উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
৭৩ সংখ্যক এনইচিৰ পূৰ্ণাংগ অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী তথা এনইচিৰ উপাধ্যক্ষ শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ৰোডমেপ আৰু ৰূপান্তৰকাৰী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে
উন্নয়নৰ গতি ত্বৰান্বিত কৰা আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী বাস্তৱায়নৰ লক্ষ্যৰে আঠটা উচ্চস্তৰীয় টাস্ক ফ’ৰ্চে খণ্ডভিত্তিক কৰ্মপৰিকল্পনা উপস্থাপন কৰে
प्रविष्टि तिथि:
04 JUN 2026 6:54PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী (ড’নাৰ) তথা উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ (এনইচি) উপাধ্যক্ষ শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি শ্বিলঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ ৭৩ সংখ্যক পূৰ্ণাংগ অধিৱেশনত মন্ত্ৰালয়ৰ ৰূপান্তৰকাৰী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে আঠটা উচ্চস্তৰীয় টাস্ক ফ’ৰ্চৰ পৰামৰ্শসমূহৰ পৰ্যালোচনা কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত পূৰ্ণাংগ অধিৱেশনত ভাষণ দি শ্ৰী সিন্ধিয়াই কয় যে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এক সুবিধা প্ৰদানকাৰী, সমন্বয়কাৰী আৰু সংযোগসূত্ৰ হিচাপে বিকশিত হৈছে আৰু ‘সংযোগ’, ‘সমন্বয়’ আৰু ‘অনুঘটক’—এই তিনিটা ‘চি’ ভিত্তিক দৃষ্টিভংগীৰে মন্ত্ৰালয়টোৱে কাম কৰি আহিছে।
YKV8.jpeg)
তেওঁ জনায় যে এনইচিৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ পিছত গঠন কৰা আঠটা উচ্চস্তৰীয় টাস্ক ফ’ৰ্চে বিনিয়োগ প্ৰসাৰ, কৃষি আৰু উদ্যান শস্য, হস্তশিল্প, আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থা, অৰ্থনৈতিক কৰিডৰ, পশুপালন আৰু মীন খণ্ডত আত্মনিৰ্ভৰতা, ক্ৰীড়া আৰু পৰ্যটন আদি ক্ষেত্ৰ সামৰি কৰ্মপৰিকল্পনা আৰু পৰামৰ্শ দাখিল কৰিছে। মুখ্যমন্ত্ৰীসকলৰ নেতৃত্বত গঠিত আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলৰ সহযোগিতাৰে পৰিচালিত এই টাস্ক ফ’ৰ্চবোৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যৎ উন্নয়নৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰাৰ লগতে অঞ্চলটোক বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী বাস্তৱায়নত উল্লেখযোগ্য অৱদান আগবঢ়াব পৰাকৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে কাম কৰিছে।

শ্ৰী সিন্ধিয়াই জনায় যে এই টাস্ক ফ’ৰ্চবোৰৰ পৰামৰ্শসমূহ অধিক বিবেচনা আৰু ৰূপায়ণৰ বাবে এনইচিৰ অধ্যক্ষৰ ওচৰত দাখিল কৰা হ’ব। তেওঁ লগতে উল্লেখ কৰে যে এই পৰামৰ্শসমূহৰ ৰূপায়ণ তদাৰক কৰাৰ বাবে সংশ্লিষ্ট মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলক লৈ এক উচ্চস্তৰীয় পৰিচালনা সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
মন্ত্ৰালয়ৰ সাম্প্ৰতিক সাফল্যসমূহৰ বিষয়ে আলোকপাত কৰি শ্ৰী সিন্ধিয়াই কয় যে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ব্যয় ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰায় ১,০০০ কোটি টকাৰ পৰা বিগত দুবছৰত প্ৰায় ৪,০০০ কোটি টকালৈ বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষৰ বাবে মন্ত্ৰালয়টোৱে ৬,৫০০ কোটি টকাৰ বাজেট আবণ্টন লাভ কৰিছে। প্ৰকল্প অনুমোদন প্ৰক্ৰিয়া সৰলীকৰণ, স্বচ্ছতা বৃদ্ধি আৰু সময়মতে ধনৰ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে কেইবাটাও সংস্কাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে ‘ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগ সন্মিলন’ৰ সাফল্যৰ বিষয়েও উল্লেখ কৰি কয় যে এই সন্মিলনত ১০০ জনতকৈ অধিক ৰাষ্ট্ৰদূতে অংশগ্ৰহণ কৰিছিল আৰু প্ৰায় ৪.৫ লাখ কোটি টকাৰ বিনিয়োগ প্ৰতিশ্ৰুতি লাভ কৰা হৈছিল। ২০২৫ চনৰ মে’ মাহত অনুষ্ঠিত এই সন্মিলনৰ পিছৰে পৰা ইতিমধ্যে প্ৰায় ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগ বাস্তৱ ৰূপ লাভ কৰিছে, যিয়ে অঞ্চলটোৰ প্ৰতি বিনিয়োগকাৰীসকলৰ ক্ৰমবৰ্ধমান আস্থাক প্ৰতিফলিত কৰে।
বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত শ্ৰী সিন্ধিয়াই জনায় যে বিগত ১৫ মাহত উত্তৰ-পূৰ্বাঞ্চলজুৰি ১৩১টা নতুন বেংক শাখা স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও পূৰ্বে বেংকিং সেৱাৰ আওতাৰ বাহিৰত থকা ৬,৫০০খন গাঁওক এতিয়া আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে। তেওঁ লগতে কয় যে ইউপিআইৰ জৰিয়তে অঞ্চলটোত ডিজিটেল পৰিশোধ ব্যৱস্থাৰ গ্ৰহণযোগ্যতা প্ৰায় ৯০ শতাংশলৈ বৃদ্ধি পাইছে।

মন্ত্ৰীগৰাকীয়ে অষ্টলক্ষ্মী দৰ্শন ছাত্ৰ বিনিময় কাৰ্যসূচী আৰু ইছৰ’ ভ্ৰমণ কাৰ্যসূচীৰ সাফল্যৰ কথাও উল্লেখ কৰে। এই পদক্ষেপসমূহে দেশৰ বিভিন্ন প্ৰান্ত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক বিনিময় আৰু বৈজ্ঞানিক শিক্ষাৰ অনন্য সুযোগ প্ৰদান কৰিছে।
শ্ৰী সিন্ধিয়াই লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যজুৰি বিশেষ পৰ্যটন পৰিক্ৰমা বিকাশৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। অঞ্চলটোৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য, জৈৱ বৈচিত্ৰ্য আৰু দুঃসাহসিক পৰ্যটনৰ সম্ভাৱনাক বিশ্বৰ আগত তুলি ধৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ ত্ৰিপুৰাৰ মাটাবাৰী পৰ্যটন পৰিক্ৰমা আৰু মেঘালয়ৰ চোহৰা পৰ্যটন পৰিক্ৰমাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে, যিবোৰ পৰ্যটন আন্তঃগাঁথনি শক্তিশালী কৰা, পৰ্যটকৰ সুবিধা উন্নত কৰা, সংযোগ ব্যৱস্থা বৃদ্ধি কৰা আৰু স্থানীয় জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে ৰূপায়ণ কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপসমূহে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থান সৃষ্টি কৰি অঞ্চলটোৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।
মন্ত্ৰীগৰাকীয়ে ‘এখন ৰাজ্য, এক বিশেষ সামগ্ৰী’ পদক্ষেপৰ বিষয়েও বিস্তৃতভাৱে ব্যাখ্যা কৰে। এই পদক্ষেপৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই নিজৰ তুলনামূলক সুবিধা আৰু সাংস্কৃতিক পৰিচয়ৰ ভিত্তিত এক বিশেষ সামগ্ৰী বা খণ্ড চিনাক্ত কৰিছে। এই পদক্ষেপৰ অধীনত মেঘালয়ৰ লাকাডং হালধি, অসমৰ মুগা ৰেচম, অৰুণাচল প্ৰদেশৰ কিৱি ফল, ত্ৰিপুৰাৰ কুইন আনাৰস আৰু ছিকিমৰ জৈৱিক কৃষিকে ধৰি বিভিন্ন সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে মূল্য শৃংখলা শক্তিশালী কৰা, ব্ৰেণ্ডিং আৰু পেকেজিং উন্নত কৰা, বজাৰত প্ৰৱেশাধিকাৰ সহজ কৰা, ৰপ্তানি প্ৰসাৰ কৰা আৰু কৃষক, শিল্পী তথা উদ্যোগীসকলৰ আয় বৃদ্ধিৰ সুযোগ সৃষ্টি কৰা। শ্ৰী সিন্ধিয়াই কয় যে প্ৰতিখন ৰাজ্যৰ স্বকীয় শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰি এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিশ্বস্বীকৃত ব্ৰেণ্ড গঢ়ি তোলাৰ লগতে অঞ্চলটোত অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে বিনিয়োগ প্ৰসাৰ, আন্তঃগাঁথনি উন্নয়ন, বেংকিং সম্প্ৰসাৰণ, পৰ্যটন, লজিষ্টিকছ আৰু মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত ধাৰাবাহিক প্ৰচেষ্টাই এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তোলাৰ ভেটি স্থাপন কৰিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে উত্তৰ-পূৰ্বাঞ্চল অদূৰ ভৱিষ্যতে ভাৰতৰ এক মুখ্য বিকাশ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী বাস্তৱায়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
Our Ashtalakshmi stands at the cusp of a new era of growth and development. 🇮🇳
At the 73rd Plenary of the North Eastern Council (NEC), under the chairmanship of Hon’ble Home and Cooperation Minister Shri @AmitShah Ji, reaffirmed our collective resolve to realise the vision of a… pic.twitter.com/rMcy0wFeAI
— Jyotiraditya M. Scindia (@JM_Scindia) June 4, 2026
*****
/AA
(रिलीज़ आईडी: 2269106)
आगंतुक पटल : 10