উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব ভাৰত আৰু মধ্যপ্ৰদেশক সংযুক্ত কৰি বস্ত্ৰশিল্প সম্পৰ্কীয় এক আন্তঃ আঞ্চলিক উদ্যোগ গ্ৰহণ
বহনক্ষম, শিল্পীকেন্দ্ৰিক বস্ত্ৰ পৰিতন্ত্ৰক প্ৰসাৰিত কৰিবলৈ এড়ি ৰেচম আৰু চাণ্ডেৰী পৰম্পৰাৰ সংমিশ্ৰণ
प्रविष्टि तिथि:
01 MAY 2026 8:43PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়(ড’নাৰ)-ৰ অধীনস্থ ‘উত্তৰ-পূব হস্তকলা আৰু হস্ততাঁত উন্নয়ন নিগম’-য়ে উত্তৰ-পূব ভাৰতৰ এড়ি (আহিমছা) ৰেচম পৰম্পৰাক মধ্যপ্ৰদেশৰ চহকী ‘চান্দেৰী’ বয়ন ঐতিহ্যৰ সৈতে একত্ৰিত কৰাৰ এক অনন্য আন্তঃ সাংস্কৃতিক বস্ত্ৰশিল্প পদক্ষেপ— ‘পদ্ম ড’ৰী’-ৰ আজি শুভাৰম্ভ ঘোষণা কৰে।
এই পদক্ষেপটো আনুষ্ঠানিকভাৱে মুকলি কৰে ড’নাৰ মন্ত্ৰালয়-ৰ সচিব সঞ্জয় জাজুৱে। ইয়াৰ পিছতে এটি মনোমোহা ফেশ্বন শ্ব’ অনুষ্ঠিত হয় যত নৈতিক আৰু বহনক্ষম উৎপাদনৰ বাবে বিখ্যাত—এড়ি ৰেচমৰ সৈতে চাণ্ডেৰী বস্ত্ৰশিল্পৰ জটিল মটিফ আৰু সূক্ষ্মতাৰ মিশ্ৰণৰ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা হয়।
এই উপলক্ষে ভাষণ দি শ্ৰী সঞ্জয় জাজুৱে কয় যে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’-ৰ দৃষ্টিভংগীয়েই পদ্ম ড’ৰী-ত পৰিস্ফূত হৈ উঠিছে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াৰ দূৰদৰ্শী নেতৃত্বত আজি বাস্তৱায়িত হৈছে এই নতুন পদক্ষেপ ৷
তেওঁ কয় যে পদ্ম ড’ৰী ব্যতিক্ৰম কাৰণ ই দুটা ভিন্ন বস্ত্ৰ পৰম্পৰা– মধ্যপ্ৰদেশৰ চান্দেৰী আৰু উত্তৰ-পূব ভাৰতৰ এড়ি ৰেচমৰ সহযোগিতাৰে গঢ়ি উঠিছে। শ্ৰী জাজুৱে কয় যে পদ্ম ড’ৰী-য়ে কেৱল ঐতিহ্যই নহয়, উদ্ভাৱনকো সংযোজিত কৰিছে।

উন্মোচনী অনুষ্ঠানত বস্ত্ৰশিল্পৰ বিকাশ আৰু ইয়াৰ আঁৰৰ সহযোগিতামূলক প্ৰক্ৰিয়াৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা এখনি প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। প্ৰদৰ্শনীখনত ভাৰতীয় বস্ত্ৰশিল্প, থলুৱা জ্ঞান ব্যৱস্থা, আৰু বহনক্ষম বিলাসীতা সম্পৰ্কীয় বিভিন্ন সমল প্ৰদৰ্শনৰ লগতে সমসাময়িক বজাৰত পৰম্পৰাগত কলাৰ প্ৰাসংগিকতাকো উন্মোচিত কৰা হয়।

আজিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া প্ৰদৰ্শনীখনক এক ইন্টাৰেক্টিভ আৰু বিকশিত মঞ্চ হিচাপে আৰ্হি কৰা হৈছে, যাৰ ফলত দৰ্শকে শিল্পীসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হ’ব পাৰিব, বস্ত্ৰ প্ৰক্ৰিয়াসমূহ বুজিব পাৰিব, আৰু সুতাৰ পৰা কাপোৰলৈ যাত্ৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।

উত্তৰ-পূব ভাৰত আৰু মধ্যপ্ৰদেশৰ শিপিনীসকলে এই প্ৰদৰ্শনীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি লাইভ প্ৰদৰ্শন আগবঢ়াইছে আৰু তেওঁলোকৰ শিল্প পৰম্পৰাৰ বিষয়ে অন্তৰ্দৃষ্টি সহভাগ কৰিছে। এই অনুষ্ঠানটোৱে আঞ্চলিক ৰন্ধন ঐতিহ্যকো সন্মিলিত কৰিছে, যিয়ে অংশগ্ৰহণকাৰী অঞ্চলসমূহৰ সাংস্কৃতিক সমৃদ্ধিক প্ৰতিফলিত কৰিছে।
উন্মোচনী অনুষ্ঠানত ভাষণ দি এন ই এইচ এইচ ডি চি-ৰ পৰিচালন সঞ্চালক মাৰা কোচোৱে কয়, “পদ্মা ড’ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সূতা পৰম্পৰা আৰু চান্দেৰীৰ হস্ততাঁতৰ ঐতিহ্যক একত্ৰিত কৰি এক সংহত আৰু বহনক্ষম বস্ত্ৰ পৰিতন্ত্ৰৰ সৃষ্টি কৰিছে।
অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক মুজাফ্ফৰ আলী, ড’নাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, মধ্যপ্ৰদেশ হেণ্ডলুম-ৰ বিষয়াসকলৰ লগতে এই পদক্ষেপৰ সৈতে জড়িত অন্যান্য গণ্যমান্য ব্যক্তি, আৰ্হিকাৰ, আৰু শিল্পীসকলে অংশগ্ৰহণ কৰে।



***
PS/KB
(रिलीज़ आईडी: 2258677)
आगंतुक पटल : 45