প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বুদ্ধ পূৰ্ণিমা উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে অষ্ট পথক প্ৰতিফলিত কৰি আগবঢ়ালে এটা সংস্কৃত সুভাষিতম
পোষ্ট কৰা হৈছে:
01 MAY 2026 9:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বুদ্ধ পূৰ্ণিমা উপলক্ষ্যে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে। ভগৱান বুদ্ধৰ আদৰ্শ বাস্তৱায়িত কৰাৰ দিশত এক দৃঢ় দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে বুদ্ধৰ চিন্তাই সমাজত আনন্দ আৰু একত্ৰিততাৰ মনোভাৱ গভীৰ কৰি তুলিব। তেওঁ লগতে সকলোকে এইবুলি আহ্বান জনায়- শান্তি, মমতা, সদিচ্ছাৰ পথত খোজ দিবলৈ অনুপ্ৰাণিত কৰা এই পবিত্ৰ অনুষ্ঠানত ভগৱান বুদ্ধৰ জীৱন মূল্যবোধ গ্ৰহণ কৰাৰ সংকল্প পুনৰাবৃত্তি কৰক।
এয়া সংস্কৃত সুভাষিতম আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গৌতম বুদ্ধৰ মতে যেতিয়া কোনো ব্যক্তিয়ে বুজি পায় যে ভিতৰত বা বাহিৰত কোনো স্থায়ী স্ব-অস্তিত্বশীল সত্তা নাই তথা যেতিয়া কোনো লোকে অষ্ট পথ, সঠিক দৃষ্টিভংগী, সঠিক অভিপ্ৰায় আৰু সঠিক আচৰণ অনুসৰণ কৰে, তেতিয়া তেওঁ দুখৰ পৰা মুক্ত হৈ পৰম শান্তি লাভ কৰে।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে-
"বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনালো। ভগৱান বুদ্ধৰ আদৰ্শ বাস্তৱায়িত কৰাৰ প্ৰতি আমাৰ দায়বদ্ধতা অতি শক্তিশালী। তেওঁৰ চিন্তাই আমাৰ সমাজত আনন্দ আৰু একেলগে থকাৰ মনোভাৱ গভীৰ কৰক।"
"সকলো দেশবাসীলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ । শান্তি, মমতা আৰু সদিচ্ছাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰা এই পবিত্ৰ অনুষ্ঠানত আহক আমি ভগৱান বুদ্ধৰ জীৱনৰ মূল্যবোধ গ্ৰহণ কৰাৰ সংকল্প পুনৰবাৰ লওঁ।"
नान्तर्बहिश्च लोकेषु त्वात्मानं दृष्टवान् क्वचित्।
आष्टाङ्गिकेन मार्गेण परमां शान्तिमाययौ॥"
গৌতম বুদ্ধৰ মতে যেতিয়া কোনো ব্যক্তিয়ে বুজি পায় যে ভিতৰত বা বাহিৰত কোনো স্থায়ী স্ব-অস্তিত্বশীল সত্তা নাই তথা যেতিয়া কোনো লোকে অষ্ট পথ, সঠিক দৃষ্টিভংগী, সঠিক অভিপ্ৰায় আৰু সঠিক আচৰণ অনুসৰণ কৰে, তেতিয়া তেওঁ দুখৰ পৰা মুক্ত হৈ পৰম শান্তি লাভ কৰে।
****
MJPS/PRK/DM
(ৰিলিজ আই ডি : 2257214)
অতিথি কক্ষ : 12