প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দৃঢ় সংকল্প, আত্মনিয়ন্ত্ৰণ আৰু প্ৰজ্ঞাৰ গুণসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সংস্কৃত সুভাশিতম শ্বেয়াৰ

পোষ্ট কৰা হৈছে: 02 JUN 2026 8:30AM by PIB Guwahati

দৃঢ় সংকল্প আৰু আত্মনিয়ন্ত্ৰণেই কঠিন পথকো সহজ কৰি তোলাৰ শক্তি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে । শ্ৰী মোদীয়ে কয় যে আজি আমাৰ যুৱক-যুৱতীসকলে এই সংকল্পৰে জাতি নিৰ্মাণৰ কামত অবিৰতভাৱে নিয়োজিত হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

‘সংকল্প আৰু আত্মনিয়ন্ত্ৰণ এনেকুৱা এটা শক্তি, যিয়ে জটিল পথকো সহজ কৰি তোলে। আজি আমাৰ যুৱক-যুৱতীসকলে এই সংকল্পৰে অবিৰতভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে।

निश्चित्य यः प्रक्रमते
नान्तर्वसति कर्मणः।

अबन्ध्यकालो वश्यात्मा
स वै पण्डित उच्यते॥’

যি ব্যক্তিয়ে কোনো কাম সাৱধানতাৰে বিবেচনা কৰি আৰু দৃঢ় সংকল্পৰে আৰম্ভ কৰে, যিয়ে কোনো কাম আধৰুৱাকৈ নাৰাখে, যিয়ে সময়ৰ সদ্ব্যৱহাৰ কৰে আৰু যিজনে নিজৰ ইন্দ্ৰিয়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ বজাই ৰাখে, তেনে ব্যক্তিয়েই সঁচা অৰ্থত জ্ঞানী।

***

MJPS/SS/PRK/NB


(ৰিলিজ আই ডি : 2267815) অতিথি কক্ষ : 10