মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

আইজলত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক পৰ্যালোচনা বৈঠক: এমডিচিএছ প্ৰাথমিক জৰীপ, গাহৰি পালন সম্পৰ্কীয় পুস্তিকা আৰু এএছএফৰ সজাগতামূলক তথ্যচিত্ৰ মুক্তি

মিজোৰামত ৩২.১৫ কোটি টকা ব্যয়সাপেক্ষ মীন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ

মিজোৰামৰ মীন মূল্য শৃংখলাক গতি প্ৰদান কৰি ক’ল্ড চেইন সুবিধাযুক্ত মীন বিপণন কেন্দ্ৰৰ অনুমোদন ভাৰত চৰকাৰৰ

পোষ্ট কৰা হৈছে: 26 MAY 2026 4:05PM by PIB Guwahati

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে মিজোৰামৰ আইজলত মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয় তথা পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ অধ্যক্ষতাত আৰু মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয় তথা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ উপস্থিতিত এখন ‘আঞ্চলিক পৰ্যালোচনা বৈঠক: উত্তৰ-পূৰ্বাঞ্চল ২০২৬’ ৰ আয়োজন কৰে।

মীন, পশুপালন আৰু দুগ্ধ তথা পঞ্চায়তীৰাজ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে উত্তৰ-পূৰ্বাঞ্চলত এক স্বাৱলম্বী মীন খণ্ডক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰি পিএমএমএছৱাই আৰু এফআইডিএফৰ অধীনত প্ৰায় ৩২.১৫ কোটি টকাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলৰ মাজত মীন কেচিচি কাৰ্ড আৰু বঁটাসমূহ বিতৰণ কৰে আৰু প্ৰত্যাহ্বানসমূহ বুজিবলৈ তথা অধিক সহায় আগবঢ়াবলৈ তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মীন সম্ভাৱনীয়তাক মুকলি কৰিবলৈ ৰাজ্য আৰু অংশীদাৰসকলক একত্ৰিত প্ৰয়াস কৰিবলৈ আহ্বান জনায়, আৰু ৰপ্তানিৰ এক মুখ্য চালিকাশক্তি হিচাপে গঢ়ি উঠা 'আলংকৰিক মীন পালন'ৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ সংহত একুৱাপাৰ্ক আৰু ক্লাষ্টাৰ উন্নয়নৰ জৰিয়তে মূল্য শৃংখলা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ভিতৰত ইতিমধ্যে ৭টা ক্লাষ্টাৰ অধিসূচিত কৰা হৈছে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত মীন উৎপাদনৰ বৃদ্ধিৰ কথা উল্লেখ কৰে আৰু একুৱাপাৰ্ক, ক্লাষ্টাৰ উন্নয়ন, আৰু আধুনিক প্ৰযুক্তি যেনে-বায়’ফ্লকৰ লগতে এনএফডিপিৰ জৰিয়তে ডিজিটেলকৰণ আৰু মিজোৰামত অনুমোদিত ৫০ কোটি টকাৰ মীন বিপণন কেন্দ্ৰসহ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত জোৰ দিয়ে; ইয়াৰ লগতে তেওঁ ৰাজ্যসমূহক স্পষ্ট গাঁথনি আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ইয়াৰ সময়োপযোগী ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

এই “উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক পৰ্যালোচনা বৈঠক”ত সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ গ্ৰাম্য দুগ্ধ খেতিয়কসকলৰ জীৱিকাৰ সুযোগ বৃদ্ধি কৰা আৰু দুগ্ধ সমবায়সমূহক শক্তিশালী কৰাৰ উদ্দেশ্যে বহুমুখী দুগ্ধ সমবায় সমিতিৰ পৰিসৰ সম্প্ৰসাৰণৰ বাবে 'ভিত্তিভিত্তিক গাঁও পৰ্যায়ৰ জৰীপ' মুকলি কৰে। ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে এই জৰীপৰ লগতে “গাহৰি পালনৰ উত্তম পশুপালন পদ্ধতি” শীৰ্ষক পুস্তিকা আৰু 'আফ্ৰিকান ছোৱাইন ফিভাৰ'ৰ সজাগতামূলক এখন তথ্যচিত্ৰও মুকলি কৰে। এই পুস্তিকাখনে বৈজ্ঞানিক গাহৰি পালন, উন্নত উৎপাদনশীলতা, ৰোগ প্ৰতিৰোধ, আধুনিক ব্যৱস্থাপনা পদ্ধতি আৰু খেতিয়কসকলৰ বহনক্ষম জীৱিকাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰে। এএছএফ চলচ্চিত্ৰখনে উত্তৰ-পূৰ্বাঞ্চলত এএছএফ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে সজাগতা, প্ৰস্তুতি আৰু একত্ৰিত প্ৰয়াসক প্ৰসাৰিত কৰে।

