গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ নেতৃত্বত গাঁৱৰ পথৰ পৰা উন্নয়নৰ ক্ষিপ্ৰতালৈ: PMGSY-ৰ ২৫ বছৰ, এতিয়া PMGSY-IV ৰে নতুন সংকল্প

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ভাইৰুণ্ডাৰ পৰা মধ্য প্ৰদেশলৈ বৃহৎ উপহাৰ: ১০ মে'ত PMGSY-IV আৰু PM-JANMAN-ৰ ৰাষ্ট্ৰীয় শুভাৰম্ভ

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙৰ উদ্যোগত ১৮,৯০৭ কোটি টকাৰ আবন্টনেৰে গ্ৰাম্য যাতায়াত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা

মধ্যপ্ৰদেশলৈ শ্ৰী শিৱৰাজ সিঙৰ বৃহৎ অনুমোদন: ২,১১৭ কিলোমিটাৰ পথ আৰু ৯৮৭টা জনবসতি অঞ্চলৰ উন্নয়নৰ লগতে ৩৮৪ কিলোমিটাৰৰ PM-JANMAN প্ৰকল্পলৈও অনুমোদন

সাফল্যৰ ২৫ বছৰীয়া উদযাপনত শ্ৰী শিৱৰাজ সিঙৰ সৈতে অংশ ল’ব মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে

উৎকৃষ্ট প্ৰদৰ্শনকাৰী ৰাজ্যসমূহক সন্মান; প্ৰযুক্তি-নিৰ্ভৰ গ্ৰাম্য পথ নিৰ্মাণৰ এক নতুন যুগৰ আৰম্ভণি

পোষ্ট কৰা হৈছে: 09 MAY 2026 3:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ২৫ বছৰীয়া ৰূপালী জয়ন্তী উদযাপন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায়ৰ ৰাষ্ট্ৰীয় শুভাৰম্ভণী অনুষ্ঠান অহা ১০ মে'ত মধ্য প্ৰদেশৰ চিহোৰ জিলাৰ ভাইৰুণ্ডাত অনুষ্ঠিত হ’ব, যিটো গ্ৰাম্য ভাৰতৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু গাঁওসমূহক মজবুত, সকলো ঋতুতে চলাচল কৰিব পৰা পকী পথৰ সৈতে সংযোগ কৰাৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিক পুনৰবাৰ দৃঢ় কৰিব। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই কাৰ্যসূচী কেৱল এটা চৰকাৰী অনুষ্ঠান হিচাপেই নহয়, বৰঞ্চ গ্ৰাম্য পৰিৱৰ্তন, সামাজিক অন্তৰ্ভুক্তি আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে উন্নয়নক দেশৰ প্ৰত্যন্ত অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিলৈ লৈ যোৱাৰ সংকল্পৰ এক বৃহৎ উৎসৱ হিচাপে উপস্থাপন কৰা হৈছে।

এই অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে মধ্য প্ৰদেশৰ ৯৭৩টা পথৰ (মুঠ ২,১১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ) বাবে PMGSY-IV ৰ অধীনত অনুমোদন পত্ৰ আৰু আৰ্থিক আৱন্টন মুখ্যমন্ত্ৰী ড° মোহন যাদৱৰ হাতত অৰ্পণ কৰিব। এই প্ৰকল্পসমূহৰ দ্বাৰা ৰাজ্যখনৰ ৯৮৭টা জনবসতিপূৰ্ণ অঞ্চল উপকৃত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে, PM-JANMAN পদক্ষেপৰ অধীনত ৩৮৪ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ পথ প্ৰকল্পলৈকো অনুমোদন জনোৱা হ’ব, যাৰ দ্বাৰা ১৬৮টা পিছপৰা জনবসতি অঞ্চল পোনপটীয়াকৈ উপকৃত হ’ব।

এই অনুষ্ঠানটোৰ সময়ত, শ্ৰী শিৱৰাজ সিং চৌহানে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১৮,৯০৭ কোটি টকাৰ এক সাংকেতিক আৱন্টনৰ কথাও ঘোষণা কৰিব। ইয়াৰ ভিতৰত ৮৩০ কোটি টকা মধ্য প্ৰদেশৰ উন্নয়নৰ বাবে আৱন্টন কৰা হৈছে।

এই আৱন্টনে গ্ৰাম্য যাতায়ত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে গ্ৰামাঞ্চলত অৰ্থনৈতিক কাম-কাজ, শিক্ষা, স্বাস্থ্যসেৱা আৰু কৃষি বজাৰৰ সুবিধা লাভৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে এই কাৰ্যসূচী ১০ মে'ৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান আৰু মুখ্যমন্ত্ৰী ড° মোহন যাদৱৰ লগতে কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° চন্দ্ৰ শেখৰ পেমাচানী, কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কমলেশ পাছোৱান, মধ্য প্ৰদেশৰ গ্ৰামোন্নয়ন আৰু শ্ৰম মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল, ৰাজ্য চৰকাৰৰ অন্যান্য জনপ্ৰতিনিধি আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকিব।

এক বিবৃতিত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে যে গাঁৱৰ এটা পথ কেৱল যাতায়তৰ মাধ্যম নহয়, বৰঞ্চ ই সমৃদ্ধি, শিক্ষা, স্বাস্থ্যসেৱা, বজাৰ, নিয়োগ আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ এক প্ৰৱেশপথ, আৰু ইয়াক ওপৰতেই তেওঁলোকে গুৰুত্ব আৰোপ কৰি আহিছে। PMGSY-ৰ ৰূপালী জয়ন্তী উদযাপন আৰু PMGSY-IV ৰ শুভাৰম্ভক আগন্তুক বৰ্ষসমূহত গ্ৰাম্য ভাৰতক উন্নয়নৰ এক নতুন শিখৰলৈ লৈ যোৱাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে।

এই কাৰ্যসূচীত গ্ৰাম্য পথ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা ৰাজ্যসমূহকো সন্মান জনোৱা হ’ব। এই অনুষ্ঠানে সমগ্ৰ দেশতে প্ৰযুক্তি-নিৰ্ভৰ গ্ৰাম্য পথ নিৰ্মাণ আৰু যাতায়ত ব্যৱস্থা সম্প্ৰসাৰণৰ এক নতুন পৰ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

****

RC/PU/MK


(ৰিলিজ আই ডি : 2259711) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil