কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেন্দ্ৰীয় মন্ত্ৰীসভাই দুটা আঁচনিৰ একত্ৰীকৰণ আৰু অব্যাহত ৰখাত অনুমোদন জনাইছে, যেনে- (১) ‘এন এফ এছ এৰ অধীনত খাদ্য-শস্যৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে ৰাজ্যিক সংস্থাসমূহক সহায় আৰু এফ পি এছ ব্যৱসায়ীসকলৰ লভ্যাংশ’ আৰু (২) ‘ৰাজহুৱা বিতৰণ ব্যৱস্থাত প্ৰযুক্তিৰ জৰিয়তে আধুনিকীকৰণ আৰু সংস্কাৰৰ আঁচনি (স্মাৰ্ট পি ডি এছ)’
সাৰ্থক পি ডি এছৰ বাবে অহা ৫ বছৰত কেন্দ্ৰই ২৫,৫৩০ কোটি টকা ব্যয় কৰিব
এফ পি এছ ব্যৱসায়ীৰ সৰ্বাধিক লভ্যাংশৰ সৈতে প্ৰান্তীয় অঞ্চললৈ খাদ্য-শস্যৰ যোগান নিশ্চিত কৰাৰ বাবে আঁচনিসমূহৰ ধাৰাবাহিকতা
পি ডি এছ কাৰ্য্যকলাপত স্বচ্ছতা, সুৰক্ষা আৰু বহনক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ জৰিয়তে বৌদ্ধিকভাৱে অনুকূল পি ডি এছ কাৰ্য্যকলাপৰ বাবে চেষ্টা চৰকাৰৰ
পোষ্ট কৰা হৈছে:
27 MAY 2026 2:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে (চি চি ই এ) ষোড়শ বিত্ত আয়োগৰ অনুমোদনৰ সময়ছোৱাত কেন্দ্ৰীয় অংশ হিচাপে ২৫,৫৩০ কোটি টকা ব্যয়ৰে ‘ৰেচন পৰিবহণত সহায় আৰু পি ডি এছত স্বয়ংক্ৰিয়ভাৱে আয় নিয়ন্ত্ৰণৰ আঁচনি’ (সাৰ্থক পি ডি এছ)ক এক উল্লেখযোগ্য কেন্দ্ৰীয় আঁচনি হিচাপে অব্যাহত ৰখাত অনুমোদন জনাইছে।
চি চি ই এয়ে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মাজত হোৱা আন্তঃৰাজ্যিক পৰিবহণ আৰু খাদ্য-শস্য তথা এফ পি এছ ব্যৱসায়ীসকলৰ লভ্যাংশ পৰিচালনাত হোৱা ব্যয় পূৰণৰ বাবে কেন্দ্ৰীয় সাহায্যৰ নিয়ম সংশোধন কৰাৰ লগতে কেন্দ্ৰীয় সাহায্যৰ বৰ্তমানৰ পুঁজি যোগানৰ ধৰণ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।
চলিত আঁচনিসমূহক একত্ৰিত কৰি এই আঁচনিখনক এখন গুৰুত্বপূৰিণ কেন্দ্ৰীয় আঁচনি হিচাপে বিবেচনা কৰা হৈছেঃ (ক) ‘এন এফ এছ এৰ অধীনত খাদ্য-শস্য আৰু এফ পি এছ ব্যৱসায়ীসকলৰ লভ্যাংশৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে ৰাজ্যিক সংস্থাসমূহক সহায়’ আৰু (খ) ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ (এন এফ এছ এ)ৰ ৰূপায়ণ ব্যাপকভাৱে শক্তিশালী কৰিবলৈ ‘ৰাজহুৱা বিতৰণ ব্যৱস্থাত প্ৰযুক্তিৰ জৰিয়তে আধুনিকীকৰণ আৰু সংস্কাৰৰ আঁচনি (স্মাৰ্ট পি ডি এছ)’।
সাৰ্থক-পি ডি এছ আঁচনিৰ লক্ষ্য হৈছে (ক) আন্তঃৰাজ্যিক পৰিবহণ, পৰিচালনা আৰু এফ পি এছ ব্যৱসায়ীৰ লভ্যাংশৰ বাবে নিশ্চিত বিত্তীয় সহায় আৰু (খ) এক একত্ৰিত, নাগৰিক-কেন্দ্ৰিক, বুদ্ধিমান আৰু আন্তঃব্যৱহাৰযোগ্য পি ডি এছ স্থাপত্য, যিয়ে প্ৰান্তীয় অঞ্চলসমূহলৈ সেৱা প্ৰদান নিশ্চিত কৰে, অপচয় হ্ৰাস কৰে আৰু এন এফ এছ এৰ অধীনত খাদ্য সুৰক্ষাৰ প্ৰতি ৰাষ্ট্ৰৰ দায়বদ্ধতাক শক্তিশালী কৰি একত্ৰিত আঁচনিৰ সৈতে ৩১.০৩.২০৩১লৈ কাম কৰাৰ সুবিধা প্ৰদান কৰে।
সাৰ্থক-পি ডি এছ আঁচনিয়ে কৃত্ৰিম বুদ্ধিমত্তা (এ আই), যন্ত্ৰ শিক্ষণ (এম এল), প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (এন এল পি) আৰু ব্লকচেইনৰ দৰে উন্নত প্ৰযুক্তিৰ জৰিয়তে পি ডি এছ কাৰ্য্যকলাপক আধুনিকীকৰণ, সংহতি আৰু বুদ্ধিগতভাৱে অনুকূল কৰাৰ প্ৰয়াস কৰাৰ লগতে বাস্তৱ সময়ৰ নিৰীক্ষণ, এ আই চালিত অভিযোগ আৰু বিশ্লেষণ ব্যৱস্থা, তথ্য-চালিত ৰাজ্যিক নিয়ন্ত্ৰণ আৰু পৰিচালন কেন্দ্ৰৰ বাবে প্ৰামাণিক স্থাপত্য আৰু সংহত তথ্য ভাণ্ডাৰ সৃষ্টি কৰি তদাৰকী আৰু পি ডি এছ কাৰ্যকলাপত স্বচ্ছতা, সুৰক্ষা আৰু বহনক্ষমতা নিশ্চিত কৰিবলৈ আই এছ অ’ -প্ৰমাণিত প্ৰক্ৰিয়াৰ কাঠামোসমূহ সৃষ্টি কৰে।
দেশৰ জনসাধাৰণৰ প্ৰতি ভাৰত চৰকাৰৰ এক সামাজিক আৰু আইনী দায়বদ্ধতা আছে, সেয়া হৈছে পৰ্যাপ্ত পৰিমাণৰ গুণগত খাদ্য-শস্যৰ উপলভ্যতাৰ জৰিয়তে খাদ্য আৰু পুষ্টিকৰ সুৰক্ষাৰ উপলব্ধতা নিশ্চিত কৰি এক মৰ্য্যাদাপূৰ্ণ জীৱন প্ৰদান কৰা। এই আঁচনিখনে এন এফ এছ এৰ অধীনত সামৰি লোৱা ৮১.৩৫ কোটি লোকৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশত কাম কৰিব। বিধিবদ্ধ আৰু নীতিগত পৰিকাঠামোৰ ওপৰত ভিত্তি কৰি সাৰ্থক-পি ডি এছে বিত্তীয় সাহায্যৰ উপাদান ৰক্ষা কৰে আৰু একে সময়তে ইয়াক এক আধুনিক, প্ৰযুক্তি-চালিত পি ডি এছ পৰিবেশতন্ত্ৰত অন্তৰ্ভুক্ত কৰে।
বিগত দশকত চৰকাৰে মেৰা ৰেচন, অন্ন মিত্ৰ, ৰাইটফুল টাৰ্গেটিং ডেশ্বব’ৰ্ড আৰু অন্ন সহায়তাৰ দৰে নাগৰিক-কেন্দ্ৰিক এপ্লিকেচনৰ লগতে টি পি ডি এছৰ এণ্ড-টু-এণ্ড কম্পিউটাৰাইজেচন, পি ডি এছ (আই এম-পি ডি এছ) আৰু স্মাৰ্ট পি ডি এছৰ একত্ৰিত ব্যৱস্থাপনাৰ দৰে একাধিক ডিজিটেলাইজেচন পদক্ষেপ ৰূপায়ণ কৰিছে আৰু ২০২৩ৰ ১ এপ্ৰিলৰ পৰা স্মাৰ্ট পি ডি এছ আঁচনিখনে ৰেচন কাৰ্ডৰ সম্পূৰ্ণ ডিজিটেলাইজেচন, আধাৰ ছিডিং, ই-পি অ’ এছৰ জৰিয়তে এফ পি এছ অটোমেচন, অনলাইন আবণ্টন আৰু ৩৬ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত কম্পিউটাৰাইজড যোগান শৃংখলা ব্যৱস্থাপনা সক্ষম কৰি প্ৰযুক্তি-নেতৃত্বাধীন সংস্কাৰৰ আধাৰশিলা হিচাপে কাম কৰি আছে।
****
MJPS/NB
(ৰিলিজ আই ডি : 2265859)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam