প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 18 APR 2026 11:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ কিছু আভাস শ্বেয়াৰ কৰিছে।

এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;

‘মহিলা সংৰক্ষণৰ বিৰোধিতা কৰি বিৰোধী দলসমূহে সংবিধান প্ৰণেতাসকলৰ চিন্তা-ধাৰাক অপমান কৰিছে। যিসকলে দেশৰ নাৰী শক্তিৰ স্বাভিমান আৰু আত্মসন্মানত আঘাত কৰে, তেওঁলোক মাতৃ, ভগ্নী আৰু কন্যাসকলৰ ক্ৰোধৰ পৰা সাৰি নাযাব।’

‘নাৰী শক্তি বন্দন আইনৰ সৈতে সম্পৰ্কিত সংশোধনী ভাৰতৰ মহিলাসকলক নতুন গতি প্ৰদান কৰাৰ বাবে এক মহাযজ্ঞ আছিল। কিন্তু কংগ্ৰেছ, টিএমচি, সমাজবাদী পাৰ্টি আৰু ডিএমকেৰ দৰে দলসমূহে ইয়াক কলিতে মোহাৰি পেলাইছিল।’

‘মই ব্যক্তিগতভাৱে আশা কৰিছিলো যে মহিলা সংৰক্ষণৰ ক্ষেত্ৰত কংগ্ৰেছে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰিব। কিন্তু তেওঁলোকে পুনৰ এই সুযোগ হেৰুৱালে।’

‘নাৰী শক্তি বন্দন আইনৰ বিৰোধিতা কৰাৰ এটা মূল কাৰণ হৈছে পৰিয়ালতান্ত্ৰিক দলসমূহৰ ভয়! তেওঁলোকে অনুভৱ কৰে যে যদি মহিলাসকল সবল হয়, তেন্তে তেওঁলোকৰ নেতৃত্ব ভাবুকিৰ সন্মুখীন হ’ব লাগিব।’

****

MJPS/SS/ST/NB


(ৰিলিজ আই ডি : 2253736) অতিথি কক্ষ : 6