নিতি আয়োগ
'ভাৰতত বিদ্যালয় শিক্ষা ব্যৱস্থাঃ গুণগত মান বৃদ্ধিৰ বাবে নীতিৰ পৰিকল্পনা তথা সাময়িক বিশ্লেষণ’ শীৰ্ষক নীতিগত প্ৰতিবেদন মুকলি নীতি আয়োগৰ
পোষ্ট কৰা হৈছে:
07 MAY 2026 1:13PM by PIB Guwahati
নিটি আয়োগৰ উপাধ্যক্ষ শ্ৰী সুমন বেৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী নিধি ছিব্বৰে ৬মে’, ২০২৬ ত 'ভাৰতত বিদ্যালয় শিক্ষা ব্যৱস্থাঃ সাময়িক বিশ্লেষণ আৰু গুণগত মান বৃদ্ধিৰ বাবে নীতিৰ পৰিকল্পনা শীৰ্ষক এখন প্ৰতিবেদন মুকলি কৰে। এই প্ৰতিবেদনখন হৈছে প্ৰৱেশাধিকাৰ আৰু নামভৰ্তি, আন্তঃগাঁথনি, সমতা তথা অন্তৰ্ভুক্তি আৰু শিক্ষণৰ ফলাফলৰ দৰে মূল মাপকাঠীসমূহত ভাৰতৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ এক বিস্তৃত, দশকজোৰা বিশ্লেষণ উপস্থাপন কৰা এক নীতিগত দস্তাবেজ। এই প্ৰতিবেদনে ই ইউ ডি আই এছ ই + ২০২৪-২৫, পৰখ ৰাষ্ট্ৰীয় সৰ্বেক্ষণ ২০২৪, এন এ এছ ২০১৭ আৰু ২০২১ তথা এ এছ ই আৰ ২০২৪-ৰ পৰা তথ্য আহৰণ কৰাৰ লগতে ২০২৫ৰ ফেব্ৰুৱাৰীত নীতি আয়োগে আহ্বান কৰা মানসম্পন্ন বিদ্যালয় শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্মশালাৰ পৰা যুগুত কৰা হয়, য'ত ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰধান সচিব, এন চি ই আৰ টি আৰু এছ চি ই আৰ টি-ৰ সঞ্চালক, জিলা কালেক্টৰ, ইউনেস্কো, এন ইউ ই পি এ, আৰু নাগৰিক সমাজ সংগঠনকে ধৰি ১৫০জনৰো অধিক অংশগ্ৰহণকাৰীক একত্ৰিত কৰা হৈছে।
২৪.৬৯ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে ১৪.৭১লাখ বিদ্যালয়ক সামৰি সামৰি লোৱা ভাৰতৰ বিদ্যালয় শিক্ষা ব্যৱস্থা আজি বিশ্বৰ সৰ্ববৃহৎ ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। যোৱা দশকত লাভ কৰা অগ্ৰগতি প্ৰতিফলিত কৰি, প্ৰতিবেদনখনে ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে প্ৰৱেশাধিকাৰ, আন্তঃগাঁথনি, সমতা, অন্তৰ্ভুক্তি, ডিজিটেল একত্ৰীকৰণ আৰু শিক্ষণ ফলাফলৰ মূল মাত্ৰাসমূহৰ ওপৰত এক বিস্তৃত বিশ্লেষণ উপস্থাপন কৰে। হিট মেপ তথা অন্যান্য ভিজুৱেল গ্ৰাফিক্সৰ জৰিয়তে প্ৰতিবেদনত উপস্থাপন কৰা সাময়িক বিশ্লেষণে বিশেষকৈ বিদ্যুৎ, কাৰ্য্যকৰী অনাময় সুবিধা আৰু সৰ্বাত্মক আন্তঃগাঁথনিৰ ব্যৱস্থাৰ লগতে কম্পিউটাৰ, ইণ্টাৰনেট সংযোগ তথা সমগ্ৰ বিদ্যালয়সমূহত স্মাৰ্ট শ্ৰেণীকোঠাত উন্নত প্ৰৱেশাধিকাৰৰ জৰিয়তে ডিজিটেল শিক্ষণ পৰিৱেশ তন্ত্ৰৰ এক উল্লেখযোগ্য সম্প্ৰসাৰণকে ধৰি বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। এই অধ্যয়নে সমতা আৰু অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিভিন্ন শৈক্ষিক পৰ্যায়ত বিশেষকৈ এছচি আৰু এছটি শিক্ষাৰ্থীসকলৰ উন্নত নামভৰ্তিৰ লগতে কন্যাসকলৰ অংশগ্ৰহণৰ দিশটোকে ধৰি ইতিবাচক ক্ষেত্ৰসমূহত উৎসাহিত কৰাৰ দিশটো আঙুলিয়াই দিয়ে। ইয়াৰ উপৰি, প্ৰতিবেদনখনত এনইপি ২০২০, নিপুণ ভাৰত মিছন আৰু সমগ্র শিক্ষা অভিযানৰ অধীনত স্থায়ী নীতিগত পদক্ষেপৰ জৰিয়তে মহামাৰীৰ পাছৰ সময়চোৱাত বিশেষকৈ মৌলিক সাক্ষৰতা আৰু সংখ্যাতত্বৰ ক্ষেত্ৰত বিভিন্ন শ্ৰেণী নিৰ্বিশেষে শিক্ষণৰ ফলাফলত হোৱা অগ্ৰগতিৰ লক্ষণ উল্লেখ কৰাৰ সমান্তৰালকৈ মানসম্পন্ন আৰু ন্যায়সংগত শিক্ষণ ফলাফল শক্তিশালী কৰাৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তথ্য বিশ্লেষণ আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদনখনত পদ্ধতিগত আৰু শৈক্ষিক ক্ষেত্ৰত ১১টা প্ৰধান প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা হৈছে।
প্ৰতিবেদনখনত ১৩টা ব্যাপক পৰামৰ্শৰে গঠিত এক বিশদ নীতিৰ পৰিকল্পনা প্ৰদান কৰা হৈছে। এই ৮টা পদ্ধতিগত পৰামৰ্শৰ ভিতৰত আছে সংমিশ্ৰিত বিদ্যালয় আৰু প্ৰমাণ-আধাৰিত যুক্তিসংগতৰণৰ জৰিয়তে বিদ্যালয়ৰ গাঁথনিৰ সংস্কাৰ, বিদ্যালয়ৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, প্ৰশাসনৰ সংস্কাৰ আৰু প্ৰশাসনিক সামৰ্থ্য নিৰ্মাণ, বিদ্যালয়ৰ মানৰ ওপৰত ৰাজ্যিক আৰু জিলা টাস্ক ফ’ৰ্চৰ জৰিয়তে সমগ্ৰ সমাজৰ দৃষ্টিভংগী প্ৰতিষ্ঠানিক কৰা, বিদ্যালয় ব্যৱস্থাপনা সমিতিসমূহ শক্তিশালী কৰা, শিক্ষক নিযুক্তি আৰু পেছাদাৰী বিকাশ বৃদ্ধি কৰা, ডিজিটেল আৰু সম্প্ৰচাৰ-আধাৰিত শিক্ষাৰ সম্প্ৰসাৰণ আৰু সমতা তথা অন্তৰ্ভুক্তিৰ প্ৰসাৰ। ৫টা শৈক্ষিক পৰামৰ্শৰ জৰিয়তে শিক্ষাদান, মূল্যায়ন আৰু মৌলিক শিক্ষণৰ ৰূপান্তৰ, সামগ্ৰিক শিক্ষা তথা শিক্ষাৰ্থীৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা, বৃত্তিমূলক শিক্ষা আৰু দক্ষতা একত্ৰীকৰণৰ বিষয়ে পুনৰ কল্পনা কৰা, ইচিচিই শক্তিশালী কৰা আৰু শিক্ষামূলক উদ্ভাৱনৰ বাবে এআই একত্ৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰতিবেদনখনে ওপৰত উল্লেখ কৰা পৰামৰ্শসমূহৰ বাবে ৩৩টা ৰূপায়ণৰ দিশ অনুসৰণ কৰাৰ দিহা দিয়ে। ইয়াৰ প্ৰতিটো দিশ কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ত দায়বদ্ধ স্পষ্ট গুণকৰ সৈতে প্ৰস্থ, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী ভাবে গঠন কৰা হৈছে। ই প্ৰগতিৰ বুজ ল’বলৈ ১২৫টাতকৈও অধিক পৰিমাপযোগ্য প্ৰদৰ্শন সফলতা সূচক প্ৰদান কৰে। প্ৰতিবেদনখনত সমগ্ৰ ভাৰতৰ কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত সু অনুশীলনৰ চমু ঘটনাৱলী অধ্যয়নো অন্তৰ্ভুক্ত কৰা হৈছে।
The full policy report can be accessed at: https://niti.gov.in/sites/default/files/2026-05/School-Education-System-in-India.pdf
সম্পূৰ্ণ নীতি প্ৰতিবেদন ইয়াত পাব পাৰিঃhttps://niti.gov.in/sites/default/files/2026-05/School-Education-System-in-India.pdf
***
MJPS/SS/PRK/DD
(ৰিলিজ আই ডি : 2259014)
অতিথি কক্ষ : 8