৰিয়তে ধাপে ধাপে অঞ্চলটোক ‘স্মাৰ্ট এনালিটিক্স’ৰ পৰা ‘স্মাৰ্ট অঞ্চল’ আৰু পৰৱৰ্তী পৰ্যায়ত ‘স্বায়ত্তশাসিত পৰিৱেশতন্ত্ৰ’লৈ ৰূপান্তৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় আৰু নেছাকৰ মাজৰ দীৰ্ঘদিনীয়া সহযোগিতাৰ কথা উল্লেখ কৰি শ্ৰী সিন্ধিয়াই কয়, “নেছাক আৰু ড’নাৰৰ মাজত প্ৰতিষ্ঠাৰ পৰাই এক অবিচ্ছেদ্য সম্পৰ্ক বিদ্যমান। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দূৰদৰ্শী নেতৃত্বত প্ৰতিষ্ঠিত এই দুয়োটা প্ৰতিষ্ঠানে বিগত ২৬ বছৰতকৈও অধিক সময় ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ উন্নয়ন আৰু ৰূপান্তৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।”

A group of people sitting at tablesAI-generated content may be incorrect.

তেওঁ উল্লেখ কৰে যে পূৰ্বৱৰ্তী ছ’চাইটি বৈঠকৰ পিছত ৫০টা প্ৰকল্প সম্পূৰ্ণ হোৱাটো অঞ্চলটোৰ ৪.৫ কোটিতকৈ অধিক জনসাধাৰণৰ উন্নয়ন আকাংক্ষাক সহায় কৰা এক মূল্যৱান ডিজিটেল জ্ঞানভঁৰাল গঢ়ি তোলাৰ সমতুল্য।

মন্ত্ৰীগৰাকীয়ে সাঁচি গছ খেতি আৰু ইয়াৰ মূল্য শৃংখলাৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়েও আলোকপাত কৰে। তেওঁ কয় যে ভূ-স্থানিক মানচিত্ৰায়ন আৰু অনুসৰণযোগ্যতা ব্যৱস্থাই উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক আৰু উদ্যোগীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে।

দুৰ্যোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যে শ্ৰী সিন্ধিয়াই দূৰসংযোগ নেটৱৰ্কৰ সৈতে সংযুক্ত, বহু-ভাষিক আৰু অতি স্থানীয় পৰ্যায়ৰ সতৰ্কীকৰণ ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনায়। তেওঁ ভূমিস্খলন আৰু অন্যান্য প্ৰাকৃতিক বিপদৰ নিৰীক্ষণৰ বাবে ভূ-স্থানিক বিপদ পৰ্যবেক্ষণ সঁজুলিসমূহৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ পৰামৰ্শও আগবঢ়ায়। কৃষি খণ্ডত তেওঁ কৃষক-বান্ধৱ নিখুঁত কৃষি প্লেটফৰ্ম আৰু সাঁচি গছকে ধৰি উচ্চমূল্যসম্পন্ন তথা জিআই স্বীকৃতিপ্ৰাপ্ত সামগ্ৰীৰ বাবে ভূ-স্থানিক পঞ্জীয়ন ব্যৱস্থা গঢ়ি তোলাৰ পোষকতা কৰে, যাতে উৎপাদনশীলতা, অনুসৰণযোগ্যতা আৰু বজাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি পায়। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত তেওঁ প্ৰকল্প পৰিকল্পনা, বিপদ মূল্যায়ন আৰু সংযোগ ব্যৱস্থা উন্নয়নৰ বাবে ভূ-স্থানিক সিদ্ধান্ত-সহায়ক ব্যৱস্থা ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ড্ৰ’ন প্ৰযুক্তিৰ বিপুল সম্ভাৱনাৰ কথাও উল্লেখ কৰি নেছাকৰ ইউএভি সক্ষমতাক ব্যৱহাৰ কৰি যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকা আৰু দক্ষতা বিকাশৰ সুযোগ সৃষ্টিৰ পৰামৰ্শ আগবঢ়ায়। এই ক্ষেত্ৰত ‘নমো ড্ৰ’ন দিদি’ পদক্ষেপৰ সৈতে সমন্বয় সাধনৰ বিষয়েও তেওঁ উল্লেখ কৰে।

A person holding a trophyAI-generated content may be incorrect.

নেছাকৰ সক্ষমতা বৃদ্ধিত ইছৰ’ৰ অৱদানৰ কথা উল্লেখ কৰি শ্ৰী সিন্ধিয়াই কয়, “ইছৰ’ৰ অংশগ্ৰহণে নেছাকৰ প্ৰচেষ্টাসমূহক নতুন গতি প্ৰদান কৰিছে। চন্দ্ৰযান-৩ আৰু আদিত্য-এল১ৰ দৰে অভিযানসমূহে ভাৰতৰ প্ৰযুক্তিগত উৎকৰ্ষতা আৰু অসাধাৰণ দক্ষতাৰে ব্যতিক্ৰমী সফলতা অৰ্জনৰ সক্ষমতাৰ প্ৰমাণ বহন কৰে।”

ভাষণৰ সামৰণিত মন্ত্ৰীগৰাকীয়ে কয়, “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কল্পনা কৰা অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত শাসন ব্যৱস্থাৰ ৰূপান্তৰ, প্ৰতিৰোধ ক্ষমতা শক্তিশালীকৰণ আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ বাবে মহাকাশ প্ৰযুক্তি, ভূ-স্থানিক বুদ্ধিমত্তা, যোগাযোগ আন্তঃগাঁথনি আৰু উদ্ভাৱনক সমন্বিতভাৱে ব্যৱহাৰ কৰা এক ভৱিষ্যতমুখী কৌশল গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।”

বৈঠকৰ অন্তত নেছাক, ইছৰ’, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে অঞ্চলটোৰ অন্তৰ্ভুক্তিমূলক, বহনক্ষম আৰু ভৱিষ্যতমুখী উন্নয়নৰ মূল চালিকা শক্তি হিচাপে মহাকাশ প্ৰযুক্তি আৰু উদ্ভাৱনক ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰব্যক্ত কৰে।

 

 

*****

PS/AA


(रिलीज़ आईडी: 2269127) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , English