নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

সৰ্বানন্দ সোণোৱালে বন্দৰৰ কাম-কাজৰ পৰ্যালোচনা কৰে; সময়মতে হস্তক্ষেপৰ ফলত হৰমুজ প্ৰণালীৰ ব্যাঘাতৰ মাজতে ৯০% কাৰ্গোৰ বেকলগ নিষ্পত্তি

চৰকাৰৰ ত্বৰান্বিত পদক্ষেপৰ ফলত বন্দৰসমূহৰ কাম-কাজ পুনৰ আৰম্ভ হৈছে আৰু বাণিজ্যিক ব্যাঘাত হ্ৰাস পাইছে


মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহক সাহায্য প্ৰদান কৰে আৰু মুনাফা লাভৰ বিৰুদ্ধে সতৰ্ক কৰে

পোষ্ট কৰা হৈছে: 10 APR 2026 8:20PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে মন্ত্ৰালয়ৰ সময়োপযোগী হস্তক্ষেপ আৰু অহৰহ নিৰীক্ষণৰ বাবে প্ৰধান বন্দৰসমূহত প্ৰায় ৯০% সামগ্ৰীৰ বেকলগ মুকলি কৰা হৈছে, যাৰ ফলত হৰমুজ প্ৰণালীত ভূ-ৰাজনৈতিক বাধাৰ বাবে বিঘ্নিত হোৱা কাৰ্য্যকলাপৰ স্বাভাৱিকতা ঘূৰাই অনা হৈছে।

জ্যেষ্ঠ বিষয়া আৰু বন্দৰ কৰ্তৃপক্ষৰ সৈতে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিয়ে প্ৰথমে কাৰ্গো চলাচল আৰু জাহাজৰ যাতায়াতত ব্যাঘাত জন্মাইছিল, কিন্তু সমন্বিত আৰু সক্ৰিয় পদক্ষেপৰ জৰিয়তে বাণিজ্যত ন্যূনতম প্ৰভাৱ পেলাই বন্দৰসমূহৰ কাম-কাজ দ্ৰুতগতিত স্থিৰ কৰি তোলা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মন্তব্য কৰে যে, “উদ্ভৱ হোৱা এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ আমি দ্ৰুত আৰু সমন্বিতভাৱে পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। নিৰন্তৰ নিৰীক্ষণ আৰু সময়মতে হস্তক্ষেপৰ ফলত বন্দৰ পৰিচালনা নিয়মীয়া কৰি তোলা আৰু জমা হৈ থকা কামসমূহ দক্ষতাৰে নিষ্পত্তি কৰাটো সম্ভৱ হৈছে। ইয়াৰ ফলত ভাৰতৰ বাণিজ্য শক্তিশালী হৈ থকাটো নিশ্চিত হৈছে।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বন্দৰভিত্তিক কাৰ্য্যকৰী অৱস্থাৰ পৰ্যালোচনা কৰে আৰু উল্লেখযোগ্য উন্নতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই প্ৰত্যাহ্বানমূলক সময়ত বন্দৰৰ কৰ্মচাৰী আৰু বিষয়াসকলে কৰা ভিৰ ৰোধ কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। বিশ্বজুৰি অনিশ্চয়তাৰ মাজতো নিৰৱচ্ছিন্ন কাৰ্য্যকলাপ বজাই ৰখাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিক তেওঁ প্ৰশংসা কৰে।

সোণোৱালে জোৰ দি কয় যে মোডী চৰকাৰৰ অগ্ৰাধিকাৰ কেৱল কাৰ্যকৰী ধাৰাবাহিকতাই নহয়, ৰপ্তানিকাৰক, আমদানিকাৰক, আৰু লজিষ্টিকছৰ সৈতে জড়িত অংশীদাৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাও। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো বন্দৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে মন্ত্ৰালয়ে ঘোষণা কৰা আৰ্থিক সকাহৰ ব্যৱস্থাসমূহ—ভূমিৰ ভাড়া ৰেহাই আৰু ফ্ৰীজৰ চাৰ্জৰ ৰেহাইকে ধৰি—কোনো ধৰণৰ পলম বা পদ্ধতিগত বাধা নোহোৱাকৈ পোনপটীয়াকৈ অংশীদাৰসকললৈ সম্প্ৰসাৰিত কৰা হয়।

এই ক্ষেত্ৰখনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি মন্ত্ৰীগৰাকীয়ে জাহাজ পৰিবহণ সঞ্চালকালয়ক জাহাজ পৰিবহণ সম্পৰ্কীয় মাচুলৰ সম্পূৰ্ণ স্বচ্ছতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই সংকটটো লাভালাভৰ সুযোগ হ'ব নালাগে। সোণোৱালে কয় যে বাণিজ্যিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সকলো মাচুল স্পষ্টভাৱে নথিভুক্ত আৰু নিৰীক্ষণ কৰিব লাগিব।

এই পৰ্যালোচনাত বন্দৰসমূহত অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ কাম-কাজো সামৰি লোৱা হয়। সোণোৱালে বিষয়াসকলক ব্যৱস্থাৱলী শক্তিশালী কৰি তুলিবলৈ নিৰ্দেশ দিয়ে যাতে এনে বিসংগতিৰ সময়ত অংশীদাৰসকলৰ উদ্বেগ দ্ৰুতভাৱে সমাধান কৰিব পৰা যায়।

বিষয়াসকলে জানিবলৈ দিয়ে যে জৱাহৰলাল নেহৰু বন্দৰ, দীনদয়াল বন্দৰ প্ৰাধিকৰণ, নিউ মংগালুৰু বন্দৰ প্ৰাধিকৰণ আৰু মুম্বাই বন্দৰকে ধৰি প্ৰধান বন্দৰসমূহে যুদ্ধ সম্পৰ্কীয় জাহাজ চলোৱাত হোৱা ব্যাঘাতৰ বাবে আবদ্ধ হৈ থকা সামগ্ৰীসমূহ বহুলাংশে মুকলি কৰি দিছে। উদ্ভাৱনীমূলক কাৰ্য্যকৰী ব্যৱস্থা, বৰ্ধিত য়ার্ডৰ ক্ষমতা আৰু সমন্বিত লজিষ্টিক পৰিকল্পনায়ে পিছুৱাই থকা কামৰ সমস্যা সমাধানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে নিবিড়ভাৱে নিৰীক্ষণ অব্যাহত ৰাখিব আৰু যিকোনো পৰৱৰ্তী বিকাশৰ প্ৰতি সঁহাৰি দিবলৈ প্ৰস্তুত থাকিব।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আৰু কয়, ‘আমাৰ পন্থা সক্ৰিয়, সঁহাৰিজনক, আৰু অংশীদাৰ-কেন্দ্ৰিক হৈ আহিছে।আমি বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ সামুদ্ৰিক খণ্ডক শক্তিশালী আৰু কাৰ্যক্ষম কৰি ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বত আমি আমাৰ বাণিজ্যিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আৰু ভূ-ৰাজনৈতিকতাৰ পৰা অপ্ৰভাৱিত হৈ আমাৰ যোগান শৃংখলৰ স্থিতিস্থাপকতা নিশ্চিত কৰিবলৈ সকলো সম্ভৱপৰ প্ৰচেষ্টা চলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"

***

MI/IY/DS


(ৰিলিজ আই ডি : 2259283) অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi