প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সোমনাথ মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ ৭৫ বছৰীয়া জয়ন্তীক ভাৰতৰ সভ্যতাৰ যাত্ৰাৰ এক মাইলৰ খুঁটি বুলি অভিহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 11 MAY 2026 12:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ মন্দিৰ দৰ্শন কৰি পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৱে ভক্তৰ বাবে দুৱাৰ মুকলি কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত নিজকে ধন্য অনুভৱ কৰা বুলি প্ৰকাশ কৰে। পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ ৭৫ বছৰীয়া জয়ন্তীত সোমনাথৰ পবিত্ৰ মন্দিৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা  ঐশ্বৰিক অভিজ্ঞতাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়  যে মন্দিৰৰ পথত ভগৱান সোমনাথৰ ভক্তসকলৰ অপৰিসীম উদ্যম  আৰু উৎসাহ দেখি তেওঁ আপ্লুত আৰু আৱেগিক হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীয়ে পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ সময়ত নিশ্চয় যি অনুভৱ কৰিছিল, সেই মুহূৰ্তটোৱেই তেওঁ আজি পুনৰ সজীৱ হৈ পৰিছে। তেওঁ লগতে  কয় যে সোমনাথ অম্ৰুত মহোৎসৱৰ ভক্তিমূলক পৰিৱেশে চৌদিশে এক শক্তিৰ সঞ্চাৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এই কথাও পৰ্যবেক্ষণ কৰে যে সোমনাথৰ প্ৰতিটো কোণতে ভক্তি অনুভৱ কৰিব পাৰি। পুনৰ নিৰ্মিত মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে  অগণন লোক ইয়াত  সমবেত  হোৱা বুলিউল্লেখ কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সেই ঐতিহাসিক দিনটো সঁচাকৈয়ে ভাৰতৰ সভ্যতাৰ  যাত্ৰাৰ এক মাইলৰ খুঁটি  স্বৰূপ আছিল ।

এক্সত দিয়া  ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে-

"জয় সোমনাথ! ইয়াত উপস্থিত হৈ ধন্য অনুভৱ কৰিছো, আমি পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৰ দুৱাৰ  ভক্তৰ বাবে  মুকলি কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছো।"

"পুনৰ্নিৰ্মিত সোমনাথ মন্দিৰৰ অভিষেকৰ ৭৫ বছৰীয়া জয়ন্তীত সোমনাথৰ পবিত্ৰ মন্দিৰ দৰ্শন কৰাটো সঁচাকৈয়ে এক ঐশ্বৰিক অভিজ্ঞতা। এই শুভ অনুষ্ঠানত মন্দিৰৰ পথত ভগৱান সোমনাথৰ ভক্তসকলৰ উদ্যম  আৰু অপৰিসীম উৎসাহৰ সাক্ষী হৈ মোৰ হৃদয় আলোড়িত  তথা গভীৰভাৱে আপ্লুত হৈ পৰিছে! আজি  পুনৰ নিৰ্মাণ কৰা মন্দিৰৰ অভিষেক অনুষ্ঠানৰ সময়ত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে হয়তো সেই সময়ত  অনুভৱ কৰা  মুহূৰ্তটোকে পুনৰ সজীব কৰি তুলিছে।

"সোমনাথৰ  প্ৰতিটো চুকতে ভক্তি অনুভৱ কৰিব পাৰি। পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৱে ভক্তৰ বাবে দুৱাৰ মুকলি কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে  অগণন লোক সমবেত হৈছে। সেই   দিনটো সঁচাকৈয়ে ভাৰতৰ সভ্যতাৰ  যাত্ৰাৰ এক মাইলৰ খুঁটি স্বৰূপ আছিল।"

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2260036) অতিথি কক্ষ : 7