প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
प्रविष्टि तिथि:
03 JUN 2026 3:03PM by PIB Guwahati
নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ শ্ৰী ৰবি লামিছানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই বৈঠকত আনন্দ প্ৰকাশ কৰি কয় যে শ্ৰী লামিছানেৰ এক অংশীদাৰী আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে একেলগে ঘনিষ্ঠভাৱে কাম কৰাৰ ইচ্ছাক তেওঁ আদৰণি জনায় আৰু সম্পূৰ্ণৰূপে সমৰ্থন কৰে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে চুবুৰীয়া প্ৰথম নীতিৰ অধীনত নেপাল হৈছে এক অগ্ৰাধিকাৰমূলক অংশীদাৰ। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে দুয়োখন দেশৰ মাজত বিশেষ আৰু বহুমুখী সম্পৰ্ক অধিক উচ্চতালৈ উন্নীত কৰিবলৈ ভাৰতে নতুন চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ আগ্ৰহী।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ অধ্যক্ষ শ্ৰীযুত ৰবি লামিছানেৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হৈছো। এক অংশীদাৰী আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে একেলগে ঘনিষ্ঠভাৱে কাম কৰাৰ তেওঁৰ ইচ্ছাক মই আদৰণি জনাইছো আৰু সম্পূৰ্ণৰূপে শ্বেয়াৰ কৰিছো।
আমাৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত নেপাল হৈছে এক অগ্ৰাধিকাৰমূলক অংশীদাৰ আৰু আমি আমাৰ দুয়োখন দেশৰ মাজত বিশেষ আৰু বহুমুখী সম্পৰ্ক অধিক উচ্চতালৈ উন্নীত কৰিবলৈ নতুন চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ আগ্ৰহী।"
***
MJPS/SS/PRK/MK
(रिलीज़ आईडी: 2268350)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam