গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতত এআইক গণতান্ত্ৰিক কৰি তোলা

দেশজুৰি এআই সম্পদ, দক্ষতা, আৰু প্ৰযুক্তিৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰা

পোষ্ট কৰা হৈছে: 01 APR 2026 2:36PM by PIB Guwahati

বৰ্তমান দেশত ০৭ (সাত)টা কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল) আছে আৰু চণ্ডীগড়, দিল্লী, কামৰূপ (অসম), কলকাতা (পশ্চিম বংগ), ভোপাল (মধ্য প্ৰদেশ), পুনে (মহাৰাষ্ট্ৰ), আৰু হায়দৰাবাদ (তেলেংগানা)ত অৱস্থিত। ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি বৃদ্ধি আঁচনি (এনএফআইইএছ)ৰ অধীনত কেৰালা, ছত্তীশগড়, ওড়িশা, তামিলনাডু, বিহাৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত মুঠ ৮৬০.৩ কোটি টকা ব্যয়ৰে ০৭টা নতুন চিএফএছএল স্থাপনৰ অনুমোদন জনোৱা হৈছে। এতিয়ালৈকে নিজ নিজ ৰাজ্য চৰকাৰে ৰায়পুৰ (ছত্তীশগড়), খোৰ্ধা (ওড়িশা), আৰু চেংগালপট্টু (তামিলনাডু)ত ভূমি আবণ্টন দিছে। ইয়াৰ উপৰিও, ছাম্বাত (জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল) আন এটা চিএফএছএল মুঠ ব্যয় ৯৯.৯ কোটি টকাৰে অনুমোদন জনোৱা হৈছে।

বৰ্তমানৰ ০৭টা চিএফএছএল ৰাষ্ট্ৰীয় স্বীকৃতি ব’ৰ্ড ফৰ টেষ্টিং এণ্ড কেলিব্ৰেচন লেবৰেটৰী (এনএবিএল)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। পৰীক্ষাগাৰ এটা কাৰ্যক্ষম হ’লেহে স্বীকৃতি লাভ কৰে।

এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজ্যসভাত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বন্দী সঞ্জয় কুমাৰে।

 

*****

RK/RR/PR/SK/AG


(ৰিলিজ আই ডি : 2257597) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी