পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

এটিএফ নিয়ামক আদেশৰ অধীনত চৰকাৰৰ

এছ এ এফ-ব্লেণ্ডেড বিমান ইন্ধন ৰপ্তানি

পোষ্ট কৰা হৈছে: 23 APR 2026 9:01PM by PIB Guwahati

চৰকাৰে ১৭ এপ্ৰিল, ২০২৬ তাৰিখে বিমান টাৰ্বাইন ইন্ধন (এ টি এফ) (বিপণন নিয়ন্ত্ৰণ) আদেশ, ২০০১ (এ টি এফ নিয়ামক নিৰ্দেশনা)ৰ সংশোধনীৰ বিষয়ে অধিসূচনা জাৰি কৰিছে।

এছ এ এফত বিশেষভাৱে প্ৰক্ৰিয়াকৃত বিমান গ্ৰেড হাইড্ৰ’কাৰ্বন থাকে, যিবোৰ ৰাসায়নিকভাৱে এ টি এফৰ সৈতে একে আৰু বিমানৰ ইঞ্জিনৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ। এছ এ এফে বিমান ইন্ধনৰ মৌলিক প্ৰকৃতি, সুৰক্ষা বা কাৰ্য্যক্ষমতাৰ পৰিৱৰ্তন নকৰে। বিমান পৰিবহণত ব্যৱহাৰ কৰিবলৈ এছ এ এফৰ বাবে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই (আই চি এ অ’) অনুমোদন জনোৱা এ এছ টি এম ইণ্টাৰনেশ্যনেল অনুসৰি বিমান ইঞ্জিনৰ বাবে এক কঠোৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়। এনে বিশদ প্ৰক্ৰিয়াৰ পিছতহে বিমান পৰিবহণত ব্যৱহাৰৰ বাবে এছ এ এফে অনুমোদন লাভ কৰে।

আইচিএঅ’ই স্বীকৃতি দিয়াৰ দৰে এছএএফ হৈছে শস্য, জৈৱিক অৱশিষ্ট আৰু পেলনীয়া সামগ্ৰীৰ দৰে বিকল্প উৎসৰ পৰা আহৰণ কৰা নৱীকৰণযোগ্য ইন্ধন আৰু ই জিএইচজি নিৰ্গমন যথেষ্ট হ্ৰাস কৰে। আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ পৰা নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে আইচিএঅ’ই ক’ৰ্চিয়া (Carbon Offsetting and Reduction Scheme for International Aviation) ৰূপায়ণ কৰিছে। ইয়াক ২০২৭ চনৰ পৰা ক’ৰ্চিয়াৰ বাধ্যতামূলক পৰ্যায় আৰম্ভ হয়, য’ত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই ভিত্তি স্তৰৰ ওপৰৰ নিৰ্গমন ক্ষতিপূৰণ দিব লাগিব। এছ এ এফৰ ব্যৱহাৰে এই অনিৰ্ধাৰিত প্ৰয়োজনীয়তাসমূহ কম কৰাত সহায় কৰিব পাৰে। এই বিশ্বজোৰা প্ৰয়োজনীয়তাক স্বীকাৰ কৰি চৰকাৰে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে এ টি এফত এছ এ এফ মিহলোৱাৰ বাবে সূচকৰ লক্ষ্য ঘোষণা কৰিছে। সেই অনুসৰি নিৰ্ধাৰিত লক্ষ্য হল- ২০২৭ চনত ১%, ২০২৮ চনত ২% আৰু ২০৩০ চনত ৫%।

পূৰ্বতে এটিএফক কেৱল বিআইএছৰ নিৰ্দিষ্টতা পূৰণ কৰা পেট্ৰলিয়াম ভিত্তিক ইন্ধন হিচাপে সংজ্ঞায়িত কৰা হৈছিল। এই সংশোধনে এই সংজ্ঞাটোক সম্প্ৰসাৰিত কৰি পেট্ৰলিয়াম শোধনাগাৰত আই এছ ১৫৭১ অনুসৰি এ টি এফৰ সৈতে সহযোগী প্ৰক্ৰিয়াকৰণ কৰা এছ এ এফ আৰু আই এছ ১৫৭১ অনুকূল এ টি এফৰ সৈতে মিহলি কৰা আই এছ ১৭০৮১ অনুকূল এছ এ এফ অন্তৰ্ভুক্ত কৰে।

ক’ৰ্চিয়াৰ অধীনত প্ৰয়োজনীয় এছ এ এফে কেৱল বৰ্তমানৰ বি আই এছৰ কঠোৰ গুণগত মানৰ নিৰ্দিষ্ট নীতিসমূহ পূৰণ কৰাই নহয় (যিবোৰ আন্তঃৰাষ্ট্ৰীয় নিৰ্দিষ্টকৰণৰ সৈতে সাদৃশ্যপূৰ্ণ) কিন্তু ক’ৰ্চিয়াৰ অৰ্হতাসম্পন্ন ইন্ধন (চি ই এফ) হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ ক’ৰ্চিয়াৰ বহনক্ষমতাৰ মাপকাঠীসমূহো পূৰণ কৰিব লাগিব। গতিকে এ টি এফ নিয়ন্ত্ৰণ নিৰ্দেশৰ এই সংশোধনী এই লক্ষ্যসমূহ কাৰ্যকৰী কৰাৰ বাবে এক সক্ষমতা প্ৰদানকাৰী ব্যৱস্থা।

বিশ্বজুৰি আন দেশসমূহেও একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইউৰোপীয় সংঘ আৰু যুক্তৰাজ্যই এছ এ এফ মিশ্ৰণৰ বাবে নিয়ম কাৰ্যকৰী কৰিছে। ইউৰোপীয় ইউনিয়নত ২০২৫ চনত এছ এ এফ মিশ্ৰণৰ নিয়ম ২%, ২০৩০ চনত ৬% আৰু ২০৫০ চনৰ ভিতৰত ৭০% কৰা হৈছে। ব্ৰিটেইনত ২০২৫ চনত ২%, ২০৩০ চনত ১০% আৰু ২০৪০ চনত ২২% নিয়ম প্ৰৱৰ্তন কৰা হৈছে। আমেৰিকাই উতপাদন উদগনিৰ জৰিয়তে এছ এ এফ উৎপাদনক প্ৰসাৰিত কৰিছে। জাপানেও ২০৩০ চনৰ ভিতৰত ১০% এছ এ এফৰ নিয়ম স্থাপন কৰিছে। ছিংগাপুৰত ২০২৬ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে ১% এছ এ এফৰ প্ৰয়োজন হ’ব, আৰু এই লক্ষ্য ২০৩০ চনৰ ভিতৰত ৩–৫% লৈ বৃদ্ধি পাব।

সেউজ ইন্ধনলৈ পৰিৱৰ্তনৰ বাবে ভাৰত সম্পূৰ্ণৰূপে দায়বদ্ধ। ইয়াৰ মূল উদ্দেশ্য হৈছে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা, এছ এ এফৰ দৰে বহনক্ষম ইন্ধনক প্ৰসাৰ কৰা, ঘৰুৱা উৎপাদন ক্ষমতা শক্তিশালী কৰা আৰু উদীয়মান বিশ্ব স্বচ্ছ শক্তি পৰিৱেশ তন্ত্ৰৰ মূল খেলুৱৈ হিচাপে দেশখন প্ৰতিষ্ঠা কৰা।

 

 

***

 

 

TM/KD


(ৰিলিজ আই ডি : 2255052) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati