উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মত বিনিময় কৰে


ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, গোৱা আৰু দিল্লীৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ-পূব ভাৰত ভ্ৰমণৰ অভিজ্ঞতা ভাগ-বতৰা কৰে

কাৰ্যসূচীয়ে যুৱ সংযোগ, সাংস্কৃতিক বুজাবুজি আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক সৱল কৰে

পোষ্ট কৰা হৈছে: 23 APR 2026 3:56PM by PIB Guwahati

উত্তৰ-পূব অঞ্চলৰ যোগাযোগ আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই যোৱা ২২ এপ্ৰিল তাৰিখে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ (এমড’নাৰ) এক গুৰুত্বপূৰ্ণ পদক্ষেপ “অষ্টলক্ষ্মী দৰ্শন – যুৱ বিনিময় কাৰ্যসূচী”ৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমত মত-বিনিময় কৰে। অনুষ্ঠানত সচিব শ্ৰী সঞ্জয় জাজু, যুটীয়া সচিব শ্ৰী নিৰাজ কুমাৰসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

 

এই কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী, এমড’নাৰে ক্ৰমে আইআইটি গুৱাহাটী, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বেচ–১৩, ১৪ আৰু ১৫ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে অৰ্থপূৰ্ণ মত-বিনিময় সম্পন্ন কৰে। ২০২৬ চনৰ ১৫ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ নিৰ্ধাৰিত এই বিনিময় কাৰ্যসূচীত ছত্তীশগড়, নতুন দিল্লী, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গোৱাৰ পৰা ২০ জনকৈ ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ ১০০ জন অংশগ্ৰহণ কৰে।

ড’নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী নিৰাজ কুমাৰে মুকলি ভাষণৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু তাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্য ভাষণ প্ৰদান কৰে। ইন্টাৰেক্টিভ অধিবেশনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ এক্সপ’জাৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু প্ৰতিফলনসমূহ সজীৱভাৱে ভাগ-বতৰা কৰে।

ছত্তীশগড়ৰ দুৰ্গৰ পৰা শ্ৰীমতী ৰাগিনী সাহুৱে বিভিন্ন স্থান ভ্ৰমণৰ অভিজ্ঞতাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে এনে এক্সপ’জাৰ ভ্ৰমণসমূহ অতি মূল্যৱান আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইয়াক অধিকভাৱে উৎসাহিত কৰা উচিত।

ছত্তীশগড়ৰ আন এজন অংশগ্ৰহণকাৰী শ্ৰীযুত হৰিশ কুমাৰ সাহুৱে প্ৰকাশ কৰে যে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ পিছত তেওঁ প্ৰকৃত অৰ্থত উপলব্ধি কৰিছে যে অঞ্চলটোক কিয় “অষ্টলক্ষ্মী” বুলি আখ্যা দিয়া হয়, যি ইয়াৰ সমৃদ্ধি আৰু বৈচিত্ৰ্যৰ এক জীৱন্ত প্ৰতীক।

নিজৰ অভিজ্ঞতা ব্যক্ত কৰি নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা শ্ৰীমতী ইফ্ৰা কাৱাই অঞ্চলটোৰ উষ্ণ আতিথ্যৰ আন্তৰিক শলাগ লয় আৰু এনইআৰৰ আতিথ্য ব্যৱস্থাপনা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰে।

তেওঁৰ ভ্ৰমণৰ অভিজ্ঞতা স্মৰণ কৰি মধ্যপ্ৰদেশৰ ভোপালৰ বৰকতুল্লা বিশ্ববিদ্যালয়ৰ শ্ৰীমতী শৈলী তিৱাৰীয়ে বায়ুসেনা ষ্টেচন ভ্ৰমণ, অসম ৰাইফলছৰ বিষয়াসকলৰ সৈতে মত-বিনিময়, টেৰেচ খেতি, বাঁহৰ ঘৰ আৰু বিভিন্ন জনজাতীয় সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ দৰে বহুতো সমৃদ্ধ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে।

নিজৰ অভিজ্ঞতাৰ প্ৰতিফলন হিচাপে ৰাজস্থানৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা বিকাশ বালি ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণক এক গভীৰভাৱে সমৃদ্ধিশালী অভিজ্ঞতা বুলি বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে এনইআৰক স্বচক্ষে অবলোকন কৰাৰ ফলত তেওঁ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য, সংস্কৃতি আৰু বৈচিত্ৰ্যৰ প্ৰতি গভীৰ শলাগ অনুভৱ কৰিছে, যাৰ ফলত এই অভিজ্ঞতা একেধাৰে অন্তৰ্দৃষ্টিপূৰ্ণ আৰু স্মৰণীয় হৈ পৰিছে।

 

 

আটাইতকৈ মনোমোহা পাৰস্পৰিক ক্ৰিয়া-কলাপসমূহৰ ভিতৰত এটা হিচাপে গোৱাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভালপয়ৰ শ্ৰীমতী দীক্ষা ডি গাওঁকাৰে নিজৰ অভিজ্ঞতাক স্মৰণীয় বুলি অভিহিত কৰে আৰু এনইআৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য, স্থানীয় মানুহ আৰু খাদ্যৰ প্ৰতি গভীৰ শলাগ প্ৰকাশ কৰে। তেওঁৰ সৈতে গোৱাৰ সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষাত এটি গীত পৰিবেশন কৰি অঞ্চলটোৰ সৈতে সাংস্কৃতিক প্ৰশংসা আৰু আৱেগিক সংযোগৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলে ভাগ-বতৰা কৰা অভিজ্ঞতাসমূহৰ আন্তৰিক শলাগ লৈ তেওঁলোকক নিজ নিজ ৰাজ্যত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্য সম্পাদন কৰিবলৈ উৎসাহিত কৰে। তেওঁ ৰাষ্ট্ৰীয় সংহতি, পাৰস্পৰিক সন্মান আৰু দেশৰ যুৱসমাজৰ মাজত ভাগ-বতৰা কৰা দায়িত্ববোধ শক্তিশালী কৰাৰ ক্ষেত্ৰত এনে বিনিময় কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।

তেওঁ পুনৰ উল্লেখ কৰে যে “অষ্টলক্ষ্মী দৰ্শন – যুৱ বিনিময় কাৰ্যসূচী”ৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে ছাত্ৰ-ছাত্ৰীসকলক উত্তৰ-পূব ভাৰতৰ প্ৰামাণিক সংস্কৃতি, মানুহ আৰু পৰম্পৰাৰ সৈতে সজীৱভাৱে পৰিচিত কৰি তেওঁলোকক ঐক্য আৰু সংহতিৰ ৰাষ্ট্ৰদূত হিচাপে গঢ়ি তোলা।

এমড’নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে সামৰণি ভাষণ প্ৰদান কৰি এই পদক্ষেপক সফল ৰূপে সম্পন্ন কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী, অংশীদাৰ প্ৰতিষ্ঠান আৰু সহযোগীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে এই কাৰ্যসূচীৰ সফল সম্পাদনে ৰাষ্ট্ৰীয় সংহতি আৰু যুৱসমাজৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ৰমবৰ্ধমান মানসিকতাক প্ৰতিফলিত কৰিছে। লগতে তেওঁ সকলো ছাত্ৰ-ছাত্ৰীলৈ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কাৰ্যসূচীৰ সময়ত আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতা আগুৱাই নিয়াৰ লগতে সমগ্ৰ দেশতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিবলৈ উৎসাহিত কৰে।

অষ্টলক্ষ্মী দৰ্শন – যুৱ বিনিময় কাৰ্যসূচী

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে শেহতীয়াকৈ মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত “অষ্টলক্ষ্মী দৰ্শন – যুৱ বিনিময় কাৰ্যসূচী” শীৰ্ষক এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছে। উত্তৰ-পূব পৰিষদ (এনইচি)ৰ দ্বাৰা ৰূপায়িত এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে আৱেগিক সংহতিৰ পোষণ, জনসাধাৰণৰ মাজত সংযোগ শক্তিশালীকৰণ, উত্তৰ-পূৰ্বাঞ্চল (এনইআৰ)ৰ বিষয়ে অধিক বুজাবুজি সৃষ্টি কৰা আৰু ভাগ-বতৰা কৰা দায়বদ্ধতাৰ এক শক্তিশালী অনুভূতি গঢ়ি তোলা। এই কাৰ্যসূচীত ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অংশগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে, য’ত ১৪ দিনীয়া নিমজ্জিত এক্সপ’জাৰ ভ্ৰমণ, শৈক্ষিক অধিবেশন, ঐতিহ্য ভ্ৰমণ আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপৰ জৰিয়তে যুৱসমাজৰ মাজত অৰ্থপূৰ্ণ সংযোগ, সাংস্কৃতিক প্ৰশংসা আৰু পাৰস্পৰিক বুজাবুজি বিকাশ কৰা হয়।

২০২৫ চনৰ ১ নৱেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই কাৰ্যসূচী ইতিমধ্যে উল্লেখযোগ্য সফলতা লাভ কৰিছে। ২০২৫–২৬ বিত্তীয় বৰ্ষত ১৫টা বেচৰ অধীনত মুঠ ৫৩০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি উত্তৰ-পূবৰ ৮খন ৰাজ্য ভ্ৰমণ কৰাৰ লগতে ১১খন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে সংযুক্ত হৈছে।

 

*****

PS/AA


(ৰিলিজ আই ডি : 2254903) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Gujarati