প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰ দিৱস উপলক্ষ্যে মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 01 MAY 2026 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ দিৱস উপলক্ষ্যে  মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

"মহাৰাষ্ট্ৰৰ মোৰ ভগ্নী-ভাইসকললৈ মহাৰাষ্ট্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ । মহাৰাষ্ট্ৰৰ সামাজিক জাগৰণ, সাংস্কৃতিক সমৃদ্ধি আৰু বিভিন্ন খণ্ডত নেতৃত্বৰ এক দীঘলীয়া ইতিহাস আছে। সাহিত্য, নাটক, সংগীত আৰু চিনেমাৰ পৰা আৰম্ভ কৰি উদ্যোগ, শিক্ষা, বিজ্ঞান আৰু জনসেৱালৈকে ৰাজ্যখনে ভাৰতৰ বিকাশত স্থায়ী অৱদান আগবঢ়াইছে। মহাৰাষ্ট্ৰৰ নিৰন্তৰ উন্নয়ন আৰু মহাৰাষ্ট্ৰৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছো।"

***

MJPS/PRK/DM


(ৰিলিজ আই ডি : 2257192) অতিথি কক্ষ : 13