মাননীয় মীন, পশুপালন আৰু দুগ্ধ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আইজলত আঞ্চলিক পৰ্যালোচনা বৈঠকৰ পৌৰোহিত্য কৰাৰ সময়ত গ্ৰাম্য জীৱিকা আৰু আঞ্চলিক অৰ্থনীতিক উদগনি যোগাবলৈ উত্তৰ-পূৰ্বাঞ্চলত পশুপালন আৰু দুগ্ধ খণ্ডৰ বিশাল সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ কৃত্ৰিম গৰ্ভাধাৰণ আৰু ছেক্স-চৰ্টেড চিমেন প্ৰযুক্তিৰ ব্যাপক গ্ৰহণ, দুগ্ধ আন্তঃগাঁথনি আৰু সমবায়সমূহ শক্তিশালী কৰা, চৰকাৰী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ আৰু টিকাকৰণ অভিযানৰ জৰিয়তে ৰোগ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে প্ৰকল্পৰ সময়োপযোগী ৰূপায়ণ, কেন্দ্ৰীয় পুঁজিৰ দক্ষ ব্যৱহাৰ আৰু অঞ্চলটোক পশুপালন আৰু দুগ্ধ খণ্ডত স্বাৱলম্বী কৰি তোলাৰ বাবে সামূহিক প্ৰয়াসৰ ওপৰতো জোৰ দিয়ে।

ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ ৰাজ্যিক মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানে মীন খণ্ডৰ উৎপাদনশীলতা আৰু বহনক্ষমতা বৃদ্ধিৰ বাবে আধুনিক বৈজ্ঞানিক প্ৰযুক্তি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়াৰ লগতে মূল্য প্ৰাপ্তিৰ উন্নতিৰ বাবে লজিষ্টিক, ক’ল্ড চেইন আৰু বজাৰ সংযোগ শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শক্তিশালী সমাজ-চালিত ব্যৱস্থা, বিশেষকৈ মহিলা নেতৃত্বাধীন আত্মসহায়ক গোটসমূহৰ সক্ৰিয় ভূমিকাক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে এই সমূহীয়া নেটৱৰ্ক আৰু বিদ্যমান আন্তঃগাঁথনিৰ ফলপ্ৰসূ ব্যৱহাৰে পশুপালন খণ্ডক লক্ষণীয়ভাৱে শক্তিশালী কৰিব পাৰে, ৰপ্তানিমুখী সামগ্ৰীসমূহক প্ৰসাৰিত কৰিব পাৰে আৰু উত্তৰ-পূবৰ আঞ্চলিক উন্নয়নক ত্বৰান্বিত কৰিব পাৰে।

ভাৰত চৰকাৰৰ ডিএএইচএণ্ডডিৰ সচিব শ্ৰী নৰেশ পাল গাংৱাৰে তেওঁৰ মূল ভাষণত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দ্বাৰা বিভাগীয় আঁচনিসমূহৰ কাৰ্যকৰী পুনৰ গঠন আৰু সৰ্বাধিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাজ্যসমূহক পশু চিকিৎসা আন্তঃগাঁথনি, টিকাকৰণ আৰু কৃত্ৰিম গৰ্ভাধাৰণৰ বাবে ডিএএইচডিৰ মানদণ্ড গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়, আৰু লগতে এছএএছচিআই আঁচনিৰ জৰিয়তে মূলধন বিনিয়োগৰ গুৰুত্বও উল্লেখ কৰে। তেওঁ অধিক অৱগত কৰে যে বিভাগে বৰ্তমান আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে ভেকচিনৰ বিকল্পসমূহ পৰীক্ষা কৰি আছে।

মীন বিভাগৰ সচিব ড° অভিলাক্ষ লিখীয়ে উত্তৰ-পূৰ্বাঞ্চলত মীন প্ৰকল্পসমূহৰ মাটিত ৰূপায়ণৰ প্ৰগতিৰ বুজ লয় আৰু যুক্তিসংগত খৰচৰ মানদণ্ডৰ জৰিয়তে আঞ্চলিক প্ৰতিবন্ধকতাসমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ গৱেষণা আৰু উন্নয়নৰ বাবে শক্তিশালী আইচিএআৰ সমৰ্থনৰ লগতে মানদণ্ডৰ পোনা মাছ, বৈচিত্ৰ্যতা আৰু বহু-মৎস্য পালনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ গুণগত পোনা মাছ, বৈচিত্ৰ্যতা, ক্ষমতা বিকাশ আৰু মূল্য সংযোজনৰ ওপৰত জোৰ দিয়ে, আৰু বহনক্ষম বিকাশ তথা ৰপ্তানি সম্ভাৱনা ত্বৰান্বিত কৰাত জলভাণ্ডাৰ, খাঁচ পদ্ধতিৰ মাছ পালন, ডিজিটেলকৰণ আৰু ব্যক্তিগত অংশগ্ৰহণৰ ভূমিকা উল্লেখ কৰে।

ৰাজ্যিক মীন মন্ত্ৰীসকলে পুখুৰী উন্নয়ন, ইনপুট সমৰ্থন আৰু বিত্তীয় সাহায্যসহ মুখ্য পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে সজ্জাগত মীন পালনৰ সম্ভাৱনীয়তা তথা যুৱ উদ্যোগীসকলক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁলোকে সংহত কৃষি বৃদ্ধি কৰা, দক্ষতা আৰু আন্তঃগাঁথনি শক্তিশালী কৰা, আৰু আঞ্চলিক প্ৰয়োজনীয়তাসমূহ উন্নতভাৱে প্ৰতিফলিত কৰিবলৈ পিএমএমএছৱাই ৰ ইউনিট খৰচ সংশোধন কৰাৰ বাবেও আহ্বান জনায়।

ভাৰত চৰকাৰৰ ডিএএইচডিৰ অতিৰিক্ত সচিব (পশু আৰু দুগ্ধ) শ্ৰী বৰ্ষা যোশীয়ে ৰাষ্ট্ৰীয় গোকুল মিছন, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচী, ৰাষ্ট্ৰীয় পশুপালন মিছন, পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি, আৰু পশুপালন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীসহ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ খতিয়ান দাঙি ধৰে। তেওঁ উত্তৰ-পূবৰ ৰাজ্যসমূহক পশুপালন আৰু দুগ্ধ খণ্ডত আন্তঃগাঁথনি শক্তিশালী কৰা আৰু বিকাশ ত্বৰান্বিত কৰাৰ বাবে এছএএছচিআই আঁচনিৰ অধীনত থকা সহায়ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

 

ভাৰত চৰকাৰৰ মীন বিভাগৰ যুটীয়া সচিব শ্ৰী সাগৰ মেহৰাই উত্তৰ-পূৰ্বাঞ্চলৰ মীন খণ্ডৰ সাফল্য আৰু ভৱিষ্যতৰ ৰোডমেপ উপস্থাপন কৰে, য'ত বিভিন্ন আঁচনিৰ অধীনত প্ৰায় ২,২২৮ কোটি টকাৰ বিনিয়োগৰ কথা উল্লেখ কৰা হয় আৰু উৎপাদনশীলতা বৃদ্ধি, মূল্য শৃংখলা উন্নয়ন আৰু বহনক্ষম বিকাশৰ বাবে মুখ্য অগ্ৰাধিকাৰসমূহৰ ৰেখাচিত্ৰ প্ৰস্তুত কৰা হয়।

এনএফডিবিৰ মুখ্য কাৰ্যবাহী ড° বিজয় কুমাৰ বেহৰাই শলাগৰ শৰাই জ্ঞাপনেৰে অধিৱেশনখনিৰ সামৰণি মাৰে।

মীন, পশুপালন আৰু দুগ্ধ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাজ্যিক মন্ত্ৰী আৰু গণ্যমান্য ব্যক্তিসকলৰ সৈতে উত্তৰ-পূব আঞ্চলিক পৰ্যালোচনা বৈঠকৰ অন্তত 'মূলকো ডেইৰী' পৰিদৰ্শন কৰে। এই ভ্ৰমণকালত 'মিজো কেফে' আৰু 'এফপিঅ’ কাৰ্যালয় তথা বিক্ৰী কেন্দ্ৰ'ৰ উদ্বোধন, 'মূলকো গৰুৰ ঘিঁউ' মুকলি, খেতিয়কসকলৰ মাজত কাৰিকৰী সামগ্ৰী বিতৰণ আৰু মীন খণ্ডৰ হিতাধিকাৰী, এফএফপিঅ’ আৰু সমবায়সমূহক স্বীকৃতি প্ৰদান কৰা হয়, যিয়ে অঞ্চলটোৰ তৃণমূল পৰ্যায়ৰ সফলতাৰ কাহিনীসমূহ প্ৰদৰ্শন কৰে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উচ্চ উৎপাদনক্ষম গৰুৰ সংখ্যা বৃদ্ধি কৰিবলৈ অভিযানমূলকভাৱে কৃত্ৰিম গৰ্ভাধাৰণ সেৱা আৰু ছেক্স-চৰ্টেড চিমেনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এক নিৰ্দিষ্ট সময়সীমাৰ সৈতে মিছন মোডত দুগ্ধ সমবায় সৃষ্টি কৰাৰ কথা ঘোষণা কৰে। তেওঁ মিজোৰামৰ খেতিয়কসকলক আশ্বাস দিয়ে যে বিভাগ আৰু এনডিডিবি উত্তৰ-পূৰ্বাঞ্চলক দুগ্ধ উৎপাদনত স্বাৱলম্বী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, আৰু এই লক্ষ্যসমূহ অৰ্জন কৰিবলৈ সম্পূৰ্ণ সহায় আগবঢ়াব। এই পদক্ষেপসমূহে সমবায়সমূহ শক্তিশালী কৰা, উৎপাদনশীলতা বৃদ্ধি কৰা আৰু মিজোৰাম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ খেতিয়কসকলৰ বাবে বহনক্ষম জীৱিকা নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে।

****

JP/DB


(ৰিলিজ আই ডি : 2266303) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil