প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুৰুৰ প্ৰতি সমৰ্পিত সেৱাৰ জৰিয়তেহে জ্ঞান লাভ কৰিব পাৰি বুলি উল্লেখ থকা হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 12 MAY 2026 2:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে জ্ঞান কেৱল গুৰুৰ প্ৰতি সমৰ্পিত সেৱাৰ জৰিয়তেহে লাভ কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-

"यथा खात्वा खनित्रेण भूतले वारि विन्दति।

तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥"

হিতোপদেশটোত কোৱা হৈছে যে যেনেকৈ পানী পাবলৈ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্যৰে পৃথিৱীৰ গভীৰতালৈ খান্দিব লাগে, ঠিক তেনেদৰেই বিশ্বাস, নিষ্ঠা, অনুশাসন তথা আন্তৰিকতাৰে কেৱল গুৰুৰ প্ৰতি সমৰ্পিত সেৱাৰ জৰিয়তেহে জ্ঞান লাভ কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"यथा खात्वा खनित्रेण भूतले वारि विन्दति।

तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥"

***

MJPS/SS/VJ/DD


(रिलीज़ आईडी: 2260298) आगंतुक पटल : 53
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam